Rupaliparda.com
ডিব্ৰুগড় গৱেষক ছাত্ৰ-ছাত্ৰীৰ সৌজন্যত গঢ় দিয়া "পথিক" ৰ অভূতপূৰ্ব প্ৰচেষ্টাঃ 1

ডিব্ৰুগড় গৱেষক ছাত্ৰ-ছাত্ৰীৰ সৌজন্যত গঢ় দিয়া “পথিক” ৰ অভূতপূৰ্ব প্ৰচেষ্টাঃ

সংগীত, এই শব্দটোত কেৱল মাত্ৰ মনোৰঞ্জন বুলিয়েই নহয়; সন্নিৱিষ্ট হৈ আছে এক প্ৰশান্তি, হিয়া-মন সিক্ত কৰি তোলা এক সুন্দৰ অনুভূতি। এই নিৰ্দ্দিষ্ট অনুভূতিৰ দ্বাৰা যদি সমাজ সংস্কাৰৰ দিশটোত আগবাঢ়ি যাব পাৰি তেতিয়াহ’লে আৰু অইন কি লাগে! এইখিনিতে, আপোনালোকক প্ৰতিদিনেই জনাই আহিছো নৱপ্ৰজন্মৰ প্ৰচেষ্টা; তেওঁলোকৰ সৃষ্টিত এনে এক গুণ দেখিবলৈ পোৱা গৈছে যিয়ে প্ৰতিটো মূহুূৰ্তত সাধাৰণ জনক উৎসাহিত কৰি ৰাখে। দুখীয়াৰ দুখ, প্ৰয়োজনৰ স্বাৰ্থত থিয় হ’বলৈ বিচৰা এনে বোৰ নৱপ্ৰজন্মৰ বাবেই আচলতে আমাৰ সমাজখন এতিয়াও ধনাত্মক বাৰ্তাৰে পৰিপূৰ্ণ হৈ আছে। সমাজলৈ অহা বিভীষিকা সমূহৰ সৈতে প্ৰতিদন্দ্বিতা কৰিবলৈ প্ৰতিদিনেই এনে নৱপ্ৰজন্মই কৰা প্ৰয়াস লেখতল’বলগীয়া। আপোনালোকৰ বাৰু মনত আছেনে? শিৱসাগৰস্থিত সংগীতশিল্পী খৰ্গেশ্বৰ বৰঠাকুৰৰ সৌজন্যত ১৯২৯ চনত গঢ় লৈ উঠা “সুৰ সমলয়” শীৰ্ষক এক অনুষ্ঠান; যি বানপীড়িতক সহায়ৰ অৰ্থে গঢ় লৈ উঠিছিল। সমান্তৰালকৈ, এই অনুষ্ঠানখনকে মনত লৈ শেহতীয়াকৈ নৱপ্ৰজন্মৰ এটা দলে গঢ় দিছে আন এক সংগঠন “পথিক”। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আয়োজিত এই সংগঠনটোৰ প্ৰধান উদ্দেশ্য এটাই; যিটো হৈছে “উৎকৃষ্ট সংগীত কিছু মহৎ উদ্দেশ্যৰ বাবে” (Good Music For Good Cause)।

ডিব্ৰুগড় গৱেষক ছাত্ৰ-ছাত্ৰীৰ সৌজন্যত গঢ় দিয়া "পথিক" ৰ অভূতপূৰ্ব প্ৰচেষ্টাঃ 2


২০১৮ চনত গঢ় লৈ উঠা এই সংগঠনটোৱে বাটে-বাটে অথবা ফুটপাথত সুন্দৰ সংগীত পৰিৱেশনৰ দ্বাৰা বানপীড়িত সকলৰ বাবে সাহায্য গ্ৰহণ কৰাৰ সমান্তৰালকৈ ই কৰ্কট ৰোগী সকলৰ বাবে অৰ্থৰ যোগান ধৰে। আনহাতে, একাংশ অৰ্থনৈতিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান প্ৰদানৰ স্বাৰ্থত “পথিকে” কৰা প্ৰচেষ্টাৰে অৰ্জন কৰা টকাৰ দ্বাৰা কিতাপ পত্ৰ প্ৰদান কৰা তথা আন একাংশ বৃদ্ধাবাসত জীৱন কটোৱা বৃদ্ধালৈ ভিন্ন সময়ত সহায়-সহযোগিতা আগবঢ়োৱাই হৈছে এই সংগঠনটোৰ মূখ্য লক্ষ্য। এখন সুন্দৰ মঞ্চৰ বিপৰীতে ফুটপাথত গীত প্ৰদৰ্শন কৰি প্ৰয়োজন থকা সকলৰ কাষ চপা এই নৱপ্ৰজন্মৰ দলটোৱে গঢ় দিয়া “পথিক” ক বৰ্তমান প্ৰত্যেকেই সঁহাৰি জনাইছে। শেহতীয়াকৈ এই দলটোৱে কাম আৰম্ভ কৰিছে “আপোনাৰ এখন কিতাপ আমাৰ এটি গান” নামে আন এক অভিযান; য’ত তেওঁলোকে নিজ নিজ গীত পৰিৱেশনৰ দ্বাৰা পিছপৰি ৰোৱা লগতে পঢ়িবলৈ ইচ্ছুক একাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে কিতাপৰ যোগান ধৰি আহিছে। উক্ত “পথিক” দলটোৰ চচিয়েল মিডিয়া পেজখনতে আপোনালোকে তেওঁলোকৰ কৰ্মৰাজিৰ এক খতিয়ান দেখিবলৈ পাব। উল্লেখ্য যে, এই সংগঠনটোৰ সৈতে উজনি অসমৰ বহু কলেজৰ ছাত্ৰ-ছাত্ৰসকলো সদস্য ৰূপে জড়িত হৈ আছে। নৱপ্ৰজন্মৰ এনে কৰ্মৰাজিয়ে আচলতে প্ৰত্যেককে উৎকন্ঠিত কৰি ৰখাত সক্ষম হয়।

ডিব্ৰুগড় গৱেষক ছাত্ৰ-ছাত্ৰীৰ সৌজন্যত গঢ় দিয়া "পথিক" ৰ অভূতপূৰ্ব প্ৰচেষ্টাঃ 3

আগন্তুক কালছোৱাত “পথিক” তথা ইয়াৰ সৈতে জড়িত প্ৰতিজন সদস্যৰ জয়যাত্ৰাৰ কামনা কৰিছে এতিয়া সাধাৰণজনে। এওঁলোকৰ এনে প্ৰচেষ্টাৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform