“আছো থাকিম তোমাৰ স’তে”, “যিকণ পোৱা দুয়োয়ে ভগাম”; উঠি অহা প্ৰজন্মৰ দুটা চিনাকী নামৰ যুঁটিৰে মুক্তি লাভ কৰা এটি নতুন গীত। য’ত হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত “নেপোটিজিম” অথবা অইন কিছু নচলিবলগীয়া প্ৰসংগৰ চৰ্চা চলিছে তাতেই আকৌ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিতৌ সুন্দৰ প্ৰতিভাৰ আৱিৰ্ভাৱ ঘটা দেখিবলৈ পোৱা গৈছে। ইজনে আনজনক কৰা সহায়েৰে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ কৰা চেষ্টাবোৰে আচলতে সৃষ্টি হোৱা বিষয়বোৰক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলে। শেহতীয়াকৈ বৰ্ষা বৰা আৰু বিকি কলিতাৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি সুন্দৰ ৰোমান্টিক গীত “তোমাকে নাপালে”। “নিহাৰিকা” ৰ পিছতেই বিকি কলিতাৰ আহিবলগীয়া গীত হৈছে “তোমাকে নাপালে”; আনহাতে বৰ্ষা বৰাৰ কথাৰে কিছুদিন পূৰ্বে মুক্তিপাপ্ত ৰোমান্টিক গীত “তুমি নহ’লে” হয়টো পুনৰ বাৰ শ্ৰোতা-দৰ্শকৰ মাজত চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। গীতটিয়ে মুক্তিৰ পিছত লাভ কৰা জনপ্ৰিয়তা বৰ্তমানলৈ অব্যাহত হৈ আছে। গতিকে, এনেক্ষেত্ৰত উক্ত দুয়োগৰাকী কন্ঠশিল্পীৰ যুঁটীয়া কন্ঠৰে আহিবলগীয়া নতুন গীতটিক লৈ উৎসাহিতও প্ৰতিজন সংগীত প্ৰেমী জনসাধাৰণ।
“তোমাকে নাপালে” শীৰ্ষক এই গীতটিৰ কথাই আপ্লুত কৰি তুলিছে সকলোকে। এই গীতটিত কথা প্ৰশান্ত দাসৰ লগতে ইয়াত সংগীত পৰিচালনা বিকি কলিতাৰ। “তোমাকে নাপালে” শীৰ্ষক গীতটিত সংগীত দিছে কন্ঠশিল্পী বাবন বৰ্ণিলে। তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বৰ্ষা বৰাই কেৱল মাত্ৰ গীতত কন্ঠদান কৰাই নহয়; তেওঁ নিজে লিখা কিছু গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। আনহাতে, নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে বিকি কলিতাই অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নিৰ্দ্দিষ্ট ঠাই গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰা নিৰৱিচ্চিন্ন সাধনাই বৰ্তমান তেওঁৰো অনুৰাগীৰ সংখ্যা দীঘলীয়া কৰি তুলিছে। আহিবলগীয়া উক্ত গীতটিৰ মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা হোৱা নাই।

উল্লেখ্য যে, নৱপ্ৰজন্মৰ সৃষ্টি ইমানেই অধিক গ্ৰহণযোগ্য হৈ পৰিছে যে প্ৰতিষ্ঠিত প্ৰায় প্ৰতিগৰাকী সংগীতশিল্পীয়ে এতিয়া তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ। কৃত্ৰিমতাৰ মাজত কিছু সময় জনসাধাৰণক মনোৰঞ্জনৰ অৱকাৰ দিয়াত এতিয়া সফল নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকল।
Add comment