Rupaliparda.com
"অনুৰাগ শইকীয়া দাক লগ পালো আৰু বিগত ৩ বছৰৰ পৰা মই তেওঁৰ সৈতেই কাম কৰি গৈ আছো"- অৰবিন্দ নেওগ 1

“অনুৰাগ শইকীয়া দাক লগ পালো আৰু বিগত ৩ বছৰৰ পৰা মই তেওঁৰ সৈতেই কাম কৰি গৈ আছো”- অৰবিন্দ নেওগ

মনোৰঞ্জন জগত খনত একোটা বিষয়ৰ কাৰিকৰী দিশটোৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো দিশত অসম তথা হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত সমানেই দপদপাই থকা একোজন অসমীয়াই প্ৰায় প্ৰতিটো মূহুৰ্ততে গৌৰম্বিত কৰেব জনসাধাৰণক। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি থকা একোজন অসম সন্তানে কৰা কামৰ প্ৰশংসা কেৱল ঘৰুৱা দৰ্শক বুলিয়েই নহয়; ই চাৰিওফালে চৰ্চা লাভ কৰিবলৈ সক্ষম হয়। বলীউডৰ কেইবাগৰাকীও জনপ্ৰিয় তাৰকাৰ সৈতে সংগীত, ৱেব চিৰিজ তথা চিনেমা ক্ষেত্ৰখনত কাম কৰিবলৈ সুবিধা লাভ কৰা এগৰাকী অসম সন্তান হৈছে অৰবিন্দ নেওগ। ৱেব চিৰিজ ক্ৰমে Gullak Season 1-2, Cheesecake, Panchayat, Mismatched, Unpaused, Operation MBBS Season 2 ত এগৰাকী বেকগ্ৰাউণ্ড স্কৰ শিল্পী তথা বেকগ্ৰাউণ্ড মিউজিক কম্পোজাৰ ৰূপে কৰ্ম সম্পাদন কৰা অৰবিন্দ নেওঁগ কেইবাখনো জনপ্ৰিয় হিন্দী ছবি ক্ৰমে Mulk, Article 15, Thappad ৰ উপৰিও তেওঁ শেহতীয়াকৈ জড়িত হৈছে পৰিণীতি চোপ্ৰা অভিনীত SAINA ছবিখনৰ সৈতে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে যেতিয়া তেওঁক মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “এই ক্ষেত্ৰখনৰ সৈতে স্কুলীয়া জীৱনৰ পৰাই জড়িত হৈছিলো; কিন্তু কলেজত পঢ়ি থকা সময়ত অৰ্থাৎ ২০১৩ বৰ্ষত মই ঠিৰাং কৰিলো যে মই পেছা হিচাপে এই ক্ষেত্ৰখনকেই ল’ম। গতিকে মই ২০১৫ চনত মুম্বাইলৈ আহি মিউজিক প্ৰডাকচনৰ উপযুক্ত শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত জনপ্ৰিয় ৰেকৰ্ডিং আৰু মিক্সিং ইঞ্জিনিয়াৰ দীপ গোস্বামী দাদাক লগ পাই ভালকৈ বস্তুবোৰ বুজিবলৈ সক্ষম হ’লো। পিছলৈ, অনুৰাগ শইকীয়া দাক লগ পালো আৰু বিগত ৩ বছৰৰ পৰা মই তেওঁৰ সৈতেই কাম কৰি গৈ আছো।”

"অনুৰাগ শইকীয়া দাক লগ পালো আৰু বিগত ৩ বছৰৰ পৰা মই তেওঁৰ সৈতেই কাম কৰি গৈ আছো"- অৰবিন্দ নেওগ 2


সংগীত পৰিচালনা আৰু বেকগ্ৰাউণ্ড স্কৰৰ মাজত কি পাৰ্থক্য বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “চিনেমা এখনৰ সংগীত পৰিচালক আৰু আৱহ সংগীত অৰ্থাৎ “বেকগ্ৰাউণ্ড স্কৰ” বিষয়টো একেবাৰে ভিন্ন। যিগৰাকী ব্যক্তিয়ে ছবি এখনৰ সংগীত কৰে; তেওঁক সংগীত পৰিচালক বুলি কোৱা হয়। আনহাতে এগৰাকী বেকগ্ৰাউণ্ড স্কৰ কম্পোজাৰ হ’ল সেইগৰাকী ব্যক্তি যিয়ে এখন ছবিৰ কাহিনীভাগ কোনটো অনুভূতিক লৈ ধাৱমান হ’ব তাক নিশ্চিত কৰে। প্ৰয়োজনুসৰি সুখ, দুখ আদি অনুভূতিক লৈ বেকগ্ৰাউণ্ডত কি বজোৱা হ’ব তাক নিশ্চিত কৰে এগৰাকী বেকগ্ৰাউণ্ড স্কৰ কম্পোজাৰে।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আহিবলগীয়া একাংশ প্ৰকল্প আছে। TVF প্ৰযোজিত HOSTEL DAZE SEASON 2 নামে এখন ৱেব চিৰিজৰ বেকগ্ৰাউণ্ডৰ স্কৰৰ কাম মই কৰি আছো। আনহাতে, কেইখনমান হিন্দী ছবিৰ গীতৰ ব্যৱস্থাপনা কৰি আছো; হয়টো চলিত বৰ্ষত এয়া মুক্তি পাব। লগতে, দুখন মান ৱেব চিৰিজৰ কামৰ সৈতেও মই ব্যস্ত। চাওঁচোন কিমান দূৰ সফল হওঁ।”

"অনুৰাগ শইকীয়া দাক লগ পালো আৰু বিগত ৩ বছৰৰ পৰা মই তেওঁৰ সৈতেই কাম কৰি গৈ আছো"- অৰবিন্দ নেওগ 3


অৰবিন্দ নেওগৰ প্ৰচেষ্টা- প্ৰয়াসক ৰূপালীপৰ্দাৰ মাজেৰে আপোনালোকৰ কাষ চপাবলৈ পাৰি আমি নিজেও উৎসাহিত হৈছো। তেওঁৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform