Rupaliparda.com
মজদুৰ শ্ৰেণীৰ আৱেগেৰে নিৰ্মিত অসমীয়া ছবি “শব্দ-নিশব্দ-কোলাহল”- 1

মজদুৰ শ্ৰেণীৰ আৱেগেৰে নিৰ্মিত অসমীয়া ছবি “শব্দ-নিশব্দ-কোলাহল”-

অভিনেত্ৰী স্বাগতা ভৰালীৰ নামটো বৰ্তমানৰ এক জনপ্ৰিয় নাম; মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতিটো বিষয়ৰ সৈতে জড়িত দৰ্শকৰ বাবে এয়া নিশ্চয় এক চিনাকী নাম। শেহতীয়াকৈ চচিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছিল; য’ত অভিনেত্ৰী গৰাকীক দেখিবলৈ পোৱা গৈছিল এক অন্য ৰূপত। কোনো নায়কৰ নায়িকা অথবা ষ্টাইলিচ খলনায়িকা নহয়; এইবাৰ স্বাগতাক দেখিবলৈ পোৱা গৈছে অন্য নতুন ৰূপত। এই ৰূপটো আচলতে কোনো ধাৰাবাহিক অথবা চুটি ছবিৰ কাৰণে নহয়; এই চৰিত্ৰটো আহিবলগীয়া এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ বাবেহে। আগন্তুক সময়ত এই ছবিখনক যে দৰ্শকে আঁকোৱালি ল’ব সেয়া ইতিমধ্যে ভাইৰেল হোৱা ফটোকেইখনৰ পৰাই বুজিব পৰা গৈছে। ক’ৰোণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউনে” যদিও স্তব্ধতাৰ সৃষ্টি কৰিছে তৎস্বত্বেও আগন্তুক সময়ত একাংশ সুন্দৰ ছবিৰ উপভোগ যে অসমীয়া দৰ্শকে কৰিবলৈ পাব; সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। আহিবলগীয়া এই ছবিখনৰ নাম হৈছে “শব্দ-নিশব্দ-কোলাহল”। ছবিখনে দৰ্শকক উৎসাহিত কৰিব পৰা আন এক বিষয় হৈছে যে এই ছবিখন নিৰ্মাণৰ বাবে টকাৰ যোগাৰ কৰিছিল “Crowd Funding” ৰ দ্বাৰাহে; অৰ্থাৎ দৰ্শকক নিজৰ বিষয়বস্তুৰ বিষয়ে অৱগত কৰি তেওঁলোকৰ পৰা কিছু পৰিমাণৰ টকাৰ যোগান ধৰি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল এই ছবিখন। আনহাতে, শেহতীয়াভাবে প্ৰযোজনাত মনীতা বৰগোঁহাইয়ে।

মজদুৰ শ্ৰেণীৰ আৱেগেৰে নিৰ্মিত অসমীয়া ছবি "শব্দ-নিশব্দ-কোলাহল"- 2


Maaukh আৰু Delphy Films ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ আৰু সহঃপৰিচালনা ভাস্কৰজ্যোতি ভূঞাৰ। উক্ত ছবিখনৰ সম্পূৰ্ণ হৈ উঠিছে শ্বুটিং আৰু আৰম্ভ হৈছে ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম; পৰিচালকে জানিবলৈ দিয়া মতে, অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ছবিখন সম্পূৰ্ণ হৈ উঠিব। এই ছবিখন হৈছে এখন এনথ’লজি চিনেমা; য’ত এটা বিষয়বস্তুৰ আঁত ধৰি তিনিটাকৈ কাহিনীক সন্নিৱিষ্ট কৰি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে। অসমীয়া মজদুৰ শ্ৰেণীৰ লোকৰ কেৱলমাত্ৰ জীৱন যাপনৰ প্ৰক্ৰিয়াই নহয়; তেওঁলোকৰ আৱেগ, প্ৰেম ইত্যাদিও ছবিখনৰ উক্ত তিনিটা কাহিনী যোগে দৰ্শকৰ মাজলৈ লৈ অনা হ’ব। গাঁৱত থকা মজদুৰ তথা চহৰৰ মজদুৰ শ্ৰেণী খিনিৰো কাহিনীসমূহকো খণ্ড খণ্ড আকাৰে ছবিখনৰ জৰিয়তে উপভোগ কৰিবলৈ পাব অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজে।

মজদুৰ শ্ৰেণীৰ আৱেগেৰে নিৰ্মিত অসমীয়া ছবি "শব্দ-নিশব্দ-কোলাহল"- 3


চন্দ্ৰ কুমাৰ দাসৰ দৃশ্যগ্ৰহণেৰে এই ছবিখনত অভিনয় কৰিছে জিত বৰুৱা, স্বাগতা ভৰালী, প্ৰশান্ত কলিতা, অনামিকা শৰণীয়া আৰু ৰাজু ৰয়ে। কলা নিৰ্দেশক বেদান্ত বড়ো, নিশাদ ৰঞ্জন গগৈৰ আৰু ৰূপসজ্জা জয়শ্ৰী দাসৰ। লোকেশ্বন চাউণ্ড সুমীৰ দেউৰী দামলং। কাষ্টিং কৰিছে প্ৰকাশ ডেকাই। নৱপ্ৰজন্মৰ শিল্পী, কলা-কুশলীৰ এনে প্ৰচেষ্টাই এতিয়া আকৰ্ষণ কৰিছে সকলোকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform