নৱাগতা হোৱাৰ পিছতো যেতিয়া সফলতাই হাত বাউলি মাতে তেতিয়ানো কাৰ ভাল নালাগে। নহয়নে? মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা একোজন নৱপ্ৰজন্মৰ ক্ষেত্ৰতো শেহতীয়াকৈ ঠিক তেনেই হোৱা দেখিবলৈ পোৱা গৈছে। যেতিয়া একোটা গ্ৰহণযোগ্য প্ৰকল্পৰ নিৰ্মাণ একোজন নৱপ্ৰজন্মৰ দ্বাৰা কৰা হয় তেতিয়া তেওঁলোকৰ কাষ চাপে প্ৰশংসাই। কিছুদিন পূৰ্বে নৱাগত পৰিচালক মৃণাল ডেকাৰ দ্বাৰা নিৰ্মিত চুটি ছবি “মঙহ দহাৰ গোন্ধ” ই লাভ কৰিছে আন এক সফলতা। ইটোৰ পিছত সিটোকৈ চুটি ছবিখনে একোখন ছবি সমাৰোহত স-সন্মানে থিয় হোৱাৰ লগতে সমালোচকৰ দ্বাৰা বহুল হাৰত প্ৰশংসিতও হ’বলৈ সক্ষম হৈছে। একাদশ সংখ্যক চাহেব ফাল্কে ছবি সমাৰোহলৈ মনোনয়ন লাভ কৰিছে এতিয়া এই চুটি ছবিখনে; মনোনয়ন লাভ কৰাৰ খবৰ পোৱা পিছতেই এতিয়া উৎসাহিত হৈ পৰিছে পৰিচালক গৰাকীও। চুটি ছবিখনৰ কাহিনী প্ৰসংগত যদি সহজকৈ ক’বলৈ যাওঁ তেতিয়াহ’লে ক’ব লাগিব যে, এগৰাকী মাতৃয়ে লোভৰ বশৱৰ্তী হৈ তেওঁ হেৰুৱাবলগীয়া হয় নিজৰ সপোনৰ পৃথিৱীখন। চুটি ছবিখনত পৰিচালকগৰাকীৰ দক্ষতা ফুঁটি উঠিছে তাত অভিনীত এগৰাকী কণমানি শিশুৰ পৰা অভিনয় উলিৱাই অনাৰ ক্ষেত্ৰত। চুটি ছবিখনৰ কাহিনীভাগত “চাচপেন্স” আনি দৰ্শকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে পৰিচালক মৃণাল ডেকাই। আনহাতে, মূখ্য চৰিত্ৰত অভিনীত জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী বৰাৰ অভিনয়ৰ দিশটো চুটি ছবিখনত যথেষ্ট মজবুত আছিল যাৰ ফলত চুটি ছবিখনক সফল ৰূপে একাংশ দৰ্শকে ইয়াক গ্ৰহণ কৰিছিল।

মানস চাংগ্ৰাৰ কাহিনীৰে নিৰ্মিত চুটি ছবিখনক আৰতি ৰিলচৰ বেনাৰত প্ৰযোজনা কৰিছে আৰতি ৰিলচে আৰু ইয়াৰ সহঃ প্ৰযোজনা উষামণি গোস্বামীৰ। ইয়াত আন দুটি উল্লেখনীয় চৰিত্ৰত অভিনয় কৰিছে আদ্ৰিতী পি গগৈ আৰু বদলাৰয়্যণ সিনহাই। নৱপ্ৰজন্মৰ সৃষ্টিত থকা নতুনে এতিয়া দৰ্শককো বহু ক্ষেত্ৰত ভিন্ন সোঁৱাদ দিবলৈ সক্ষম হৈছে। চুটি ছবিখনত সংগীত দিছে ইবচন লাল বৰুৱাই লগতে চাউণ্ড ডিজাইনাৰৰ দায়িত্বত আছে দেৱজিৎ গায়ন আৰু ইয়াৰ সহঃ পৰিচালক হৈছে সত্যজিৎ লগতে নুপূৰ বৰুৱা। ডি.আই কালাৰিষ্ট ৰূপে আছে অসীম শৰ্মা আৰু ইয়াত চিনেমেটো’গ্ৰাফী কৰিছে বিতুল দাসে। আনহাতে, চলিত বৰ্ষতেই গুৱাহাটী চিনে ক্লাৱে ৫ দিনীয়াকৈ আয়োজন কৰা ১৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱৰ আয়োজিত চুটি ছবি প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰূপে পৰিগণিত হয় নৱপ্ৰজন্মৰ পৰিচালক মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মিত “মঙহ দহাৰ গোন্ধ”। এগৰাকী মাতৃৰ হিয়াৰ কান্দোন আৰু সন্তানৰ প্ৰতি থকা মোহ অথবা নতুনক জীয়াবলৈ থকা হেঁপাহক লগ লগাই পৰিচালক গৰাকীয়ে যি উপস্থাপন কৰিছিল সেয়া সঁচাকৈ আছিল প্ৰশংসনীয়।

চুটি ছবি ক্ষেত্ৰখনৰ লগতে মনোৰঞ্জন ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ অহৰহ প্ৰয়াস হাতত লোৱা পৰিচালক মৃণাল ডেকালৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।
শুভকামনা থাকিল মৃণাল