Rupaliparda.com
"এখন চলচিত্ৰ ছবি অঁকাৰ দৰেই যিখন ছবি জীৱন্ত"- অৰ্ণৱ জ্যোতি মহন্ত 1

“এখন চলচিত্ৰ ছবি অঁকাৰ দৰেই যিখন ছবি জীৱন্ত”- অৰ্ণৱ জ্যোতি মহন্ত

এগৰাকী পৰিচালক ৰূপে নিজক চিনাকী কৰোৱাবলৈ হ’লে বিভিন্ন বিষয়ত মনোনিৱেশ কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰে। আমি আপোনালোকৰ মাজলৈ হয়টো বহু দক্ষ অথবা প্ৰতিষ্ঠিত পৰিচালকৰ সাক্ষাৎকাৰো লৈ আনিছো। কিন্তু, শেহতীয়াকৈ মনোৰঞ্জন ক্ষেত্ৰখনত আটাইতকৈ বেছি পয়োভৰ দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্মৰ। প্ৰত্যেকখন ক্ষেত্ৰত তেওঁলোকে কৰা যোগদানে বৰ্তমান আপ্লুতও কৰিছে জনসাধাৰণক। অলপতে, জনসাধাৰণৰ মাজত চুটি ছবিৰ পৰিচালক ৰূপে চিনাকী লাভ কৰা নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীৰ নাম হৈছে অৰ্ণৱ জ্যোতি মহন্ত। বন্যপ্ৰাণী সমূহক লৈ থকা অত্যন্ত আগ্ৰহৰ বাবে বন্যপ্ৰাণী সংৰক্ষণ সংগঠনৰ সৈতে জড়িত এইগৰাকী নৱপ্ৰজন্মৰ পৰিচালকৰ জীৱনৰ প্ৰথমখন তথ্যচিত্ৰৰ নাম আছিল “পখিলা”। পৰিচালনা দিশটোৰ অ-আ, ক-খ নজনাকৈয়ে এই দিশটোৱে তেওঁক সাঙুৰি লৈছিল। পৰিচালনা দিশটোত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “সৰুৰে পৰা ফটোগ্ৰাফী কৰিছিলো মই, যিহেটো মোৰ দেউতাও এগৰাকী ফটোগ্ৰাফাৰ আছিল। পিছলৈ ২০১৭ চনৰ শেষৰ ফালে কলেজত থকা সময়ছোৱাত তেওঁলোকৰ ফালৰ পৰাই এখন চুটি ছবি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। য’ত মোৰ লগতে গৌৰাংগ দেউৰী, মঞ্জুস্না বুঢ়াগোঁহাই, আত্ৰেয় কাকতি, কংকনজ্যোতি ৰাজকুমাৰ, কৃষ্টিনা ভূঞাই লগ হৈ চুটি ছবি এখন নিৰ্মাণ কৰিছিলো আৰু এই চুটি ছবিখনে এই প্ৰতিযোগিতা খনত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেনেকৈয়ে সাহসকণ বুকুত বান্ধি মই পৰিচালনা দিশটোৰ আদিপাঠ শিকিবলৈ কাষ চাপিছিলো পৰিচালক সমুজ্জল কাশ্যপ দাদাৰ; তেওঁৰ সৈতেই মই কেইবাটাও প্ৰকল্পত সহঃপৰিচালনা দিশটোত জড়িত হৈছিলো; এইখিনিতে উল্লেখ্য যে, ২০১৯ চনত মই বঙালী ছবিত সহঃপৰিচালক ৰূপে কাম কৰিছিলো । তাত এটা অংশৰ বাবে যদিও কাম কৰিছিলো তথাপিও মই বহুখিনি শিকিবলৈ সক্ষম হৈছিলো।”

"এখন চলচিত্ৰ ছবি অঁকাৰ দৰেই যিখন ছবি জীৱন্ত"- অৰ্ণৱ জ্যোতি মহন্ত 2


আগলৈ তেওঁ কয় যে, “মই বিগত বৰ্ষত “সপ্তমী” নামে এখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছিলো এদিনতে। মোৰ খুবেই শ্ৰদ্ধাৰ দাদা মনোজ বৰকটকী আৰু বাইদেউ ৰঞ্জিতা বৰুৱাই চুটি ছবিখনত অভিনয় কৰিছিল; মোক পৰিচালনা দিশটোত আগবঢ়াই নিয়াত উৎসাহ যোগাইছে এই মনোজ বৰকটকী দাই।” এখন ছবি নিৰ্মাণ সাধাৰণতে ইমান সহজ নহয়; তেওঁ কি ভাবে বুলি কৰা প্ৰশ্ন উত্তৰত তেওঁ কয় যে, “চক্ৰেটিছে এষাৰ কথা কৈছিল যে, কষ্টৰ অবিহনে এগৰাকী মাতৃয়ে এটা সন্তান জন্ম দিব নোৱাৰে। মোৰ মতে, এখন চলচিত্ৰ নিৰ্মাতাগৰাকীৰ বাবে একোটা সন্তানৰ দৰে। গতিকে, নিশ্চিত ভাৱে চলচিত্ৰ নিৰ্মাণ আচলতে বৰ কষ্টকৰ কাম। কিন্তু, যদি সঠিক অধ্যয়ন থাকে; যদিহে নিৰ্মাতা গৰাকীৰ লক্ষ্যস্থিৰ থাকে তেতিয়াহ’লে মানুহে যিকোনো এটা কাম সহজে কৰিব পাৰে। এজন চলচিত্ৰ নিৰ্মাতাৰ কামেই হ’ল এটা কাহিনীক দৰ্শকৰ সমুখত পুংখানুপুংখভাৱে দাঙি ধৰা। এখন চলচিত্ৰ ছবি অঁকাৰ দৰেই যিখন ছবি জীৱন্ত আৰু যিখনক জীৱন্ত কৰি তুলিবলৈ পৰিচালকগৰাকীয়ে কষ্ট কৰিবলগীয়া হয়।”

"এখন চলচিত্ৰ ছবি অঁকাৰ দৰেই যিখন ছবি জীৱন্ত"- অৰ্ণৱ জ্যোতি মহন্ত 3


এগৰাকী পৰিচালক ৰূপে তেওঁৰ কেনে কাহিনীয়ে আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই এতিয়ালৈ তেনে ইমান ডাঙৰ পৰিচালক হোৱাগৈ নাই। তথাপিও মই এনে চলচিত্ৰ ভাল পাওঁ, যিখন চাই অস্বস্তি অনুভৱ নকৰো; লগা হ’লে সেইখন ৰোমান্টিকেই হওঁক অথবা চাচপেন্স থ্ৰীলাৰেই হওঁক।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত অৰ্ণৱে জনায় যে, “OTT প্লেটফৰ্ম ReelDrama ৰ বাবে মই মিউজিকেল ট্ৰেভেলগ এটা কৰি আছো যাৰ নাম হৈছে Road Beats। ইয়াৰ সমান্তৰালকৈ মই দুটা বেংগলী গীত কৰি আছো যি দুটা অতিশীঘ্ৰে ৰাইজৰ সমুখত মুক্তি লাভ কৰিব। এইখিনিতে মই আপোনালোকক জনাবলৈ পাই সুখী যে, ” MX player ত মুক্তিপাবলগীয়া এখন ৱেব চিৰিজৰ বাবে মই আহিবলগীয়া সময়ত Amritpal Sing Bohra ছাৰৰ সৈতে কাম কৰিম। আনহাতে, আমাৰ আন এখন চুটি ছবি Paused য়ে ইউটিউবৰ জৰিয়তে লাভ কৰিব মুক্তি। আৰু, চাওঁচোন কিমান দূৰ আগবাঢ়িব পাৰো। আপোনালোকৰ সঁহাৰি আমাৰ কাম্য।”

2 comments

Leave a Reply

The Ultimate Managed Hosting Platform