Rupaliparda.com
পৰিণীতা গোস্বামীৰ "আলিবাট" ৰ ফাৰ্ষ্ট লুকঃ 1

পৰিণীতা গোস্বামীৰ “আলিবাট” ৰ ফাৰ্ষ্ট লুকঃ

আমি কিছুদিনৰে পৰা এটি গীতক লৈ খলকনি লগা দেখিছিলো প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতাৰ মাজত। নৱাগতা পৰিণীতা গোস্বামীৰ কন্ঠৰে মুক্তিপাবলগীয়া গীত এটি সুন্দৰ গীত “আলিবাট” ক লৈ অপেক্ষাৰত হৈ পৰিছিল প্ৰতিজন। চচিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হোৱা সংগীতৰ ভিডিঅ’ ৰ সমান্তৰালকৈ নৱপ্ৰজন্মৰ এটা সংগীতৰ বেণ্ড The Blissed Integration ৰ নাম আপোনালোকেও হয়টো জানে। উক্ত বেণ্ডটোৰ সৈতে জড়িত পৰিণীতা গোস্বামীৰ সংগীতৰ জীৱনৰ প্ৰথমটো গীত; গীতটোৰ ইতিমধ্যে ফাৰ্ষ্ট লুকৰ চমু ভিডিঅ’ এটা মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। গীতটিক লৈ জনসাধাৰণ উৎসাহী হোৱা অইন এক কাৰণ হৈছে গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা অভিনেতা তথা সংগীতশিল্পী গৰাকী; অসমীয়া ছবি “আমিষ” ৰ দ্বাৰা সৰ্বত্ৰে চৰ্চিত হোৱা অভিনেতা অৰ্ঘদ্বীপ বৰুৱাৰ অভিনয় দেখিবলৈ পোৱা যাব এই গীতটিৰ ভিডিঅ’ত। আনহাতে, সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত পৰিণীতাৰ পৰিয়ালটোৰ প্ৰতিজন সদস্য সংগীতক লৈ আকৰ্ষিত হোৱাৰ বাবেই আচলতে তেওঁ সৰুৰ পৰাই জ্যোতি সংগীত, ৰাভা সংগীতকে আৰম্ভ কৰি বৰগীত ইত্যাদি শুনি এই সংগীত ক্ষেত্ৰখনত তেওঁ নিজ সম্পৰ্ক গাঢ় কৰি তুলিছিল। সংগীত অবিহনে জীৱন অৰ্থহীন বুলি ক’ব পৰা নৱপ্ৰজন্মৰ মাজৰ এগৰাকী পৰিণীতাৰ সংগীতক লৈ দৃঢ়তা অৱশ্যে ইয়াতেই ফুটি উঠিছে। “আলিবাট” শীৰ্ষক এই গীতটি যদিও প্ৰথম তথাপিও গীতটিয়ে সকলোৰে মাজত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

পৰিণীতা গোস্বামীৰ "আলিবাট" ৰ ফাৰ্ষ্ট লুকঃ 2


Pratidhwani Records ৰ বেনাৰত নিৰ্মিত “আলিবাট” ত কথাৰ লগতে গীতটিৰ ভিডিঅ’ ৰ কাহিনী, বিষয়বস্তু আৰু পৰিচালনাৰ দায়িত্বতো আছে প্ৰাচুৰ্য্য তালুকদাৰ। তেওঁৰ কথা তথা পৰিচালনাৰে নিৰ্মিত নীল আকাশৰ কন্ঠৰে “ৰুক্সানা” ৰ লগতে শেহতীয়াকৈ দীপিলনা আৰু নিপজৰ কন্ঠৰ গীত “দুবাহুৰে সাৱটি ল’বানে” ও লাভ কৰিছিল শ্ৰোতা-দৰ্শকৰ সমাদৰ। গতিকে, এনে পৰিপ্ৰেক্ষিতত আহিবলগীয়া সময়ৰ “আলিবাট” তো ৰাইজৰ সঁহাৰি হ’ব লক্ষণীয়। আনহাতে, গীতটিত সংগীত দিছে সংগীত পল্লৱ তালুকদাৰে। Mystic Production House ৰ এজন দক্ষ সদস্য পল্লৱৰ নামটো বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ এক চিনাকী নাম। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু সহঃ পৰিচালনা কৰিছে প্ৰীতিস্না দত্তই; দৃশ্যগ্ৰহণৰ লগতে সম্পাদনা কৰিছে মানৱ জ্যোতি বৰুৱাই। ডি.আই ৰতনশীল শৰ্মাৰ আৰু পোষ্টাৰ ডিজাইন ঋতুপৰ্ণ বৰাৰ। অতিশীঘ্ৰে গীতটি মুকলি কৰা হ’ব Pratidhwani Records ত। সংগীত শিকাৰ পৰাই এটা নিজাববীয়াকৈ এটা গীত মুকলি কৰি দিয়াৰ ইচ্ছা আছিল কন্ঠশিল্পী পৰিণীতা গোস্বামীৰ। সেইবাবেই হয়টো এই গীতটিৰ বাবে অপেক্ষাৰত প্ৰতিজন শ্ৰোতা।

পৰিণীতা গোস্বামীৰ "আলিবাট" ৰ ফাৰ্ষ্ট লুকঃ 3


“আলিবাট” ৰ সফলতা কামনা কৰি পৰিণীতা গোস্বামীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা যাঁচিছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform