অসমীয়া অভিনেতা-অভিনেত্ৰী, কলা-কুশলী সকলে প্ৰত্যেকেই নতুন নতুন প্ৰকাৰে এইকেইটা দিনত দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছে। ন-ন প্ৰতিভাৰ দ্বাৰা আপ্লুত কৰাও দেখিবলৈ পোৱা গৈছে একাংশক; ইয়াৰে ভিতৰত উল্লেখনীয়ভাৱে দৰ্শকৰ সমাদৰ লাভ কৰিছে অভিনেত্ৰী তনভী শৰ্মাই। চচিয়েল মিডিয়াত প্ৰায় সময়ত সক্ৰিয় হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে নিজৰ বিভিন্ন নৃত্যৰ সংস্কৰণেৰে অনুৰাগীক মনোৰঞ্জন কৰোৱা দেখিবলৈ পোৱা যায়। কেৱল নৃত্য বুলিয়ে নহয়; পূৰণা বহু স্মৃতি ৰোমন্থন কৰি নাইবা অইন কন্ঠশিল্পীৰ গীত সমূহত নিজা নৃত্যৰে টুইষ্ট আনি দৰ্শকৰ মাজত আগবঢ়োৱা তনভীৰ বৰ্তমান নিতৌ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত হৈ পৰিছে। আপোন বিহুটোত নিজৰ আপোন ঘৰখনৰ পৰা দূৰৈত আছে যদিও তনভী শৰ্মাই নিজ বাসগৃহতেই বিহু নাঁচি ভিডিঅ’ আগবঢ়াই দিছে জনসাধাৰণলৈ। সমান্তৰালকৈ, তেওঁ বিহুটোত অসমীয়া প্ৰতিজন জনসাধাৰণে পালন কৰা নিয়ম-নীতিবোৰো পালন কৰি বিহুটোক হৃদয়ংগম কৰিছে। বিগত “লক-ডাউন” ত অভিনেত্ৰী গৰাকীয়ে ইমানেই অধিক নিজ এক্সপ্ৰেছনেৰে ভিডিঅ’ সমূহ চচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে যে তেওঁৰ অনুৰাগীয়ে শেহতীয়াকৈ “Expression Queen” নামেৰেই চিনাকী কৰোৱাবলৈ ধৰিছে।


প্ৰতিটো সময়ত ধনাত্মক হ’বলৈ চেষ্টা কৰা এইগৰাকী অভিনেত্ৰীয়ে নিজেও কৈছে যে, “সুখী থকাটো সম্ভৱপৰ নহয়; বহুতেই বিচাৰে যদিও কোনোবাখিনিত গৈ ৰৈ যায়। তেওঁলোকক মই ক’ম যে নিজক ব্যস্ত ৰাখক; যেতিয়াই ব্যস্ত হৈ থাকিব তেতিয়া আপুনি বেয়া চিন্তা কৰিবলৈ সময় নাপাব। বহুতে ইতিমধ্যে হতাশগ্ৰস্ততাৰো চিকাৰ হৈ কিছুমান বেয়া পদক্ষেপ গ্ৰহণ কৰিছে গতিকে তেওঁলোকে বেয়া পৰিস্থিতিত কথাবোৰ পাতিব লাগে। মই বিচাৰো, সকলোৱে যাতে ইজনে সিজনক অকণমান সঁহাৰি জনাই পাৰ কৰে সময়বোৰ।”
Add comment