Rupaliparda.com
"পানীয়েই প্ৰাণীৰ প্ৰাণ"; কথাষাৰ হৃদয়ংগম নকৰা সকললৈ "Precious"- 1

“পানীয়েই প্ৰাণীৰ প্ৰাণ”; কথাষাৰ হৃদয়ংগম নকৰা সকললৈ “Precious”-

আমাৰ প্ৰত্যেকৰে জীৱনৰ গুৰুত্বপূৰ্ণ তথা সামঞ্জস্য থকা এবিধ বস্তু আছে; সেই বস্তুবিধ নহ’লে হয়টো আমি সমগ্ৰ জীৱই মিছা। বস্তুবিধৰ নাম আপোনালোকক নক’লেও হয়টো ধৰিব পাৰিছে, সেয়া হৈছে “পানী”। এইখিনিতে, আপোনালোকৰ সমুখলৈ এখন প্ৰতিচ্ছবি লৈ আনিবলৈ বিচাৰিছো; চহৰবোৰত বৰ্তমান “পানী” বোলা বস্তুটো ইমানেই অধিক কম যে তাক প্ৰায়ে কিনি খাবলগীয়া হয়। তৎস্বত্বেও আমি অপব্যয় কৰি থকা অৱস্থাত ভাবি নাচাওঁ যে আমাৰ ভৱিষ্যত কোনটো দিশে! আমি ভৱিষ্যতে কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে বুলি যদি কিঞ্চিৎ মানো ভাবিবলৈ পাৰিলোহেঁতেন তেতিয়াহ’লে হয়টো আমি পৰিৱেশ বিনষ্ট কৰিবলৈ প্ৰয়াসো নকৰিম। আমি একোখন চুটি ছবিৰ পৰা বাৰু কি আশা কৰো? কিছুমান এনে বিষয়বস্তু যিটো আমি হৃদয়ংগম কৰিব পাৰো। নহয়নে? ঠিক তেনে একোখন চুটি ছবি মুক্তি লাভ কৰাৰ সমান্তৰালকৈ ই দৰ্শককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ মুক্তি লাভ কৰা এখন চুটি ছবিত এনেই এক হৃদয়স্পৰ্শী বিষয়বস্তুক সন্নিৱিষ্ট কৰা হৈছে; চুটি ছবিখনৰ নাম “Precious”। এটোপাল পানীৰ বাবে হোৱা সংঘৰ্ষ আৰু জুখি লৈ কৰা পানীৰ খৰচবোৰে এই “পানী” বস্তুটো কিমান প্ৰয়োজনীয় তাৰ এখন বাস্তৱ ছবি উপস্থাপন কৰিছে উক্ত চুটি ছবি খনত। অভিনয়ৰ দিশটো সৱল হোৱাৰ লগতে শেষলৈ এই চুটি ছবিখনে দৰ্শকক ধৰি ৰাখিবলৈ সক্ষম হৈছে। ৭ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত দৰ্শকে “চাচপেন্স” লাভ কৰিছে; অকণমান থ্ৰীলাৰৰ সোঁৱাদো যেন “Precious” ত লাভ কৰিছে দৰ্শকে।


দুজন ব্যক্তিৰ জীৱনকেই আঁৰ হিচাপে লৈ নিৰ্মাণ কৰি উলিওৱা এই চুটি ছবিখন। “পানী” ক লৈ একাংশৰ মোহ দেখিবলৈ পোৱা গৈছে “Precious” ত। ইয়াত মনোৰঞ্জন দিশটোত ঘটি থকা নতুনত্বৰ প্ৰতি আমি বেছি আকৰ্ষিত, কিয়নো সেই নতুন প্ৰকল্প সমূহৰ দ্বাৰা আমি আমোদ লাভ কৰিবলৈ সক্ষম হওঁ। আচলতে, জনসাধাৰণৰ এই নতুন উপভোগ কৰাৰ যি মানসিকতা তাক আজুৰি ল’বলৈ বৰ্তমান সক্ষম হৈছে একাংশ নৱপ্ৰজন্মৰ প্ৰতিভাই। বৰ্তমান নৱপ্ৰজন্মৰ দ্বাৰা প্ৰস্তুত হোৱা একাংশ প্ৰকল্পত জনসাধাৰণে যিটো হাৰত সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে তাতেই ধৰিব পৰা যায় যে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মই কেনেধৰণে নিজ প্ৰতিভাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে। উক্ত চুটি ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্নখন ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ ইউটিউবত উপলদ্ধ এই চুটি ছবিখনৰ উপভোগকাৰীয়ে কমেন্টতো ধনাত্মক কমেন্টৰে ভৰাই পেলোৱাই পৰিলক্ষিত হৈছে। সুন্দৰ বিষয়বস্তুৰ লগতে সমসাময়িক প্ৰেক্ষাপটৰ এখন বাস্তৱ প্ৰতিচ্ছবিক জনসাধাৰণৰ মাজলৈ উলিয়াই অনাত সফল কাম হৈছে এওঁলোক।

"পানীয়েই প্ৰাণীৰ প্ৰাণ"; কথাষাৰ হৃদয়ংগম নকৰা সকললৈ "Precious"- 2


চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী অভিনেতাৰ লগতে জড়িত প্ৰতিজন কলা-কুশলীক আমাৰ এই পেজ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform