Rupaliparda.com
ধৰ্মা প্ৰডাকচন বাহিৰ উলিওৱা হ'ল কাৰ্তিক আৰিয়নকঃ মৌন অভিনেতা- 1

ধৰ্মা প্ৰডাকচন বাহিৰ উলিওৱা হ’ল কাৰ্তিক আৰিয়নকঃ মৌন অভিনেতা-

কাৰ্তিক আৰিয়নে শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। ধৰ্মা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবি “দোস্তান ২” ৰ পৰা ইতিমধ্যে বাহিৰ উলিয়াই দিয়া হৈছে অভিনেতা কাৰ্তিক আৰিয়নক। যাৰ ফলত অনুৰাগীৰ লগতে অভিনেত্ৰী কংগনা ৰাণাওঁটো এতিয়া অভিনেতা গৰাকীৰ পক্ষত মাত মাতিছে। যদিও এই গোটেই বিষয়টো সন্দৰ্ভত মাত মতা নাই কাৰ্তিক আৰিয়নে; তথাপিও এইবাৰ কাৰ্তিক আৰিয়নৰ পক্ষত নিজ মতামত দাঙি ধৰিছে অভিনেত্ৰী কংগনাই। ইটোৰ পিছত সিটো টুইটেৰে তেওঁ নিজৰ মত দাঙি ধৰিছে; তেওঁ কয় যে, “কাৰ্তিক আৰিয়ন নিজ বলতেই এই পৰ্যায়টোলৈ আহি উপনীত হৈছে আৰু আগলৈও নিজৰ বলতেই কৰি যাব। কৃপা কৰি, তেওঁক অকলশৰীয়াকৈ এৰি দিয়ক। সুশান্ত সিং ৰাজপুতৰ দ্বাৰা এওঁৰো পিছত নপৰিব যাতে তেওঁ ফাঁচীত উলমিবলৈ বাধ্য নকৰোৱাব।” আকৌ তাৰ পিছতেই একাধাৰে আন কেইবাটাও পোষ্টেৰে কাৰ্তিক আৰিয়নৰ মনোবল বৃদ্ধি কৰোৱাবলৈ চেষ্টা কৰে কংগনাই। আনহাতে, শেহতীয়াকৈ বহু প্ৰত্যাশিত জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়নে ক্ৰয় কৰিছিল Lamborghini Urus নামে গাড়ীখন। যাৰ পিছতেই তেওঁলৈ চচিয়েল মিডিয়াৰ পৰাই আৰম্ভ হৈছিল অনুৰাগীৰ শুভেচ্ছা বাৰ্তা। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় অভিনেতা কাৰ্তিক আৰিয়নে গাড়ীখন ক্ৰয় কৰাৰ পিছতেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে; য’ত তেওঁৰ কাষত বেলুন বোৰ ফুটিবলৈ আৰম্ভ কৰে আৰু তেওঁ লিখে যে, “মই ছাগে বহুত দামী বস্তুবোৰৰ বাবে বনাই নাই”।

ধৰ্মা প্ৰডাকচন বাহিৰ উলিওৱা হ'ল কাৰ্তিক আৰিয়নকঃ মৌন অভিনেতা- 2


উক্ত ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ পিছতেই আকৌ আন এক ভিডিঅ’ ভাইৰেল হৈছে। আৰু, এই ভিডিঅ’টোত অভিনেতা গৰাকীয়ে নিজৰ গাড়ীখনৰ ভৰি চুই সেৱা আগবঢ়াইছে। আচলতে, কাৰ্তিক আৰিয়নে নিজৰ গাড়ীখন চলাই গৈ থকা অৱস্থাতেই যেতিয়া ওচৰত সাংবাদিকক দেখিবলৈ পাইছিল; তেতিয়াই তেওঁ গাড়ীৰ পৰা বাহিৰলৈ নিজেই ওলাই আহি গাড়ীখনৰ ভৰিৰ দৰেই তলৰ অংশ টুকুৰাত চুই সেৱা আগবঢ়ায়। অভিনেতা গৰাকীৰ এই কামটোক সাংবাদিকে ইমানেই ভাল পালে যে তেওঁক পুনৰ বাৰ কৰিবলৈ কয়। উল্লেখ্য যে, কাৰ্তিক আৰিয়ন “ভূল ভূলেইয়া ২” ৰ শ্বুটিং কৰি থকা অৱস্থাত ক’ৰোণা সংক্ৰমণৰ আগ্ৰাসনত আহি পৰিছিল। তেওঁ বিগত দিন ধৰি কোৱাৰেন্টাইনত থকাৰ পিছতেই ওলাই আহি দামী গাড়ীখন কিনি পেলায়। প্ৰায়ে নিজ নিজ কৰ্মৰে চচিয়েল মিডিয়াত জনসাধাৰণক হহুঁৱাই থকা এই অভিনেতাগৰাকীক আহিবলগীয়া সময়ত কেইবাখনো জনপ্ৰিয় তথা উল্লেখনীয় ছবিত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform