Rupaliparda.com
চিন্ময়ৰ প্ৰথম প্ৰয়াস; নৱপ্ৰজন্মৰ দলটোৰ "তোমাৰ সুবাসে" লাভ কৰিছে সঁহাৰিঃ 1

চিন্ময়ৰ প্ৰথম প্ৰয়াস; নৱপ্ৰজন্মৰ দলটোৰ “তোমাৰ সুবাসে” লাভ কৰিছে সঁহাৰিঃ

সংগীত ক্ষেত্ৰখনত নিতৌ ততোধিক গীতৰ মুক্তি হোৱা আমি দেখিছো; মুক্তিপ্ৰাপ্ত এই গীতসমূহৰ ভিতৰত একাংশ এনে গীত আমি উপভোগ কৰিছো যিকেইটা নৱপ্ৰজন্মৰ প্ৰতিভাৰ প্ৰথম প্ৰচেষ্টা। আৰু, এই প্ৰথম প্ৰচেষ্টাতেই তেওঁলোকৰ গীতসমূহত শ্ৰোতা-দৰ্শকৰ ফালৰ পৰা লাভ কৰা সমাদৰো উল্লেখনীয়। আমি আচলতে সকলোৱে উমৈহতীয়াকৈ হ’লেও এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত। কাৰণ আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটি সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। ৰোমান্টিক গীত সমূহৰ নিজ এক সুকীয়া বৈশিষ্ট্য আছে, হৃদয় চুবলৈ সক্ষম হোৱা একোটা সংগীতক জনসাধাৰণে ইমান বেছি শ্বেয়াৰ কৰিবলৈ লয় যে ই ক্ষন্তেকতে ভাইৰেল ও জনপ্ৰিয় হৈ পৰে। প্ৰায়ে চচিয়েল মিডিয়াত কভাৰ প্ৰস্তুতকৰণৰ দ্বাৰা জনসাধাৰণৰ কাষ চপা চিন্ময়ৰ কন্ঠৰে শেহতীয়াকৈ ইউটিউবত মুক্তি লাভ কৰিছে তেওঁৰ প্ৰথমটো গীত “তোমাৰ সুবাসে”।


এই গীতটিত কথা পাৰ্থ প্ৰতিম শৰ্মাৰ লগতে ইয়াত কন্ঠদান কৰাৰ উপৰিও সুৰ কৰিছে চিন্ময়ে। সংগীত কপিল বড়োৰ আৰু বাঁহী সুনীল বড়োৰ। আনহাতে, আৰ্টৱৰ্ক আৰু ভিডিঅ’ কৰিছে চিৰঞ্জীৱ কলিতাই। প্ৰেম প্ৰেম লগা এক সুন্দৰ অনুভূতিৰ সৈতে গীতটিক লৈ শ্ৰোতাৰ কাষলৈ আনিবলৈ চেষ্টা কৰিছে উক্ত নৱপ্ৰজন্মৰ দলটোৱে; সুৰ, সংগীতৰ সমান্তৰালকৈ গীতটিৰ উপভোগ্য কথাই আকৰ্ষণ কৰিছে ভিন্ন সংগীত প্ৰেমী শ্ৰোতাক। গীতটিক উপভোগ কৰা প্ৰতিজন শ্ৰোতাই ধনাত্মক কমেন্ট কৰাৰ উপৰিও আহিবলগীয়া সময়ছোৱাত আকৌ একাংশ এনে গীতৰ মুক্তিৰ আশা প্ৰকাশ কৰিছে। যদিও সংগীতৰ ধাৰাৰ সাল-সলনি কৰা হৈছে, যদিও বৰ্তমানৰ কিছু সংগীতে নতুন ৰূপ লৈছে তথাপিও নৱপ্ৰজন্মৰ সৃষ্টিত বিশ্বাস ৰাখিয়ে একাংশই তেওঁলোকৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়।

চিন্ময়ৰ প্ৰথম প্ৰয়াস; নৱপ্ৰজন্মৰ দলটোৰ "তোমাৰ সুবাসে" লাভ কৰিছে সঁহাৰিঃ 2

চিন্ময়ৰ নিজ কন্ঠৰ লগতে উক্ত দলটোৱে আগন্তুক সময়ছোৱাত কেনে সৃষ্টিৰ সৈতে জনসাধাৰণৰ কাষ চাপিব সেয়া হৈছে লক্ষ্যণীয়। “তোমাৰ সুবাসে” গীতটিৰ বাবে তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform