Rupaliparda.com
মাতৃ মলয়া গোস্বামীৰ সৈতে অতীত ৰোমন্থন নিশিতা গোস্বামীৰঃ 1

মাতৃ মলয়া গোস্বামীৰ সৈতে অতীত ৰোমন্থন নিশিতা গোস্বামীৰঃ

অতীত ৰোমন্থন অভিনেত্ৰী নিশিতা গোস্বামীৰ। মাতৃ মলয়া গোস্বামীৰ সৈতে এখন পূৰণি ফটো শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে কৰিলে অতীত ৰোমন্থন। মাতৃ মলয়া গোস্বামীয়ে কোনো সাক্ষাৎকাৰৰ অডিঅ’ ৰেকৰ্ডিং কৰি থকা সময়ত সৰুকালৰ নিশিতা গোস্বামীয়ে কাষতেই ৰৈ ফটোৰ বাবে প’জ দি থকা সময়ৰ এখন ফটো শ্বেয়াৰ কৰি জনসাধাৰণৰ পৰা প্ৰশংসা বুটলিছে এতিয়া অভিনেত্ৰী গৰাকীয়ে। ৬০-৭০ দশকৰ অসমীয়া চলচিত্ৰ জগতৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী তথা তেওঁৰ মাতৃৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বীমাক ৬ বছৰ বয়সতে দেখিবলৈ পোৱা গৈছিল “ৰাতি ফুলা ফুল” চিনেমাখনত। তাৰ পিছতেই ২০০২ চনত বাণী দাসৰ দ্বাৰা পৰিচালিত ছবি “মন” ৰ পৰাই অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ অনুৰাগী হৈ পৰে সমূহ দৰ্শক।মন, কাদম্বৰী, চুৰেণ চোৰৰ পুতেক, অধিনায়ক, মন যায়, ৰং, দীনবন্ধু, অস্তৰাগ, ধন কুবেৰৰ ধন, ৰামধেনু, ৰিচাং, মনে মোৰ কইনা বিচাৰে, জিলমিল জোনাক আদি ছবিত অভিনীত নিশিতা গোস্বামীক “ৰত্নাকৰ” ত শেষবাৰৰ বাবে অসমীয়া ছবিত দেখিবলৈ পোৱা গৈছিল। এই গৰাকী অভিনেত্ৰীয়ে অসমীয়া চলচিত্ৰ জগতত নিজৰ খুঁতি মজবুত কৰি থৈছে। নিশিতা গোস্বামীক বৰ্তমান ৰেঙণিযোগে সম্প্ৰচাৰিত ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ত দেখিবলৈ পোৱা যায়। উক্ত ধাৰাবাহিক খনে শেহতীয়াকৈ সম্পূৰ্ণ কৰিলে ২০০০ টা খণ্ড।

মাতৃ মলয়া গোস্বামীৰ সৈতে অতীত ৰোমন্থন নিশিতা গোস্বামীৰঃ 2
মাতৃ মলয়া গোস্বামীৰ সৈতে অতীত ৰোমন্থন নিশিতা গোস্বামীৰঃ 3


একালৰ জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামীক বৰ্তমানেও বহু প্ৰকল্পৰ সৈতে জড়িত হোৱা দেখিবলৈ পোৱা যায়। নৱপ্ৰজন্মৰ প্ৰকল্প সমূহৰ সৈতে মলয়া গোস্বামীৰ সক্ৰিয়তা সঁচাকৈ উপভোগ্য; আহিবলগীয়া সময়ত এই গৰাকী অভিনেত্ৰীক “জীৱনৰ সন্ধানত” নামে আন এখন ছবিত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.