Rupaliparda.com
"চিঁয়াহীৰ ৰং" ৰ প্ৰিমিয়াৰঃ উপস্থিত দৰ্শকৰ বহুল প্ৰশংসা- 1

“চিঁয়াহীৰ ৰং” ৰ প্ৰিমিয়াৰঃ উপস্থিত দৰ্শকৰ বহুল প্ৰশংসা-

আহিবলগীয়া সময়ৰ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত এখন অসমীয়া ছবিৰ নাম হৈছে “চিঁয়াহীৰ ৰং”। গুৱাহাটী চিনে ক্লাৱৰ দ্বাৰা আয়োজিত ১৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱত শেহতীয়াকৈ এই ছবিখনক প্ৰদৰ্শন কৰা হৈছিল ৰাইজৰ মাজত। কেইবাখনো উল্লেখনীয় গ্ৰন্থৰ লিখক তথা সূৰ্যাস্ত, সমীৰণ বৰুৱা আহি আছে, ধুনীয়া তিৰোতাবোৰ আদি ছবিসমূহৰ পৰিচালক প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনাৰে এই ছবিখনত আছে ৯০ দশকৰ আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ কাহিনী। অগ্ৰদূত কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনৰ দৈৰ্ঘ্য হৈছে ৮০ মিনিট। চেলুলয়ডৰ বাবে নিৰ্মিত এই ছবিখনত পৰিচালক গৰাকীয়ে সংযোজিত কৰিছে সংবাদ মাধ্যম আৰু ২৫ বছৰ ধৰি সাংবাদিকতা কৰা শশাংক চৌধুৰীয়ে সাংবাদিকতা জীৱনত লাভ কৰা মিঠা-তিঁতা অভিজ্ঞতাৰ কাহিনী। শেহতীয়াকৈ হোৱা ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত থাকি বিভিন্ন জনে ছবিখনক প্ৰশংসিত কৰাৰ লগতে সম্প্ৰতি সময়ৰ একাংশ সাংবাদিকৰ নৈতিক তথা সামাজিক দায়বদ্ধতাৰ দিশটোক প্ৰশ্ন কৰাৰ উপৰিও তেওঁলোকে কৰা কিছুমান কামৰ আঁসোৱাহ সমূহ আঙুলিয়াই দিয়াত সহায় কৰিছে ছবিখনে। এগৰাকী সাংবাদিকৰ কলমৰ পিঁয়লাৰে নিগৰি অহা শব্দত থকা অত্যন্ত জোৰ অথবা এগৰাকী সাংবাদিকৰ অৰ্থনৈতিক প্ৰত্যাহ্বান আদি বিভিন্নটা দিশক এই ছবিখনত সাৱলীলভাৱে উপস্থাপনত সক্ষম হৈছে পৰিচালক প্ৰদ্যুত কুমাৰ ডেকা।

"চিঁয়াহীৰ ৰং" ৰ প্ৰিমিয়াৰঃ উপস্থিত দৰ্শকৰ বহুল প্ৰশংসা- 2


ছবিৰ প্ৰযোজনা ৰ’জি বৰাৰ লগতে ইয়াত চিত্রগ্ৰহণ কৰিছে ৰাতুল বৰ্মনে ; সংগীত মলয় সুত্রধৰৰ তথা ছাউণ্ড ডিজাইন দীপক দত্ত আৰু বাবুল দাসৰ। আনহাতে ছবিখনত সম্পাদনাৰ দায়িত্বত আছে সঞ্জীৱ তালুকদাৰ। ছবিখনত কেইবাটাও মূল চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে যতীন বৰা, তৌফিক ৰহমান, অলক নাথ, বিদ্যুত কুমাৰ ভূঞা, মৃনাল দাস, মেলডি পাটগিৰি, দেৱীকা প্ৰিয়ম আৰু মুকুত নাথৰ লগতে কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। পৰিচালক গৰাকীৰ সৈতে হোৱা এক কথা-বতৰা যোগে যেতিয়া তেওঁক এগৰাকী সাংবাদিক কেনে হোৱা উচিত বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ নিজেই কৈছিল যে, “, “এজন সাংবাদিক কেনে হোৱাটো উচিত সেইটো মই ক’ব নোৱাৰো কিন্তু এজন সাংবাদিকৰ পৰা আমি “impartiality” আশা কৰো। তেওঁ “news”আৰু “views” প্ৰকাশ কৰোতে সতৰ্ক হোৱা উচিত। উত্তৰ পূৰ্বাঞ্চলত সাংবাদিকতা কৰাটো সিমান সহজ কথা নহয়; বিশেষকৈ সন্ত্ৰাস জৰ্জৰিত নব্বৈ দশকত। সেই সময়ত এজন সৎ সাংবাদিকৰ কি অভিজ্ঞা হৈছিল তাকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে “চিয়াঁহীৰ ৰং” ছবিখনত।”

"চিঁয়াহীৰ ৰং" ৰ প্ৰিমিয়াৰঃ উপস্থিত দৰ্শকৰ বহুল প্ৰশংসা- 3


ছবিখনৰ মুক্তিক লৈ অপেক্ষাৰত হৈ পৰিছে এতিয়া চলচিত্ৰ প্ৰেমী দৰ্শক। ৰূপালীপৰ্দাৰ তৰফৰ পৰাই ছবিখনৰ সৈতে জড়িত কলা-কুশলীক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform