Rupaliparda.com
ক'ৰোণাৰ পৰা মুক্ত ৰণৱীৰ কাপুৰঃ সূস্থ থকাৰ খবৰ দিলে এনেদৰে! 1

ক’ৰোণাৰ পৰা মুক্ত ৰণৱীৰ কাপুৰঃ সূস্থ থকাৰ খবৰ দিলে এনেদৰে!

বিগত কিছু দিন ক’ৰোণাৰ প্ৰকোপে ব্যতিব্যস্ত কৰি তুলিছে মায়ানগৰী। ইজনৰ পিছত সিজনকৈ তাৰকা ক’ৰোণাৰ গ্ৰাসত সোমোৱাৰ সমান্তৰালকৈ তেওঁলোক কোৱাৰেন্টাইন হৈছে নিজ নিজ বাসগৃহতেই। ৰণৱীৰ কাপুৰৰ পৰা আৰম্ভ কৰি আমিৰ খান তথা মিলিন্দ সুমন, আৰ মাধৱান পৰ্যন্ত প্ৰত্যেকেই ক’ৰোণাৰ গ্ৰাসত সোমাই পৰিছিল। কিন্তু ক্ৰমাৎ সূস্থ হৈ উঠিছে অভিনেতা ৰণৱীৰ কাপুৰ; শেহতীয়াকৈ তেওঁৰ ভাইৰেল হোৱা ফটোৱে প্ৰকাশ কৰিলে এই খবৰ। অভিনেতা গৰাকী সূস্থ হোৱাৰ বাতৰি লাভ কৰি আচলতে বৰ্তমান উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগীও। ৰণৱীৰ কাপুৰক পৰিচালক আৰতি ছেট্টীৰ ঘৰৰ বাহিৰত দেখিবলৈ পোৱা গৈছিল; অভিনেতা গৰাকীয়ে মুখত মাস্ক পৰিধান কৰি তথা গাড়ীৰ ভিতৰত বহিয়ে তেওঁৰ বাবে অপেক্ষাৰত সাংবাদিকক জ্ঞাপন কৰিছিল হোলীৰ শুভকামনা। তেওঁৰ নিজৰ স্বাস্থ্যৰ খবৰো আচলতে প্ৰকাশ কৰে ঠিক তেনেদৰেই; যোৱা ৯ মাৰ্চ তাৰিখে ৰণৱীৰ কাপুৰৰ মাতৃ নিতু কাপুৰে এক পোষ্ট যোগে জনাইছিল যে নিজ পুত্ৰ ৰণৱীৰ কাপুৰৰ ক’ভিড ৰিজাল্ট পজিটিভ আহিছিল আৰু তেওঁ বাসগৃহত কোৱাৰেন্টাইন হৈ আছে।


আলিয়া ভাট আৰু ৰণৱীৰ কাপুৰ ব্যস্ত হৈ আছিল তেওঁলোকৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ ডাবিঙত; কিন্তু, যিহেতু অভিনেতা ৰণৱীৰ কাপুৰ ক’ৰোণা পজিটিভ হ’ল ফলত এই আটাইবোৰ স্তব্ধ হৈ পৰিছিল। ৰণৱীৰ কাপুৰ বাসগৃহত বন্দী হোৱা কালছোৱাত আলিয়া ভাটে ৰণৱীৰলৈ মনত পেলাই ভিন্ন ধৰণৰ পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.