Rupaliparda.com
"মুখাক লৈ কিছুমান কাম কৰিবলৈ লৈছো; নাটকৰ মুখাৰ প্ৰতি মোৰ বিৰাট আৰ্কষণ"- কিশোৰ ভৰদ্বাজ বৰুৱা 1

“মুখাক লৈ কিছুমান কাম কৰিবলৈ লৈছো; নাটকৰ মুখাৰ প্ৰতি মোৰ বিৰাট আৰ্কষণ”- কিশোৰ ভৰদ্বাজ বৰুৱা

অভিনয় ক্ষেত্ৰখনত নিজক সন্নিৱিষ্ট কৰাৰ অপাৰ ইচ্ছা তথা আগ্ৰহে একোজন প্ৰতিভাক প্ৰতিদিনেই তেওঁলোকক নিজৰ লক্ষ্যৰ প্ৰতি আগুৱাই লৈ গৈ থকা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ আগন্তুক পৰিকল্পনা সমূহৰ কথা শুনিলেই অৱশ্যে জনসাধাৰণ আগ্ৰহী হৈ গৈ থাকে। আমি প্ৰতিদিনেই ৰূপালীপৰ্দাৰ যোগেৰে একোজন নতুন নতুন প্ৰতিভাৰ বিষয়ে আপোনালোকক জনাই আহিছো; আজিও এনে এগৰাকী প্ৰতিভাক আপোনালোকৰ মাজলৈ লৈ আনিবলৈ প্ৰয়াস কৰিছো। এই অভিনেতা গৰাকীৰ এক প্ৰকল্পক কিছুদিন পূৰ্বে আমি দেখিবলৈ পাইছিলো; কিশোৰ ভৰদ্বাজ বৰুৱাৰ পৰিচালনা আৰু অভিনয়েৰে এখন চুটি ছবি “Childish” আমি উপভোগ কৰিছো। আহিবলগীয়া সময়ত, তেওঁৰ অভিনয়ৰ সোঁৱাদ কেইবাটাও প্ৰত্যাশিত প্ৰকল্পৰ সৈতে ল’বলৈ সক্ষম হ’ব দৰ্শকবৃন্দ। শেহতীয়াকৈ আমি পাতিছিলো, এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা কিশোৰ ভৰদ্বাজৰ সৈতে কিছু কথা; অভিনয়ৰ ক্ষেত্ৰত তেওঁৰ আৰম্ভণিৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত কিশোৰ ভৰদ্বাজে কয় যে, “চেগা চোৰোকাকৈ মনোৰঞ্জনৰ ক্ষেত্ৰখনত ২০১৬ চনৰ পৰাই জড়িত; ২০১৮ চনত NSD ৰ চিকিম কেন্দ্ৰৰ পৰা ওলোৱাৰ পাছত যিমানখিনি সুবিধা পাইছো সেই অনুপাতে নাটক চিনেমাৰ লগতে লাগি থাকিবলৈ যত্ন কৰিছো।”

"মুখাক লৈ কিছুমান কাম কৰিবলৈ লৈছো; নাটকৰ মুখাৰ প্ৰতি মোৰ বিৰাট আৰ্কষণ"- কিশোৰ ভৰদ্বাজ বৰুৱা 2
"মুখাক লৈ কিছুমান কাম কৰিবলৈ লৈছো; নাটকৰ মুখাৰ প্ৰতি মোৰ বিৰাট আৰ্কষণ"- কিশোৰ ভৰদ্বাজ বৰুৱা 3


এগৰাকী অভিনেতা ৰূপে কিশোৰ ভৰদ্বাজ বৰুৱাৰ কেনে ধৰণৰ চৰিত্ৰ ৰূপায়নৰ ইচ্ছা বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “অৱশ্যে, চিনেমা- নাটকৰ ধাৰাবোৰত আগতকৈ বহুতখিনি পাৰ্থক্য আহি পৰিছে; “কাষ্টিংগ ডাইৰেক্ট” (Casting director) ৰ ধাৰণাতো অহাৰ পাছত এগৰাকী অভিনেতাৰ শাৰীৰিক অবয়ৱ, ব্যক্তিত্ব চাইহে সম্প্ৰতি চৰিত্ৰবোৰ আগবঢ়োৱা হয়। সেই অনুপাতে, মোৰ চেহেৰা আৰু ব্যক্তিত্বৰে বিশ্বাসযোগ্যভাৱে তুলি ধৰিব পৰা যিকোনো চৰিত্ৰ কৰিবলৈ মই আগ্ৰহী।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত অভিনেতা গৰাকীয়ে কয় যে, “ক’ব নোৱাৰকৈয়ে, বিদ্যায়তনিক দিশতোৰ প্ৰতি মোৰ প্ৰবল ধাউতি এটা আছে; বৰ্তমানেও মই এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। চিনেমা নাটকৰ লগত জড়িত তাত্বিক দিশবোৰৰ প্ৰতি মোৰ দুৰ্বলতা আছে; বিশেষকৈ নাটকৰ ক্ষেত্ৰখনত পৰিৱেশনত যিমান গুৰুত্ব দিয়া হয়, তাত্বিক দিশবোৰত তাতকৈ কম গুৰুত্ব দিয়া যেন লাগে। পাশ্চাত্য নাটকৰ আৰ্হিত নাটকবোৰ অসমত কৰি থকা হয় যদিও অসমীয়াত তত্ববোৰ পঢ়িবলৈ নাই; ইয়াক লৈ অলপ কাম কৰিবলৈ চেষ্টা কৰিম। কিবা এটা ইতিমধ্যেই মনতে জুঁকিয়াই থৈছো। শেহতীয়াকৈ, মুখাক লৈ কিছুমান কাম কৰিবলৈ লৈছো; নাটকৰ মুখাৰ প্ৰতি মোৰ বিৰাট আৰ্কষণ । কেইদিন মানৰ আগতে এটা সৰু পাৰ্ফৰমেঞ্চ মই আৰু বন্ধু এজনে মুখা লৈয়ে কৰিলো যদিও ইয়াক আৰু অলপ বহলকৈ জনসাধাৰণৰ মাজত উলিয়াই দিয়া মন আছে।”

"মুখাক লৈ কিছুমান কাম কৰিবলৈ লৈছো; নাটকৰ মুখাৰ প্ৰতি মোৰ বিৰাট আৰ্কষণ"- কিশোৰ ভৰদ্বাজ বৰুৱা 4
"মুখাক লৈ কিছুমান কাম কৰিবলৈ লৈছো; নাটকৰ মুখাৰ প্ৰতি মোৰ বিৰাট আৰ্কষণ"- কিশোৰ ভৰদ্বাজ বৰুৱা 5

আগলৈ তেওঁ কয় যে, “বাকী, আহিবলগীয়া ছবি “জীৱনৰ সন্ধান” ক লৈ ৰৈ আছো; ইয়াত মোক দৰ্শকে এটা গুৰুত্ব পূৰ্ণ চৰিত্ৰত দেখা পাব । আনহাতে, নিবিড় আকাশ বৰুৱাৰ দ্বাৰা পৰিচালিত “Swansong” নামৰ চুটি ছবি এখনতো দৰ্শকে মোক দেখিবলৈ পাব।” আগন্তুক প্ৰতিটো পৰিকল্পনা আৰু প্ৰয়াসৰ বাবেই জনসাধাৰণৰ সমুখত বৰ্তমান কিশোৰ ভৰদ্বাজ বৰুৱাক অধিক গ্ৰহণযোগ্য কৰি তুলিছে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform