মূকাভিনয় ক্ষেত্ৰখনক লৈ শেহতীয়াকৈ বহু নৱপ্ৰজন্মৰ ইচ্ছা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান এই মূকাভিনয় কলাটোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ স্বাৰ্থত একাংশ শিল্পীয়ে বহুল প্ৰচেষ্টা হাতত লোৱাও দেখিবলৈ পোৱা গৈছে। আাজিৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত আমি আপোনালোকৰ মাজত এগৰাকী কন্ঠশিল্পী অথবা কোনো চলচিত্ৰৰ অভিনেতা-অভিনেত্ৰীৰ সাক্ষাৎকাৰ লৈ অনা নাই। আজি আমি আপোনালোকৰ মাজলৈ লৈ আনিছো মূকাভিনয়ৰ বাবে ২০১৮ চনত সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰষ্কাৰ প্ৰাপ্ত কুলদীপ পাটগিৰিক। বিভিন্নখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মঞ্চত মাইম অৰ্থাৎ মুকাভিনয় প্ৰদৰ্শনেৰে দৰ্শকৰ হৃদয় জিনা কুলদীপে বিগত ২০০৮ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুকাভিনয় দলটোৰ প্ৰশিক্ষক ৰূপে আছে। তেওঁ প্ৰশিক্ষণত এই দলটোৱে East Zone Youth Festivals ত মুঠ ৭ বাৰকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কুলদীপৰ মূকাভিনয়ৰ যাত্ৰাৰ পৰা আৰম্ভ কৰি তেওঁৰ পৰিকল্পনা সমূহক লৈ আমি পাতিছিলো কিছু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ মূকাভিনয় ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?
কুলদীপ পাটগিৰিঃ প্ৰথমতে, আপোনালোকক মোক এই সুবিধাকণ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। মূকাভিনয়ৰ এই কলাটোৰ সৈতে মই সৰুৰ পৰা জড়িত। প্ৰায় ৭ মান বয়সত মই পাঠশালাত থকা নাটমণ্ডলত নাটক কৰিছিলো। কিন্তু যেতিয়া পিছলৈ মই বাতৰিকাকত সমূহ পঢ়িবলৈ জনা হ’লো তেতিয়া হঠাৎ “আছাম ট্ৰিবিউন” ত মই এখন ফটো দেখিলো য’ত এজন শিল্পীয়ে নিজ মুখমণ্ডলত বগা ৰং সানি ভংগিমা কৰি আছে। ফটোখনৰ প্ৰতি আকৃষ্ট হৈয়ে মই দেউতাক শিল্পী গৰাকীয়ে কি কৰি আছে বুলি প্ৰশ্ন কৰিছিলো; দেউতাই উত্তৰত মোক মূকাভিনয় বুলি কয় তেওঁ জনাইছিল যে ই এক এনে কলা য’ত শিল্পীয়ে মুখেৰে কথা নকয়; কেৱল শাৰীৰিক ভংগিমাৰে অভিনয় কৰে। সেইটো সময়ত দূৰদৰ্শনত Charlie Chaplin লগতে মাজে-সময়ে শিল্পী মইনুল হক ছাৰৰ প্ৰগ্ৰেম সম্প্ৰচাৰ কৰা হৈছিল। এই প্ৰগ্ৰেমবোৰ দেখি মই আকৰ্ষিত হোৱাৰ বাবেই এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ প্ৰথম কাষ চাপিছিলো শৈলেন কাকতি দাদাৰ; তেওঁ আছিল এই ক্ষেত্ৰখনৰ মোৰ প্ৰথম গুৰু। পিছলৈ, মোৰ ১২ বছৰ মান বয়সত বিশ্বনাথ চাৰিআলিত সদৌ অসম মইনা পাৰিজাত অনুষ্ঠিত কৰা হৈছিল; য’ত মই বৰপেটাক প্ৰতিনিধিত্ব কৰি প্ৰায় ২০০০ গৰাকী দৰ্শকৰ সমুখত মাইম প্ৰৰ্দশন কৰিছিলো। যদিও দৰ্শক সকলে কলাটোৰ বিষয়ে জনা নাছিল তথাপিও মই কৰা অভিনয়টো প্ৰশংসা কৰিছিল; তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে মই এই কলাটোৰ সৈতে জড়িত। গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহি মই শিষ্যত্ব গ্ৰহণ কৰিবলৈ সক্ষম হৈছিলো মইনুল হক ছাৰৰ; তেনেকৈয়ে জড়িত হৈ মই ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমবাসী ৰাইজৰ আশীবাৰ্দত মই ২০১৮ চনত ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হওঁ।

প্ৰশ্নঃ নৱপ্ৰজন্মক এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত আপুনি কি পদক্ষেপ গ্ৰহণ কৰিছে অথবা আগলৈ কৰিব?
কুলদীপ পাটগিৰিঃ আপুনি খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। মই নিজেই বিগত ১০ টা বছৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ যুৱ মহোৎসৱ দল তত্ত্বাৱধায়ক ৰূপে জড়িত; গতিকে মই নিজেও দেখিছো যুৱপ্ৰজন্মৰ মাজত মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰ আছে। কিন্তু যিসকল ল’ৰা-ছোৱালী কলেজ অথবা বিশ্ববিদ্যালয়ত অধ্যয়নৰত তেওঁলোকহে এই কলাটোক লৈ অৱগত কিয়নো তেওঁলোকৰ তাত মূকাভিনয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় গতিকে তেওঁলোকে জানে। যিবোৰ শিক্ষিত যুৱক-যুৱতী আছে তেওঁলোকৰ মাজত যে মূকাভিনয় জনপ্ৰিয়, মই সেই কথা নুই কৰিব নোৱাৰো। এইখিনিতে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলো অথবা সাংস্কৃতিক সম্পাদক হ’লো তেতিয়া আমি মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন কৰ্মশালা আয়োজন কৰিছিলো। য’ত বহুখিনি ল’ৰা-ছোৱালী আহি মাইম শিকিছিলে; এতিয়াও বহুখিনি গাঁৱে-ভূঞে “মাইম” কি বস্তু সেই বিষয়ে ৰাইজ অৱগত নহয়। সাধাৰণতে, মূকাভিনয় শিল্পটোৰ বিষয়বস্তু সমূহ প্ৰতীকাত্মক হয় গতিকে গাঁৱৰ ৰাইজৰ এই বস্তুটোক বুজাত আৰু অসুবিধা হ’লহেঁতেন; ইয়াৰ বাবে আমাৰ এটা দল Assam Mime and Skit Theatre Group য়ে লগ হৈ এক ব্যৱস্থা গ্ৰহণ কৰিলো। য’ত আমি ৰামায়ণ, লাচিত বৰফুকন আদি কিছু মানুহৰ মুখে মুখে চলি থকা কাহিনীক মূকাভিনয় আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলো আৰু ৰাইজৰ আশীবাৰ্দত আমি এনেকুৱা ঠাইতো মূকাভিনয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলো যিবোৰ ঠাইত হয়টো এতিয়ালৈ ৰাষ্টাই হোৱাগৈ নাই। আৰু, তাত ৰাইজেও এই মূকাভিনয় শিল্পটোক আদৰি লৈছে। মই ভাবো যে, আমাৰ মূকাভিনয়ৰ শিল্পীৰ সংখ্যা কম বাবেহে মূকাভিনয়ে বহুল হাৰত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই। কিন্তু পৰিকল্পিত ভাৱে আগবাঢ়িলে নিশ্চয় মূকাভিনয়ে প্ৰচাৰ লাভ কৰিব পাৰে। মোৰ মৰমৰ ভাইটি মিনাংক ডেকাইও ইন্টাৰনেটৰ যোগেৰে মূকাভিনয়ৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছো যিটো খুব ভাল লগা কথা।

প্ৰশ্নঃ আপোনাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?
কুলদীপ পাটগিৰিঃ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে, শিল্পী মই তিনিও কালৰ; অতীত, বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ। এই কবিতাৰ মাজতেই আচলতে সংজ্ঞাটো সোমাই আছে, “শিল্পী” হৈছে এনে এগৰাকী ব্যক্তি যি ব্যক্তিয়ে মানুহৰ জীৱনশৈলীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। আৰু মোৰ মতে, শিল্পী সেইজনেই যিয়েই সমাজক কিবা এটা অৱদান আগবঢ়াব পাৰে। শিল্পীৰ প্ৰধান কাম এয়াই যে যিয়ে মনোৰঞ্জনৰ মূলকভাৱে সৱলীকৰণ কৰাৰ চেষ্টা কৰে। নিজ পৰিৱেশ্য কলাৰ মাজেৰে যিয়ে সমাজত থকা আঁসোৱাহ সমূহ দূৰ কৰাৰ চেষ্টা কৰে সেইজনেই হৈছে “শিল্পী”।

প্ৰশ্নঃ আপোনাৰ আহিবলগীয়া প্ৰকল্প সমূহৰ বিষয়ে জানিব বিচাৰিম
কুলদীপ পাটগিৰিঃ যিহেটো Assam Mime and Skit Theatre Group মোৰ আছে গতিকে সেইটো যোগেৰে আমি বহুখিনি পৰিকল্পনা হাতত লৈছো যে আমি মূকাভিনয় মহোৎসৱৰ আয়োজন কৰিম। মূকাভিনয় মহোৎসৱৰ মাজেৰে আমি মূকাভিনয় শিল্পী সমূহক উৎসাহিত কৰাৰ চেষ্টা কৰিম। লগতে, অসমৰ বিভিন্ন ঠাইত আমি নৱপ্ৰজন্মক মাইমৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কৰ্মশালাৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছো; আনহাতে, মূকাভিনয়ক উদ্দেশ্যি এখন কিতাপ প্ৰস্তুতিৰ কাম হাতত লৈছো যাৰ দ্বাৰা ৰাইজে মূকাভিনয় শিল্পটোনো কি সেয়া বুজি পোৱাত সহায় হ’ব। ইয়াৰ ইতিহাস আদিৰ বিষয়ে সকলোৱে বুজিবলৈ সক্ষম হ’ব; আনহাতে, মূকাভিনয় যিহেটো নাটকৰ এক অবিচ্ছেদ্য অংগ গতিকে মই আপোনালোকৰ পেজৰ দ্বাৰা ৰাইজলৈ এয়াই অনুৰোধ কৰিছো যে আমাৰ ইয়াত অনুষ্ঠিত নাটক সমাৰোহ সমূহত মূকাভিনয় শিল্পী সমূহক এটা সুবিধা প্ৰদান কৰক। West Bengal ত যিসমূহ নাট সমাৰোহ হয় তাত এদিনৰ বাবে মূকাভিনয় শিল্পী সমূহক সুবিধা প্ৰদান কৰা হয়; ঠিক তেনেদৰে আমাৰ অসমতো এনে এক ব্যৱস্থা প্ৰদান কৰিব লাগে। এনে কিছুমান পৰিকল্পনা আমি হাতত লৈছো; গতিকে আপোনালোকৰ সহায়-সঁহাৰিৰ আমাক যথেষ্ট প্ৰয়োজন হ’ব।

ৰূপালীপৰ্দাঃ ধন্যবাদ কুলদীপ পাটগিৰি; আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল।
কুলদীপ পাটগিৰিঃ ধন্যবাদ পাটগিৰি।
Add comment