Rupaliparda.com
পৱিত্ৰ ৰাভা আৰু "Brocken Spectre"; সমাজলৈ বাৰ্তা প্ৰেৰণৰ অৰ্থে অধিৰাজ কাশ্যপৰ তথ্যচিত্ৰঃ 1

পৱিত্ৰ ৰাভা আৰু “Brocken Spectre”; সমাজলৈ বাৰ্তা প্ৰেৰণৰ অৰ্থে অধিৰাজ কাশ্যপৰ তথ্যচিত্ৰঃ

আমাৰ সমাজত প্ৰায়ে কিছুমান ব্যক্তিবিশেষক দেখিলেই এক অন্য ধৰণে তেওঁলোকক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ একোটা নাম থকা স্বত্বেও এক “নাম” দিয়া হয়; কম উচ্চতাসম্পন্ন ব্যক্তি অৰ্থাৎ সাধাৰণতে আমি তেওঁলোকক এটা নাম দিওঁ যিটো হ’ল “বাওঁনা”। এইলোক সকলক প্ৰায়ে ভিন্ন জনৰ উপলুঙাই এনেদৰে ব্যতিব্যস্ত কৰে যেন তেওঁলোক একপ্ৰকাৰ প্ৰশ্নস্বৰূপ হৈ পৰে সকলোৰে বাবে। এনে অনাদৃত তথা অৱহেলিত একাংশই যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যখনক গৌৰন্বিত কৰে তেতিয়া অৱশ্যেই আমি প্ৰত্যেকেই উৎসাহিত হওঁ অথবা তেওঁলোকৰ বিষয়ে কথা পাতিবলৈ উত্ৰাৱল হওঁ। ওদালগুৰি টংলা চহৰৰ অন্তৰ্গত জলাহ গাওঁত বিগত ২০০৩ চনতেই এক নতুন যুগৰ সূচনা কৰা হৈছিল। নেশ্বনেল স্কুল অৱ ড্ৰামাৰ পৰা পাছ কৰি অহা পৱিত্ৰ ৰাভা; হয়টো এই নামটোৰ সৈতে কেৱল মাত্ৰ “অভিনেতা” বুলিয়েই নহয়; তেওঁ হৈছে সমাজৰ এনে এগৰাকী ব্যক্তি যিগৰাকীয়ে সচৰাচৰ আমি একোখন নাটক তথা থিয়েটাৰত দেখিবলৈ পোৱা একোজন অভিনেতা- অভিনেত্ৰীৰ দৈহিক গঠনতকৈ কিছু ব্যতিক্ৰমৰ প্ৰয়াসেৰে একোজন অভিনেতা-অভিনেত্ৰীক আমাৰ মাজলৈ লৈ আনিছে। তেওঁৰ তত্ত্বাৱধানত বিগত ২০০৩ বৰ্ষত গঠন হৈছিল এটা সংগঠন “দাপোন- ডা মিৰ’ৰ”। সাধাৰণ মনুষ্যত্বৰ মানসিকতাৰে যদি আমি আগবাঢ়ো তেতিয়াহ’লে সমাজখনৰ কেনে এক পৰিৱৰ্তন হ’ব পাৰে তেনে সংক্ষিপ্ত কথাৰে পৱিত্ৰ ৰাভাই নিজ গাওঁখনতেই সৃষ্টি কৰিছিল “দাপোন”। ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা কম উচ্চতাসম্পন্ন তথা প্ৰতিভাৰে পৰিপূৰ্ণ একাংশ লোকক তেওঁ নিজৰ এই সংগঠনত সাঙুৰি ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ঠাইত থিয়েটাৰ প্ৰদৰ্শনেৰে প্ৰশংসা লাভ কৰিছে।

https://youtu.be/H2qMpEuP-w4

পৱিত্ৰ ৰাভা আৰু "Brocken Spectre"; সমাজলৈ বাৰ্তা প্ৰেৰণৰ অৰ্থে অধিৰাজ কাশ্যপৰ তথ্যচিত্ৰঃ 2


এইগৰাকী ব্যক্তি তথা তেওঁৰ এই সৃষ্টিৰ আঁৰ লৈয়ে FTII ৰ ছাত্ৰ অধিৰাজ কাশ্যপে নিৰ্মাণ কৰি উলিয়াইছিল এখন তথ্যচিত্ৰ “Brocken Spectre”। এই তথ্যচিত্ৰখনৰ প্ৰযোজনা শেৱালী চৌধুৰীৰ; লগতে, তথ্য চিত্ৰখনৰ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে মুকুল লহকৰ। সম্পাদনা ভৱেশ বৈশ্যৰ আৰু অডিঅ’গ্ৰাফীৰ দায়িত্বত আছে ফাৰুক ইকবাল। এক কথাত ক’বলৈ গ’লে, উক্ত তথ্যচিত্ৰখনে প্ৰতিজন দৰ্শকক পৱিত্ৰ ৰাভাৰ বিষয়ে পুংখানুপুংখভাৱে জনোৱাৰ সমান্তৰালকৈ তেওঁৰ অৱদান সমূহৰ সৈতে প্ৰত্যেককে চিনাকী কৰি দিছে। পৱিত্ৰ ৰাভাই তেওঁৰ “দাপোন” ৰ সৈতে জড়িত সদস্যসকলক যে কেৱল মাত্ৰ মনোৰঞ্জন দিশটোৰ সৈতেই নহয়; শিল্পী গৰাকীয়ে এওঁলোকক সেউজ বিপ্লৱ কৰাৰ সমান্তৰালকৈ স্বাৱলম্বীও কৰি তুলিছে। সেইবাবেই হয়টো এই গোষ্ঠীটোৰ প্ৰতিগৰাকী সদস্যৰ বাবে পৱিত্ৰ ৰাভা হৈছে এগৰাকী ভগৱানতুল্য ব্যক্তি। তথ্যচিত্ৰখনৰ জৰিয়তে সমাজলৈ প্ৰদান কৰা বাৰ্তাসমূহে অধিৰাজ কাশ্যপৰ এই তথ্যচিত্ৰখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। আনহাতে, তথ্যচিত্ৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহ সমূহতো লাভ কৰিছে মনোনয়ন তথা চৰ্চা।

পৱিত্ৰ ৰাভা আৰু "Brocken Spectre"; সমাজলৈ বাৰ্তা প্ৰেৰণৰ অৰ্থে অধিৰাজ কাশ্যপৰ তথ্যচিত্ৰঃ 3

সমাজত এনে এগৰাকী ব্যক্তিৰ প্ৰয়োজন আমি প্ৰতিটো সময়ত অনুভৱ কৰো। পৱিত্ৰ ৰাভাৰ পৰিকল্পনা আৰু আগন্তুক কালছোৱাত পৰিচালক ৰূপে অধিৰাজ কাশ্যপক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform