Rupaliparda.com
সংগীতৰ সমান্তৰালকৈ সামাজিক দায়ৱদ্ধতা দীক্ষু শৰ্মাৰঃ 1

সংগীতৰ সমান্তৰালকৈ সামাজিক দায়ৱদ্ধতা দীক্ষু শৰ্মাৰঃ

সংগীতৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত কন্ঠশিল্পী দীক্ষু শৰ্মাৰ আকৰ্ষণীয় পদক্ষেপ। বিহু অনুষ্ঠান সমূহত তেওঁ গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়াৰ সমান্তৰালকৈ শেহতীয়াকৈ “দীক্ষু ফাউণ্ডেচন” ৰ উদ্যোগত কন্ঠশিল্পী গৰাকীয়ে অনুষ্ঠানবোৰত উপস্থিত জনসাধাৰণক বিতৰণ কৰে খোৱা পানী। ইতিমধ্যে দীক্ষু শৰ্মাই কৰা অনুষ্ঠান সমূহৰ অধিকাংশতেই তেওঁ এনে পদক্ষেপ গ্ৰহণ কৰাত এতিয়া উৎসাহিতও হৈ পৰিছে অনুৰাগী। চচিয়েল মিডিয়াত কন্ঠশিল্পী গৰাকীয়ে এই বিষয়ত ভিন্ন ধৰণৰ আপডেট সমূহ দিয়াও পৰিলক্ষিত হৈছে। কেৱল এয়াই নহয়, দীক্ষু শৰ্মা বিগত সময়ত ক’ৰোণা ভাইৰাছৰ কালছোৱাত একাংশ প্ৰয়োজন থকাজনৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। প্ৰতিটো মাহত একোটা গীত মুক্তিৰ সৈতে জনসাধাৰণৰ কাষ চপা দীক্ষু শৰ্মা প্ৰতিটো গীতৰ জনপ্ৰিয়তাও অৱশ্যে নুই কৰিব নোৱাৰি।

সংগীতৰ সমান্তৰালকৈ সামাজিক দায়ৱদ্ধতা দীক্ষু শৰ্মাৰঃ 2
সংগীতৰ সমান্তৰালকৈ সামাজিক দায়ৱদ্ধতা দীক্ষু শৰ্মাৰঃ 3


দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে প্ৰথমাভাগত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.