ৰঙালী বিহুৰ বাবে শেহতীয়াকৈ নিজ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিজন শিল্পী, কলা-কুশলী। বিহু বুলিলেই সাতখন-আঠখন লাগি থকা অসমীয়ালৈ একোটা সুন্দৰ বিহুগীত উপহাৰ দিবলৈ এতিয়া চেষ্টা কৰিছে একোজন নৱপ্ৰজন্মই। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই চৰকাৰী পক্ষই চলিত বৰ্ষৰ বিহু উদযাপন হ’ব বুলি ঘোষণা কৰাৰ পাছতেই আচলতে এতিয়া প্ৰতি সাধাৰণ জন তথা সংগীতশিল্পী সমূহ উৎসাহিত হৈ পৰিছে। বিহুৰ মাজতেই মুকলি হ’বলগীয়া একোটা প্ৰকল্পৰ মাজৰেই এটা উল্লেখনীয় প্ৰকল্প হৈছে “জুলেমাই-জুলেদৈ”। ৰেপ অথবা EDM সংগীতৰ যিমানেই ঢৌ নুঠক কিয় আমি অসমীয়া একাংশৰ বাবে হিঁয়াৰ আমঠু হৈ ৰোৱা বিহু গীত সমূহে সদায় আমাৰ মনলৈ প্ৰশান্তি আনিবলৈ সক্ষম হয়। লখিমপুৰৰ কেইগৰাকী প্ৰতিভাৰ প্ৰচেষ্টাৰে উক্ত ঠাইডোখৰৰ থলুৱা বিহুগীতৰ সোঁৱাদ দিবলৈ এইবাৰ প্ৰচেষ্টা হাতত লৈছে এচামে। ঐতিহ্যমণ্ডিত লখিমপুৰৰ চিৰসেউজ থলুৱা বিহুগীতসমূহৰ সুৰ আৰু ঠাঁচ সমূহৰ এক সুকীয়া মাদকতা আছে; ব’হাগৰ বতৰত লখিমপুৰীয়া গৃহস্থৰ চোতাল জীপাল কৰি বিহুবলীয়া ডেকাৰ গা সাত-আঠখন কৰি ৰখা ‘জুলেমাই-জুলেদৈ’ এক নিভাঁজ থলুৱা বিহুগীত। আধুনিকতাৰ ধামমুখীয়াত ক্ৰমাৎ হেৰাই যাব অসমীয়া লোক-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই থলুৱা বিহুগীতসমূহ জীপাল কৰি ৰখাৰ প্ৰচেষ্টাৰে এই ৰঙালীতে টঙালি বান্ধি “জুলেমাই-জুলেদৈ” বিহুগীতটি বিহুবলীয়া ৰাইজলৈ আগবঢ়াই দি শ্ৰোতা-দৰ্শকৰ সমাদৰ আজুৰিবলৈ সক্ষম হৈছে।

এই নিভাঁজ থলুৱা বিহুগীতটোৱে বিহুবলীয়া ৰাইজৰ হৃদয় জয় কৰিব বুলি পূৰ্বৰে পৰা থকা বিশ্বাসত থিয় হৈছে গীতটিৰ সৈতে জড়িত কলা-কুশলী। উক্ত গীতটিত কন্ঠদান কৰিছে চূড়ামণি দত্ত আৰু দ্বীপজ্যোতি শইকীয়াই। সংগীত পৰিচালনা চূড়ামণি দত্তৰ নিজৰেই; আনহাতে, গীতটিত ঢোল বজাইছে দৰ্পন গগৈ আৰু তীৰ্থৰঞ্জন গগৈয়ে। তাল,গগনা, পেঁপা, ধূর্তঙ বজাইছে পিটি বৰাই, বাঁহী নিৰঞ্জন দাসৰ আৰু নেপথ্য শিল্পী তীৰ্থ ৰঞ্জন আৰু শুভম ধৰ। প্ৰযোজনাৰ দায়িত্বত আছে দ্বীপজ্যোতি শইকীয়া; বিহু গীতটিক বাণীবদ্ধ কৰা হৈছে Dreams Studio ত। শব্দ সংমিশ্ৰণ জিন্টু বৰদলৈৰ। ইতিমধ্যে বিহুগীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু এটি সৰু প্ৰমো’ মুকলি কৰি দিয়া হৈছে য’ত জনসাধাৰণৰো বহুল ইচ্ছা পৰিলক্ষিত হৈছে। বিগত বৰ্ষৰ ক’ৰোণা সন্ত্ৰাসে দিয়া মাধমাৰৰ ফলত অসমীয়াৰ আদৰ তথা চেনেহৰ বাপতি সাহোন বিহুটিক আদৰিবলৈও পৰা নাছিল কোনেও; যিসকলৰ যেনেদৰে সম্ভৱ তেনেদৰেই বাসগৃহত আৱদ্ধ হৈ থাকি ৰঙালী উদযাপন কৰা হৈছিল। কিন্তু চলিত বৰ্ষত বিহু অনুষ্ঠান তথা সভা সমূহ অনুষ্ঠিত হোৱা সম্ভৱপৰ হৈ উঠাত কন্ঠশিল্পী সমূহেও নিজক প্ৰস্তুত কৰি তুলিছে।
TRIP.TY ইউটিউব চেনেলত বিগত চাৰি তাৰিখে গীতটিয়ে লাভ কৰিছে মুক্তি। “জুলেমাই জুলেদৈ” ৰ সৈতে জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীক সমগ্ৰ বিহুপ্ৰেমী ৰাইজৰ লগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।
Add comment