বলীউডৰ প্ৰেমিক যুঁটি সকলৰ মাজৰ এক বহু প্ৰত্যাশিত যুঁটি হৈছে ৰণৱীৰ কাপুৰ আৰু আলিয়া ভাট। কিছুদিন পূৰ্বে এই দুয়োগৰাকী অভিনেতা-অভিনেত্ৰী ক’ৰোণা সংক্ৰমণৰ বলি হৈছিল আৰু তেওঁলোক নিজ নিজ বাসগৃহতেই কোৱাৰেন্টাইন হৈ পৰিছিল। ক’ৰোণা সংক্ৰমণৰ পৰা ৰক্ষা পৰি এতিয়া উক্ত যুঁটিটো নিজৰ বন্ধ উদযাপনৰ বাবে আগবাঢ়িছে। বিমানবন্দৰলৈ আহি থকা অৱস্থাত তেওঁলোকৰ কিছু ভিডিঅ’ আৰু ফটো ইতিমধ্যে চচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। দুয়ো নিজ বন্ধৰ দিনকেইটাত মালদ্বীপলৈ উৰা মাৰিব বুলি জানিব পৰা গৈছে। এইখিনিতে, আপোনালোকক জনাই থওঁ; মহাৰাষ্ট্ৰত শেহতীয়াকৈ ১৫ দিনৰ “লক-ডাউন” ঘোষণা কৰা হৈছে আৰু এই “লক-ডাউন” ৰ সময়ছোৱাত তাত অব্যাহত থকা শ্বুটিং সমূহো স্তব্ধ কৰি দিয়া হৈছে। আলিয়া ভাট আৰু ৰণৱীৰ কাপুৰ ব্যস্ত হৈ আছিল তেওঁলোকৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ ডাবিঙত; কিন্তু, যিহেতু অভিনেতা ৰণৱীৰ কাপুৰ ক’ৰোণা পজিটিভ হ’ল ফলত এই আটাইবোৰ স্তব্ধ হৈ পৰিছিল। ৰণৱীৰ কাপুৰ ক’ৰোণা পজিটিভ হোৱাৰ কিছু সময় পিছতেই আচলতে অভিনেত্ৰী আলিয়াও ক’ৰোণা পজিটিভ হৈছিল। চচিয়েল মিডিয়াত সক্ৰিয় আলিয়া ভাটে ৰণৱীৰ কাপুৰৰ সৈতে আপলোড কৰা প্ৰত্যেকখন ফটোতেই জনসাধাৰণৰ বহুল প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়।

১৯৯৩ চনত জন্মগ্ৰহণ কৰা আলিয়া ভাটে সৰুতেই “সংঘৰ্ষ” নামে ছবিখনত অভিনয় কৰিছিল লগতে কৰণ জহৰৰ ছবি “ষ্টুডেন্ট অৱ দা ইয়েৰ” ৰ পৰা তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ লগতে, অভিনেতা ঋষি কাপুৰৰ পুত্ৰ ৰণৱীৰে বলীউডত খোজ দিয়ে “সাৱৰিয়া” ছবিখনৰ পৰা। প্ৰথমখন ছবি ফ্লপ হৈছিল যদিও তেওঁৰ আগন্তুক কেইবাখনো ছবিয়ে দৰ্শকৰ সমাদৰ লাভ কৰে। উল্লেখ্য যে, আলিয়া-ৰণৱীৰৰ তেওঁলোকৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ বাবে অপেক্ষাৰত অনুৰাগীও। আয়ান মূখাৰ্জীৰ দ্বাৰা পৰিচালিত ছবিখনৰ প্ৰযোজনা কৰণ জহৰৰ। এই ছবিখনত আলিয়া-ৰণৱীৰৰ সৈতে অভিনয় কৰিব অমিতাভ বচ্চন, মৌনী ৰয় তথা দিম্পল কপাদিয়াই
Add comment