Rupaliparda.com
বেদব্ৰত বৰা আৰু য়াশাশ্ৰী ভূঞাৰ যুঁটিৰে আকৌ নতুন ভিডিঅ'; যুঁটিটোক লৈ উৎসাহিত দৰ্শকঃ 1

বেদব্ৰত বৰা আৰু য়াশাশ্ৰী ভূঞাৰ যুঁটিৰে আকৌ নতুন ভিডিঅ’; যুঁটিটোক লৈ উৎসাহিত দৰ্শকঃ

মনোৰঞ্জন ক্ষেত্ৰখনৰ একাংশ যুঁটিয়ে আমাক উৎসাহিত কৰা দেখিবলৈ পোৱা যায়। এনে লাগে যেন; প্ৰকল্পসমূহত তেওঁলোক একেলগে থাকিলেহে ভাল লাগিব, তেনে অনুভৱ হয়। এই যুঁটিবোৰ একাংশ অভিনেতা-অভিনেত্ৰীৰ মাজৰো হ’ব পাৰে অথবা একোগৰাকী পৰিচালক আৰু অভিনেতা-অভিনেত্ৰীৰো হ’ব পাৰে। আমি প্ৰায়ে এনে বহু উদাহৰণ ক্ষেত্ৰখনত লাভ কৰিছো। “ভালটো মই তোমাকে পাওঁ But he is my Bestfriend” বুলি জনসাধাৰণক আকৰ্ষণ কৰা এই যাত্ৰা এতিয়া “its too late” লৈ অব্যাহত আছে। আৰু, এই চুটি চুটি ভিডিঅ’সমূহত অভিনীত দুগৰাকীকৈ নৱপ্ৰজন্মৰ প্ৰতিভা ক্ৰমে বেদব্ৰত বৰা আৰু য়াশাশ্ৰী ভূঞাৰ যুঁটিটোৱে এতিয়া আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে দৰ্শকক। তেওঁলোকৰ ভিডিঅ’ সমূহ মুক্তিৰ পিছত জনসাধাৰণৰ তৰফৰ পৰা লাভ কৰা সঁহাৰি, সমাদৰ তথা তেওঁলোকৰ চচিয়েল মিডিয়া পোষ্টসমূহত দেখিবলৈ পোৱা এই ভিডিঅ’ ক্লিপবোৰেই উক্ত যুঁটিটোৰ জনপ্ৰিয়তা নিৰ্ণয় কৰে। তেওঁলোকৰ অভিনয়ৰে মুক্তি লাভ কৰা শেহতীয়া ভিডিঅ’ “its too late” তটো এতিয়া দৰ্শকৰ সমাদৰ পৰিলক্ষিত হৈছে। মনোৰঞ্জন ক্ষেত্ৰখন যে বৰ্তমান সঁচাকৈ একোজন এনে প্ৰতিভা অন্তৰ্ভূক্তি হৈছে যিসকলক মনোৰঞ্জন প্ৰদানৰ বাবদ এতিয়া ঘন্টাৰ পিছত ঘন্টাযোৰা সময়ৰ প্ৰয়োজন নহয়; তেওঁলোকে আমোদ প্ৰদান কৰিবলৈ সক্ষম হয় মাত্ৰ কেইটামান মিনিটতে।


বৰ্তমান কটন বিশ্ববিদ্যালয়ত স্নাতক বৰ্ষৰ প্ৰথমটো ষান্মাষিকৰ ছাত্ৰী য়াশাশ্ৰী সৰুৰ পৰা নাটকৰ সৈতে জড়িত হোৱাৰ সমান্তৰালকৈ বেদব্ৰত বৰাও সৰুৰ পৰাই একাংকিকা নাটত অভিনয় কৰি গৈছিল আৰু পিছতেই অভিনেতা গৰাকীয়ে এনে একাংশ ভিডিঅ’ প্ৰস্তুতিৰ সৈতে জড়িত হৈ পৰিছে। এই যুঁটিটো অৰ্থাৎ য়াশাশ্ৰী আৰু বেদব্ৰতৰ অভিনয়েৰে সদ্যমুক্তিপ্ৰাপ্ত “its too late” ভিডিঅ’টোৰ দৈৰ্ঘ্য হৈছে মাত্ৰ ৬ মিনিট। এই ৬ মিনিট দৈৰ্ঘ্যৰ ভিতৰত দুইগৰাকী প্ৰতিভাৰেই অভিনয়ৰ দক্ষতা বুজিব পৰা যায়। উল্লেখ্য যে, JJAM Entertain ত মুক্তি লাভ কৰা এই ভিডিঅ’টোত য়াশাশ্ৰী আৰু বেদব্ৰতৰ উপৰিও অভিনয় কৰিছে বিনোদ আৰ্জেল আৰু কৌশিক শৰ্মাই। এইখিনিতে, আপোনালোকেও হয়টো অনুভৱ কৰিব পাৰিছে যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন এতিয়া পূৰ্বতকৈ অধিক ঠন ধৰি উঠিছে; আৰু ইয়াৰ কাৰণ ৰূপে আছে এনেই কিছুমান প্ৰতিভা। যাৰ নিৰৱিচ্চিন্ন প্ৰয়াসৰ বাবে আমি প্ৰতিজন দৰ্শক উৎকন্ঠিত হৈ থাকো আৰু তেওঁলোকৰ ন-ন প্ৰকল্পৰ বাবে অপেক্ষাৰত হৈ পৰো।

বেদব্ৰত বৰা আৰু য়াশাশ্ৰী ভূঞাৰ যুঁটিৰে আকৌ নতুন ভিডিঅ'; যুঁটিটোক লৈ উৎসাহিত দৰ্শকঃ 2


আহিবলগীয়া সময়ত য়াশাশ্ৰী আৰু বেদব্ৰতৰ যুঁটিৰে আৰু কেনে ভিডিঅ’য়ে জনসাধাৰণক আকৰ্ষণ কৰিব সেয়া হ’ব লক্ষ্যণীয়। তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform