Rupaliparda.com
আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱঃ তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান "মঙহ দহাৰ গোন্ধ" লৈঃ 1

আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱঃ তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান “মঙহ দহাৰ গোন্ধ” লৈঃ

গুৱাহাটী চিনে ক্লাৱে শেহতীয়াকৈ ৫ দিনীয়াকৈ আয়োজন কৰা ১৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱৰ ইতিমধ্যে সমাপ্তি ঘটিছে। এই চলচিত্ৰ মহোৎসৱত আয়োজিত চুটি ছবি প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰূপে পৰিগণিত হয় নৱপ্ৰজন্মৰ পৰিচালক মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মিত “মঙহ দহাৰ গোন্ধ”। কিছুদিন পূৰ্বে চুটি ছবিখনৰ অনুষ্ঠিত কৰা হয় প্ৰথমটো স্ক্ৰীণিং। দুই শিশুৰ সৈতে এগৰাকী অকলশৰীয়া মাতৃৰ জীৱনযাত্ৰাক লৈ নিৰ্মিত এই চুটি ছবিখনে আকৌ এবাৰ দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে। কেতিয়াবা একাঘেয়ামিতাৰ পৰা বাহিৰ ওলাই জীৱনটো জীয়াবলৈ প্ৰত্যেকৰে মন যায়; নহয়নে? মোহ ওপজে নতুনত্বক লৈ, কিবা এটা নতুন কৰাৰ হেঁপাহত অথবা নতুন খাদ্য এটা খোৱাৰ হেঁপাহত যেতিয়া আপোনজনকেই হেৰুৱাবলগীয়া হয় তেতিয়া নিজেই সাঁজি উলিওৱা সৰু পৃথিৱীখন ক্ষন্তেকতে ভাঙি পৰে। মৃণাল ডেকাৰ “মঙহ দহাৰ গোন্ধ” তো ঠিক এনে এক কাহিনীৰেই সংযোজন আছিল; মূখ্য তিনিওটা চৰিত্ৰৰ মুখৰ ভংগিমাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অভিনয়ৰ দিশটো আছিল চুটি ছবিখনত মজবুত। আনহাতে, চুটি ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰৰ ক্ষেত্ৰতো প্ৰথমটো স্ক্ৰীণিঙত উপস্থিত প্ৰতিজন দৰ্শকেই প্ৰশংসা নকৰাকৈ থকা নাছিল। আচলতে, চুটি ছবিখনক জীৱন্ত কৰি তুলিছিল তাত অভিনীত নিচেই কণমানি শিশু অভিনেতা আদৱিক পি গগৈয়ে; শিশুটোৰ পৰা “অৰ্গেনিক এক্সপ্ৰেছন” উলিয়াই অনাত পৰিচালক গৰাকী আছিল সফল।

আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱঃ তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান "মঙহ দহাৰ গোন্ধ" লৈঃ 2


চুটি ছবিখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অসমীয়া জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী বৰা; এগৰাকী মাতৃৰ হিয়াৰ কান্দোন আৰু সন্তানৰ প্ৰতি থকা মোহ অথবা নতুনক জীয়াবলৈ থকা হেঁপাহক লগ লগাই তেওঁ যি উপস্থাপন কৰিছিল সেয়া সঁচাকৈ আছিল প্ৰশংসনীয়। মানস চাংগ্ৰাৰ কাহিনীৰে নিৰ্মিত চুটি ছবিখনক আৰতি ৰিলচৰ বেনাৰত প্ৰযোজনা কৰিছে আৰতি ৰিলচে আৰু ইয়াৰ সহঃ প্ৰযোজনা উষামণি গোস্বামীৰ। ইয়াত আন দুটি উল্লেখনীয় চৰিত্ৰত অভিনয় কৰিছে আদ্ৰিতী পি গগৈ আৰু বদলাৰয়্যণ সিনহাই। নৱপ্ৰজন্মৰ সৃষ্টিত থকা নতুনে এতিয়া দৰ্শককো বহু ক্ষেত্ৰত ভিন্ন সোঁৱাদ দিবলৈ সক্ষম হৈছে। চুটি ছবিখনত সংগীত দিছে ইবচন লাল বৰুৱাই লগতে চাউণ্ড ডিজাইনাৰৰ দায়িত্বত আছে দেৱজিৎ গায়ন আৰু ইয়াৰ সহঃ পৰিচালক হৈছে সত্যজিৎ লগতে নুপূৰ বৰুৱা। ডি.আই কালাৰিষ্ট ৰূপে আছে অসীম শৰ্মা আৰু ইয়াত চিনেমেটো’গ্ৰাফী কৰিছে বিতুল দাসে।

আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱঃ তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান "মঙহ দহাৰ গোন্ধ" লৈঃ 3


তৃতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰা চুটি ছবি “মঙহ দহাৰ গোন্ধ” আৰু পৰিচালক মৃণাল ডেকাক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform