আকৌ সৰ্বত্ৰে তীব্ৰগতিত বিয়পিছে মাৰাত্মক ক’ৰোণা ভাইৰাছ; ক’ৰোণা ভাইৰাছে শেহতীয়াকৈ আকৌ এবাৰ আগ্ৰাসনত লৈছে জনসাধাৰণক। মাৰাত্মক হৈ বিয়পি পৰা ক’ৰোণাই ইতিমধ্যে সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে প্ৰায় সংখ্যক ৰাইজক। সমান্তৰালকৈ, দেশৰ একাংশ ঠাইত ঘোষণা কৰা হৈছে “লক-ডাউন”। কিন্তু, একেলগতে আৰম্ভ হৈছে অসমবাসীৰ বাপতি সাঁহোন মৰমৰ ৰঙালী বিহু; আদৰৰ বিহুটোক লৈ প্ৰতিগৰাকী ব্যক্তিৰ ঠিকনাহীন হেঁপাহে এতিয়াও একোটা বিহু গীতক লৈ উৎসাহিত কৰি ৰাখিছে সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শকক। শেহতীয়াকৈ অসমবাসীৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে এটি সুন্দৰ নতুন বিহু গীত মুকলি কৰিছে কন্ঠশিল্পী শিল্পীশিখা তালুকদাৰে। বিগত মাঘ বিহুৰ সময়ছোৱাতো কন্ঠশিল্পী শিল্পীশিখাই জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশৰ সৈতেও এটি বিহুক তেওঁক মুক্তি দিছিল; উক্ত দুয়োটা বিহুগীততেই শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ এটি বিহু গীতত কন্ঠদান কৰিবলৈ সুবিধা লাভ কৰি অৱশ্যে শিল্পীশিখা নিজেও উৎসাহিত হৈ পৰিছে। জুবিন গাৰ্গৰ সৈতে শিল্পীশিখাৰ সদ্যমুক্তিপ্ৰাপ্ত বিহুগীতটিৰ নাম হৈছে “জানমণি তোমালৈ চাই”। গীতটিত কথা আৰু সুৰৰ দায়িত্বত আছে ক্ৰমে মন পৰশ লগতে দিচাং মুন। আনহাতে, গীতটিত সংগীত গীত ভৰালীৰ। দ্বিতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনত জড়িত শিল্পীশিখাই নিজ গীতসমূহৰ সফলতা-বিফলতা সমূহ নিজ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে বুলি প্ৰকাশ কৰিছিল। ভাল কাম কৰিলে সদায় ৰাইজে আদৰি ল’ব বুলি বিশ্বাস কৰে কন্ঠশিল্পী গৰাকীয়ে।
কন্ঠশিল্পী গৰাকীৰ সৈতে আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা ক’ৰোণা ভাইৰাছ আৰু তাৰ লগতে সংগতি ৰাখি স্থগিত হ’বলৈ আৰম্ভ হোৱা বিহু অনুষ্ঠানসমূহৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিলো। কন্ঠশিল্পী এগৰাকীৰ এনে সময়ত মানসিক অৱস্থাৰ বিষয়ে জানিবলৈ বিচৰাত শিল্পীশিখাই কয় যে, “বিহুৰ বতৰত অনুষ্ঠানবোৰ কৰিবলৈ নাপালে সঁচাকৈ দুখ লাগে আৰু দুখ লগাটোও অৱশ্যে স্বাভাৱিক। প্ৰতিজন সাধাৰণ শ্ৰেণীৰ শিল্পীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে আৰু প্ৰায়ে ঋণাত্মক প্ৰভাৱ পৰাই দেখিবলৈ পোৱা যায়। তথাপিও, আমি কোনোৱে ক’ৰোণা ভাইৰাছৰ দৰে এই মাৰাত্মক বেমাৰটোক আওঁকানো কৰিব নোৱাৰো। এতিয়া মাত্ৰ বিচাৰিছো, সকলো জনসাধাৰণ সাৱধান হওঁক। ল’বলগীয়া সাৱধানতা খিনি গ্ৰহণ কৰক লগতে সজাগ-সচেতনতা বৰ্তাই ৰাখি কামবোৰ কৰি যাওঁক; কাৰণ “লক-ডাউন” হ’লে হোৱা পৰিস্থিতি সমূহ আমাৰ প্ৰত্যেকৰে অৱগত। গতিকে, মানসিক ভাৱে আমি কিছু ভাঙি পৰিছো যদিও বৰ্তমান প্ৰেক্ষাপটত ৰাইজ সূস্থ হৈ থকাটোৱে আশা কৰিছো।”

শিল্পীশিখা তালুকদাৰৰ নতুন গীতটিৰ লগতে তেওঁৰ আহিবলগীয়া সময়ৰ প্ৰতিটো গীতক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁলৈ জনাইছো শুভকামনা।
Add comment