Rupaliparda.com
ভিতালী দাসৰ মৃত্যুক লৈ উৰাবাতৰিঃ 1

ভিতালী দাসৰ মৃত্যুক লৈ উৰাবাতৰিঃ

দেশত আকৌ এবাৰ ক’ৰোণাই লৈছে কালৰূপ। বিগত বৰ্ষৰ দৰেই এইবাৰো যেন ক’ৰোণাই বিভীষিকা নমাই অনাৰ সমান্তৰালকৈ মনোৰঞ্জন ক্ষেত্ৰখনলৈ আহিছে ইটোৰ পিছত সিটোকৈ বেয়া খবৰ। শেহতীয়াকৈ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যৰ বিষয়ত বিয়পিছে উৰা-বাতৰি; কন্ঠশিল্পী গৰাকীৰ মৃত্যুৰ উৰা-বাতৰিয়ে মনোৰঞ্জন ক্ষেত্ৰখনৰ লগতে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক শোকাহত কৰি তুলিছিল। ক’ৰোণাত আক্ৰান্ত হৈ কন্ঠশিল্পী গৰাকীয়ে বৰ্তমানেও মৃত্যুৰ সৈতে যুঁজ দি আছে। কালাপাহাৰৰ ক’ভিড হাস্পাতালত ভেল্টিলেচনত ৰখা হৈছে এতিয়া কন্ঠশিল্পী গৰাকীক। কালৰূপী ক’ৰোণাই আকৌ এবাৰ এনে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত অৱশ্যে প্ৰত্যেকজন জনসাধাৰণো সন্ত্ৰাসগ্ৰস্ত হৈ পৰিছে। বিহু অনুষ্ঠান সমূহ বাতিলৰ লগতে ভিতালী দাসৰ এনে সংকটজনক অৱস্থাৰ বাবে তেওঁৰ প্ৰতিজন অনুৰাগী উদ্বিগ্ন হৈছে। বিহু গীতত কন্ঠদান কৰিয়ে জনসাধাৰণক নিজৰ অনুৰাগী কৰি তোলা ভিতালী দাসৰ বিহুৰ এই সময়ছোৱাতে তেওঁৰ স্বাস্থ্য অৱনতি ঘটিছে; ইয়াতকৈ আৰু অধিক বেয়া খবৰ কি হ’ব পাৰে! কন্ঠশিল্পী গৰাকীৰ মৃত্যুৰ উৰা-বাতৰি বিয়পোৱাৰ ফলতো ৰাইজ ক্ষোভিত হৈ পৰিছিল। ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁৰ আশু আৰোগ্য কামনা কৰি কোনজন কন্ঠশিল্পীয়ে ভিতালী দাসৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছে চাওঁচোন আহকঃ

ভিতালী দাসৰ মৃত্যুক লৈ উৰাবাতৰিঃ 2
ভিতালী দাসৰ মৃত্যুক লৈ উৰাবাতৰিঃ 3
ভিতালী দাসৰ মৃত্যুক লৈ উৰাবাতৰিঃ 4

Add comment

Leave a Reply