“মই তোৰ হ’ব খুজিম” শীৰ্ষক গীতটিৰ পিছত জনপ্ৰিয়তাক চুমুক দিয়া কন্ঠশিল্পী ডেইজী দাসৰ কন্ঠৰে মুক্তি লাভ কৰিছে আন এটি নতুন সুন্দৰ গীত। গীতটিত ইতিমধ্যে ভিউৱাৰচৰ বহুল পয়োভৰ দেখিবলৈ পোৱাৰ লগতে কন্ঠশিল্পী গৰাকীৰ পূৰ্বৰ গীত সমূহৰ দৰে তেওঁৰ এই গীতটিক আঁকোৱালিও লৈছে অনুৰাগীয়ে। মাতৃৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰে সংগীত ক্ষেত্ৰখনত নামি পৰা ডেইজী দাসে দুবাৰকৈ শাস্ত্ৰীয় সংগীতত বিশাৰদৰ সন্মান লাভ কৰিছে। ২০১৭ চনত মুক্তিপ্ৰাপ্ত “ৰিঙা ৰিঙা মন” শীৰ্ষক গীতটিৰ পৰা সংগীত ক্ষেত্ৰখনত আৰম্ভণি কৰা এই কন্ঠশিল্পী গৰাকীৰ কেইটামান গীত হৈছে ক্ৰমে “ৰঙা কলিজা”, “জোনাকী পখী”, “সিদিনা বুজি পালো”, “ফুল হৈ”, “চিলমিলি টোপনি”, “হয়টো বা মোৰ মনে” আদি। উক্ত গীতসমূহৰ লগতে সদ্যমুক্তিপ্ৰাপ্ত গীতটিৰ নাম হৈছে “মায়া জাল”। এনেই বিহুৰ বতৰ, তাতেই আকৌ প্ৰিয় কন্ঠশিল্পীৰ কন্ঠৰেই যদি এটি গীত অনুৰাগীয়ে লাভ কৰে তেতিয়াহ’লে তাতকৈ ভাললগা বিষয় আৰুনো কি হ’বগৈ পাৰে! এই গীতটিত কথা আৰু সুৰ কৰিছে ৰাগ পৰাগে আৰু সংগীত দিয়াৰ উপৰিও শব্দ-সংমিশ্ৰণ কৰিছে ৰেক্স বড়োৱে। আনহাতে, ডেইজীয়ে নিজে এক সাক্ষাৎকাৰত জনোৱা অনুসৰি চলিত বৰ্ষতে তেওঁৰ “আঁচুফুল” এলবামৰো দুটাকৈ গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিব। ইতিমধ্যে উক্ত এলবামটোৰে “চিলমিলি টোপনি” ক লৈ শ্ৰোতা-দৰ্শকৰ সমাদৰ পৰিলক্ষিত হৈছিল।
আনহাতে, কিছুদিন পূৰ্বে অসমীয়া সংগীত ক্ষেত্ৰখনত নতুন যুঁটি দেখিবলৈ পোৱা গৈছিল। কন্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু বহুল জনপ্ৰিয়তাৰে চৰ্চা লাভ কৰা ডেইজী দাসৰ যুঁটীয়া কন্ঠৰে ৰোমান্টিক গীত “কওঁনে বাৰু মই” য়েও লাভ কৰিছিল সমাদৰ। স্বৰূপ কাকতিৰ কথা আৰু সুৰেৰে উক্ত গীতটিৰ সংগীত দিয়াৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে প্ৰণয় দত্তই। গীতাৰৰ দায়িত্বত আছে কাইফি হামজা আহমেদ আৰু বাঁহী বজাইছে নৱ শইকীয়াই। ডেইজী দাসৰ কন্ঠৰ অনুৰাগীলৈ এইখিনিতে আন এক সু-খবৰ দিওঁ, কন্ঠশিল্পী গৰাকীয়ে আহিবলগীয়া সময়ত অসমত যিখিনি জনগোষ্ঠীয় গীত আছে, সেই গোটেইখিনিক সাঙুৰি নতুন ৰূপত সজাই বহুলভাৱে এটা এলবাম প্ৰস্তুতকৰণৰ ইচ্ছা তেওঁৰ মনতেই ৰাখি থৈছে; যাৰ বাবে তেওঁ বিভিন্ন জনগোষ্ঠীয় গীত সমূহ শিকি আছে। বৰ্তমান সময়ত শ্ৰোতাৰ প্লে-লিষ্টত সোমোৱাবলৈ চেষ্টা কৰা একাংশ কন্ঠশিল্পীৰ মাজৰে এগৰাকী হৈছে ডেইজী দাস; য’ত অৱশ্যে সফলকামো হৈ উঠিছে কন্ঠশিল্পী গৰাকী।

তেওঁৰ নতুন গীতটিকে আৰম্ভ কৰি আহিবলগীয়া প্ৰতিটো গীতৰ সফলতা কামনা কৰি তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।







Add comment