Rupaliparda.com
"মোৰ অভিনয় জীৱনটোত সুখী হ'ম অভিনেতা আদিল হুচেইনৰ সৈতে অভিনয় কৰিবলৈ পালে"- অচিন্ত ৰাজ কাশ্যপ 1

“মোৰ অভিনয় জীৱনটোত সুখী হ’ম অভিনেতা আদিল হুচেইনৰ সৈতে অভিনয় কৰিবলৈ পালে”- অচিন্ত ৰাজ কাশ্যপ

নৱপ্ৰজন্মৰ মাজৰ পৰাই শেহতীয়াকৈ কেইবাগৰাকীও প্ৰতিভাই নিজৰ চেষ্টাৰে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ, মুক্তিপ্ৰাপ্ত অচিন্ত ৰাজ কাশ্যপ আৰু কৰিশ্মা অভিনীত গীত “গানে গানে” লাভ কৰিছে মুক্তি। গীতটিত অভিনীত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে নৱাগতা আছিল যদিও তেওঁলোকৰ কামৰ প্ৰশংসা হৈছিল সৰ্বত্ৰে। অচিন্ত ৰাজ কাশ্যপ যদিও নৱাগতা তথাপিও তেওঁৰ দৃঢ়তাৰ বাবে এই অভিনয় ক্ষেত্ৰখনত আহিবলগীয়া সময়ত তেওঁৰ প্ৰকল্প সমূহক লৈ এতিয়া অপেক্ষাৰত হৈ পৰিছে প্ৰতিজন। জানিব পৰা মতে, আহিবলগীয়া সময়ৰ এখন ধাৰাবাহিকৰ লগতে এখন চুটি ছবি তথা আন কেইবাটাও প্ৰত্যাশিত প্ৰকল্পৰ সৈতে জড়িত হৈ থকা দেখিবলৈ পোৱা যাব এই অভিনেতাগৰাকীক। আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা এইগৰাকী অভিনেতাৰ কাষ চাপিছিলো; অভিনয় জীৱনৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই অভিনয়ৰ প্ৰথমটো অভিজ্ঞতা হৈছিল নৱম শ্ৰেণীত। “মাৰিয়া পাব্লিক স্কুল” ত পঢ়ি থকা অৱস্থাত সেইটো সময়ত মুম্বাইৰ পৰা এটা দলে আহি এখন নাটক কৰিছিল। Vishal Ansari ৰ পৰিচালনাৰে নিৰ্মিত “ডা ৰিটাৰ্ণ অৱ দা কিং” ত মই “চিম্বা” ৰ চৰিত্ৰটোত ৰূপায়ন কৰিছিলো। মোৰ এই চৰিত্ৰটো কৰি থকা সময়ত যেতিয়া দৰ্শকে হাত চাপৰি মৰা শুনিছিলো; তেতিয়াই আচলতে মোৰ মনত ভাৱ হৈছিল যে মই জীৱনত এইটোৱে বিচাৰিছো। পিছলৈ, মই মইনুল হক ছাৰৰ সান্নিধ্যলৈ অহাৰ সমান্তৰালকৈ তেওঁৰ লগতে আমাৰ স্কুলৰ ফালৰ পৰাও লক্ষ্ণৌলৈ প্ৰদৰ্শনৰ বাবে গ’লো আৰু তাত দৰ্শকৰ প্ৰশংসা তথা পুৰষ্কাৰ লাভ কৰি এই ক্ষেত্ৰখনত আৰু অধিক আগ্ৰহী হৈ পৰিছিলো। পৰৱৰ্তী সময়ত দিল্লীলৈ গৈ মই ভিন্নখন বাটৰ নাট কৰিলো লগতে মুম্বাইলৈ গৈ অভিনয়ৰ কৰ্মশালাটো অংশগ্ৰহণ কৰিলো। তেনেকৈয়ে মই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ সক্ষম হ’লো।

"মোৰ অভিনয় জীৱনটোত সুখী হ'ম অভিনেতা আদিল হুচেইনৰ সৈতে অভিনয় কৰিবলৈ পালে"- অচিন্ত ৰাজ কাশ্যপ 2
"মোৰ অভিনয় জীৱনটোত সুখী হ'ম অভিনেতা আদিল হুচেইনৰ সৈতে অভিনয় কৰিবলৈ পালে"- অচিন্ত ৰাজ কাশ্যপ 3


সদ্যমুক্তিপ্ৰাপ্ত গীত “গানে গানে” ৰ বহুল জনপ্ৰিয়তাৰ পিছত তেওঁৰ আৰু কেনেধৰণৰ প্ৰকল্পত জড়িত হোৱাৰ ইচ্ছা বুলি প্ৰশ্ন কৰাত অচিন্তই কয় যে, “পৰিচালক সমুজ্জল দাৰ সৈতে বিগত বহু দিনৰ পৰাই ভিন্ন প্ৰকল্পৰ বিষয়ে কথা-বতৰা চলি আছিল। তেনেকৈয়ে আমি এখন শেহতীয়াকৈ চুটি ছবি সম্পূৰ্ণ কৰিছিলো; যিখনৰ নাম হৈছে “Love Birds”। অতিশীঘ্ৰেই এই চুটি ছবিখন মুক্তি লাভ কৰিব আপোনালোকৰ সমুখত। চুটি ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হৈ উঠা পিছতেই মোক সমুজ্জল দাই গীতটিৰ বিষয়ে জনাইছিল; যদিও মই নৃত্য নকৰো তথাপিও যেতিয়া সমুজ্জল দাই মোক কৰিবলৈ ক’লে তেতিয়া মই কৰি চালো। মোৰ সাংঘাতিক ভাল লাগিল কৰি আৰু সকলোতকৈ ভাল লগা কথা এইটোও যে গানটো মোৰ মা আৰু মোৰ পৰিয়ালৰ লোকেই ভাল পালে। গীতৰ ভিডিঅ’ সমূহত যদিও মই সোমাই পৰা নাই তথাপিও সুন্দৰ তথা ব্যতিক্ৰমী বিষয়বস্তু আৰু হৃদয়স্পৰ্শী গীতে মোক আকৰ্ষণ কৰি আহিছে গতিকে তেনেবোৰ প্ৰকল্পৰ সৈতে আগলৈও জড়িত হোৱাৰ মোৰ ইচ্ছা আছে। আন প্ৰকল্প সমূহৰ চৰিত্ৰৰ কথা ক’বলৈ হ’লে মই এইটোৱে ক’ম যে ভাল তথা গ্ৰহণযোগ্য প্ৰতিটো চৰিত্ৰয়ে মোক আকৰ্ষণ কৰে।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “শেহতীয়াকৈ মই এখন চুটি ছবি লিখিছিলো; যিখন Niri9 ত মুক্তি লাভ কৰিব। “ছবি” নামে এই চুটি ছবিখনৰ পৰিচালনা বিনীত ঝাৰ। তাৰ পিছতেই মই আন এখন মানস বৰুৱাৰ ছবি “বাৰুদ ২” ত এটি সৰু চৰিত্ৰত অভিনয় কৰিছো।”

"মোৰ অভিনয় জীৱনটোত সুখী হ'ম অভিনেতা আদিল হুচেইনৰ সৈতে অভিনয় কৰিবলৈ পালে"- অচিন্ত ৰাজ কাশ্যপ 4


আগলৈ তেওঁ কয় যে, “মোৰ জুন মাহৰ পৰা আন এখন ধাৰাবাহিক “অঞ্জলি” য়ো সম্প্ৰচাৰ লাভ কৰিব।” আহিবলগীয়া সময়ত কোন গৰাকী অভিনেতা/অভিনেত্ৰীৰ সৈতে অভিনয়ৰ ইচ্ছা বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “বৰ্ষাৰাণী, প্ৰস্তুতি পৰাশৰৰ সৈতে যথেষ্ট ইচ্ছা থকাৰ উপৰিও মোৰ অভিনয় জীৱনটোত সুখী হ’ম অভিনেতা আদিল হুচেইনৰ সৈতে অভিনয় কৰিবলৈ পালে। তেওঁক ভাল লাগে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform