Rupaliparda.com
কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 1

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ??

“জয়মতী” ৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিয়ে এখোজ এখোজকৈ হ’লেও জনপ্ৰিয়তাৰ মুখ দেখিবলৈ সক্ষম হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, ভৱেন্দ্ৰ নাথ শইকীয়াৰ পৰা আদি কৰি মুনীন বৰুৱা, জাহ্নু বৰুৱা তথা বৰ্তমান সময়ৰ জুবিন গাৰ্গ আৰু যতীন বৰাৰ পৰিচালনাৰে নিৰ্মিত ছবি সমূহৰ জনপ্ৰিয়তা বৰ্তমানেও অব্যাহত। মাজতে অসমীয়া ছবিৰ সংকটজনক অৱস্থাই দৰ্শকক হতাশগ্ৰস্ত কৰি তুলিছিল; কিন্তু এতিয়া এই অৱস্থাৰ পৰা এঢোপ এঢোপকৈ হ’লেও আগবঢ়া দেখিবলৈ পোৱা গৈছে। বুৰঞ্জীমূলক,ৰোমান্টিক, কমেডী তথা একছন ধৰ্মী আদি ভিন্ন বিষয়ক কেন্দ্ৰ কৰি নিৰ্মিত কিছু পূৰণা অসমীয়া ছবিয়ে দৰ্শকৰ মনত এতিয়াও প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 2


ৱিকি পিডিয়া অনুসৰি, অসমত বাণিজ্যিক ভাৱে সফল অসমীয়া ছবিসমূহৰ বিষয়ে জানো আহকঃ

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 3

১. জয়মতীঃ ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনেই হৈছে জয়মতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল আইদেউ সন্দিকৈ, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, ফণী শৰ্মা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰানা বৰুৱা, চামচুল হক, ৰাজেন বৰুৱা, পুতুল হক, প্ৰতাপ বৰুৱা, ৰাজকুমাৰী গোহাই, সুবৰ্ণৰেখা শইকীয়া, ললিত, মোহন চৌধুৰী, বনমালী দাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কমলা প্ৰসাদ আগৰৱালা, ফুনু বৰুৱা আৰু মোহিনী ৰাজকুমাৰীয়ে। এই ছবিখনে বস্ক অফিচ কালেকচন কৰিছিল মুঠ ১.৪৮ কোটি টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 4

২. হিয়া দিয়া নিয়াঃ ২০০০ চনত মুক্তিপ্ৰাপ্ত মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনে সেইটো সময়ত অসমীয়া ছবিৰ ধাৰাত ৰোমান্টিক ধৰ্মী ছবিৰ কনচেপ্টৰ সৃষ্টি কৰিছিল। যতীন বৰা,লুনা লহকৰ,ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই অভিনয় কৰিছিল এই ছবিখনত। উল্লেখ্য যে, ৰবি শৰ্মাৰ এই খনেই আছিল প্ৰথমখন ছবি। ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ১ কোটি টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 5

৩. নায়কঃ ২০০১ চনত মুক্তিপ্ৰাপ্ত “নায়ক” ছবিখনৰ পৰিচালনা কৰিছিল মুনিন বৰুৱাই। ছবিখনৰ প্ৰযোজনা কৰিছিল মেৰী লস্কৰে। যতীন বৰা,ৰবি শৰ্মা, জেৰিফা ৱাহিদ, পৰিণীতা বৰঠাকুৰ, জয়ন্ত দাস আৰু ৰাজীৱ গোস্বামী অভিনীত এই ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ৫৭ লাখ টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 6

৪. কন্যাদানঃ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত “কন্যাদান” আছিল অন্যতম অসমীয়া ছবি। ২০০২ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনত অভিনয় কৰিছিল যতীন বৰা,মৃদুলা বৰুৱা,তপন দাস, ভাস্কৰ বৰা, পূৰবী শৰ্মা, মাধুৰীমা চৌধুৰী আৰু ঋতুপৰ্ণা কটকীয়ে। ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ৫৫ লাখ টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 7

৫. জীৱন বাটৰ লগৰীঃ তিমথি দাস হানচেৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তি লাভ কৰিছিল ২০০৯ চনত। নিপন গোস্বামী, শ্যামন্তিকা, ৰাগ ঐনিতন, আশা বৰদলৈ, কপিল বৰা, মলয়া গোস্বামী, পৰিণীতা বৰঠাকুৰ অভিনীত এই ছবিখনৰ বস্ক অফিচ কালেকচন আছিল প্ৰায় ৪১ লাখ টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 8

৬. বসুন্ধৰাঃ হিৰেণ বৰাৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এই ছবিখনে মুক্তি লাভ কৰিছিল ২০১০ চনত। বৰষাৰাণী বিষয়া, সৌৰভ হাজৰিকা আৰু বিষ্ণু খাৰঘৰীয়া অভিনীত এই ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ৮৭ লাখ টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 9

৭. ৰামধেনুঃ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তি লাভ কৰিছিল ২০১১ চনত। প্ৰস্তুতি পৰাশৰ,যতীন বৰা, বিষ্ণু খাৰঘৰীয়া, উৎপল দাস, নিশিতা গোস্বামী,তপন দাস আৰু জয়ন্ত দাস অভিনীত ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ২.০৪ কোটি টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 10

৮. দূৰদৰ্শনঃ এটি যন্ত্ৰ- ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তি লাভ কৰিছিল ২০১৬ চনত। ৮০ দশকৰ কাহিনীৰ ভিত্তিত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, মুনমী ফুকন, সৌৰভ হাজৰিকা, চেতনা দাস, প্ৰসেনজিৎ বৰা আৰু হিমাংশু প্ৰসাদ দাসে। ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ৯০ লাখ টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 11

৯. বহ্নিমানঃ বিশ্বজিৎ বৰাৰ পৰিচালনাৰে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এই খন ছবিত অভিনয় কৰিছিল যতীন বৰা, ৰৱি জাংঘু আৰু য়শপাল শৰ্মাই। ছবিখনে লাভ কৰিছিল ৬৫ লাখ টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 12

১০. মিছন চাইনাঃ জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত এই ছবিখনে পুনৰ বাৰ অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকলৈ কঢ়িয়াই আনিছিল এক সুখময় বাৰ্তা। জুবিন গাৰ্গ আৰু দীপলিনা ডেকা অভিনীত এই ছবিখনে মুক্তি লাভ কৰিছিল ২০১৭ চনত। ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ৬ কোটি টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 13

১১. তুমি আহিবানেঃ প্ৰেৰণা বৰবৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তি লাভ কৰিছিল ২০১৭ চনত। ৰবি শৰ্মা, বৰষা ৰাণী বিষয়া, গুঞ্জন ভৰদ্বাজ, মুনমী ফুকন অভিনীত এই ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ১. ৯৪ কোটি টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 14

১২. প্ৰিয়াৰ প্ৰিয়ঃ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত এই খনেই আছিল তেওঁৰ শেষৰখন ছবি। জুবিন গাৰ্গ, আৰাধনা বৰগোঁহাই, প্ৰাঞ্জল শইকীয়া অভিনীত এই ছবিখন মুক্তি লাভ কৰিছিল ২০১৭ চনত। ইয়াৰ বস্ক অফিচ কালেকচন আছিল ১.৮০ কোটি টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 15

১৩. ৰাফ এণ্ড টাফঃ মণি সিনহাৰ দ্বাৰা পৰিচালিত এই ছবিখন মুক্তি পাইছিল ২০১৭ চনত। গুঞ্জন ভৰদ্বাজ, গাৰ্গী কৃষ্টি, দেৱজিৎ মজুমদাৰ অভিনীত এই ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ৪৫ লাখ টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 16

১৪. ভিলেইজ ৰকষ্টাৰঃ ২০১৮ চনত মুক্তিপ্ৰাপ্ত এখন জনপ্ৰিয় অসমীয়া ছবি হৈছে ৰীমা দাসৰ দ্বাৰা পৰিচালিত “ভিলেইজ ৰকষ্টাৰ”। ইয়াত দৰ্শকে নতুন বিষয়বস্তু চাবলৈ পাইছিল। এই ছবিখনে বস্ক অফিচ কালেকচন কৰিছিল ৮০ লাখ টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 17

১৫. কাঞ্চনজংঘাঃ ২০১৯ চনত মুক্তিপ্ৰাপ্ত এখন উল্লেখনীয় অসমীয়া ছবি হৈছে জুবিন গাৰ্গ পৰিচালিত “কাঞ্চনজংঘা”। জুবিন গাৰ্গ, পিংকি শৰ্মা, শশাংক সমীৰ, পবিত্ৰ ৰাভা অভিনীত এই ছবিখনৰ কালেকচন আছিল ৫.১২ কোটি টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 18

১৬. ৰত্নাকৰঃ অভিনেতা যতীন বৰাৰ দ্বাৰা পৰিচালিত “ৰত্নাকৰ” হৈছে তেওঁৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি। যতীন বৰা, বৰষা ৰাণী বিষয়া, নিশিতা গোস্বামী অভিনীত এই ছবিখনে বহু কেইসপ্তাহলৈ ছবিগৃহত সফলতাৰে চলিবলৈ সক্ষম হৈছিল। ছবিখনৰ বস্ক অফিচ কালেকচন আছিল ৯.২৫ কোটি টকা।

কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ?? 19


উল্লেখ্য যে,৩০-৪০ লাখ টকা লাভ পোৱাটো এখন ছবিৰ বাণিজ্যিক সফলতা বুলি ক’ব নোৱাৰি। এই সন্দৰ্ভত সাংবাদিক উৎপল মেনাই লিখি উলিওৱা “চিনে চিনেমা” কিতাপখনত আছে যে, “ব্যৱসায়?-প্ৰকৃত অৰ্থত “চুপাৰহিট” বুলি এখনকো ক’ব নোৱাৰি। “স্থানীয় বজাৰ” ত মুনিন বৰুৱাকহে সফল পৰিচালক বুলি কোৱা হয়। কিন্তু মুনিন বৰুৱাই নিজেই কৈছিল- “যি সফলতাৰ কথা কোৱা হয়, সেয়া চৰকাৰী ঘৰৰ পৰা ঘূৰাই পোৱা আমোদকৰ যোগ দিহে।” এনেক্ষেত্ৰত, অসমীয়া কোন খন ছবিক সফল বুলি কোৱা হ’ব সেয়া বৰ্তমানেও এক প্ৰশ্ন!

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform