Rupaliparda.com
কিয় বিবাহ বিচ্চেদ হৈছিল কৰিশ্মা কাপুৰৰ??ঃ 1

কিয় বিবাহ বিচ্চেদ হৈছিল কৰিশ্মা কাপুৰৰ??ঃ

অভিনেত্ৰী অথবা অভিনেতা সমূহৰ প্ৰফেচনেল লাইফটো যিমান আকৰ্ষণীয় অথবা ৰোমাঞ্চক; তাতকৈ অধিক অসহনীয় তেওঁলোকৰ ব্যক্তিগত জীৱনবোৰ। ৯০ দশকৰ আটাইতকৈ সফল অভিনেত্ৰী সমূহৰ ভিতৰত এগৰাকী আছিল কৰিশ্মা কাপুৰ; ইখনৰ পিছত সিখনকৈ ছবিৰ সফলতাৰ আঁৰৰ ব্যক্তিগৰাকী আছিল কৰিশ্মা কাপুৰ। কিন্তু, অভিনেত্ৰী গৰাকীৰ প্ৰফেচনেল লাইফটো যিমান সুন্দৰ আছিল তাতকৈ অধিক কষ্টকৰ আছিল কৰিশ্মাৰ বিবাহৰ পিছৰ সময়ছোৱা। বিগত বহু বছৰৰ পৰা ডাঙৰ পৰ্দা অথবা টেলিভিছন স্ক্ৰীণৰ পৰা আঁতৰি আছিল অভিনেত্ৰী গৰাকী; কিন্তু শেহতীয়াকৈ পুনৰ বাৰ তেওঁৰ অভিনয়ৰ সোঁৱাদ ল’বলৈ সক্ষম হৈছে দৰ্শকসকল। “মেন্টেলহুড” ত দেখিবলৈ পোৱা গৈছিল কৰিশ্মাক; আচলতে তেওঁ অভিনয় কেৰিয়াৰ নষ্ট হৈছিল তেওঁৰ বিবাহৰ পিছতেই।

কিয় বিবাহ বিচ্চেদ হৈছিল কৰিশ্মা কাপুৰৰ??ঃ 2
কিয় বিবাহ বিচ্চেদ হৈছিল কৰিশ্মা কাপুৰৰ??ঃ 3


অভিনেত্ৰী গৰাকীয়ে কোৱা মতে, বিবাহৰ পিছতেই তেওঁৰ স্বামীয়ে তেওঁক গালি-গালাজ কৰিছিল। ইয়াৰ উপৰিও, স্বামী সঞ্জয়ৰ পিতৃ-মাতৃয়েও আনকি কৰিশ্মা কাপুৰক মানসিক আৰু শাৰিৰীক ভাৱে কষ্ট দিয়াৰ লগতে মাৰ-পিট কৰিছিল। কৰিশ্মা কাপুৰক তেওঁৰ হনীমুনৰ সময়ছোৱাত স্বামী সঞ্জয়ে তেওঁৰ চুক্তি বন্ধুবৰ্গৰ মাজত কৰা বুলি জানিবলৈ দিছিল কৰিশ্মাই। আনহাতে, তেওঁ গৰ্ভৱতী হৈ থকা সময়তো শাহুৱেক শহুৰেকৰ ঘৰত অভিনেত্ৰী গৰাকীয়ে মাৰ-পিট সহ্য কৰিবলগীয়া হৈছিল। ফলত তেওঁ ২০১২ চনত বিবাহ বিচ্চেদ কৰি উভতি আহিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.