Rupaliparda.com
ইৰফান খানৰ ফটো,ভিডিঅ' কিয় শ্বেয়াৰ কৰা নাই বাবিল খানে? 1

ইৰফান খানৰ ফটো,ভিডিঅ’ কিয় শ্বেয়াৰ কৰা নাই বাবিল খানে?

ইৰফান খানৰ মৃত্যুৰ পিছতেই তেওঁৰ পুত্ৰ বাবিলে নিজ পিতৃৰ স্মৃতি ৰোমন্থন কৰি প্ৰায়ে চচিয়েল মিডিয়াত বিভিন্ন ফটো তথা ভিডিঅ’ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু, বিগত কিছু দিনৰ পৰা বাবিল খানে তেনে কোনো ধৰণৰ পোষ্টেই শ্বেয়াৰ কৰা নাই চচিয়েল মিডিয়াত। শেহতীয়াকৈ বাবিলে ইয়াৰ কাৰণ জনসাধাৰণৰ ওচৰত বাখ্যা কৰে। বাবিলে কয় যে, “মই শ্বেয়াৰ কৰিবলৈ খুব ভাল পাওঁ; কিন্তু তাৰ পিছত মোৰ ওচৰলৈ অধিক হাৰত মেছেজ বোৰ আহিবলৈ ধৰিছিল যে মই মোৰ পাব্লিচিটিৰ কৰিবলৈহে হেনো মোৰ পিতৃৰ ফটো অথবা ভিডিঅ’ সমূহ শ্বেয়াৰ কৰিছো। আৰু এই কথাবোৰেই মোক আমনি কৰিছে; কিয়নো মই দেউতাৰ ভিডিঅ’ সমূহ শ্বেয়াৰ কৰিছিলো যি সমূহ তেওঁ নিজৰ অনুৰাগীৰ বাবে এৰি থৈ গৈছিল। কিন্তু ঋণাত্মক মেছেজ সমূহ অহা পিছত মই ভাবিব পৰা নাই যে মই কি কৰো!” নিজ পিতৃৰ স্মৃতিৰ কিছু দৃশ্য খুঁচৰি বাবিলে প্ৰায়ে চচিয়েল মিডিয়া যোগে আপলোড কৰি আছিল; কিছুদিন পূৰ্বে ইৰফান খানে লাভ কৰা বঁটা সমূহক বাবিলে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁৰ পিতৃ ইৰফানে খান লাভ কৰা কেইবাটাও ফিল্মফেয়াৰ বঁটা থাকে, পুত্ৰ বাবিলে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ নিজৰো যে বঁটা বিজয়ী হ’বলৈ ইচ্ছা তাক প্ৰকাশ কৰে। তেওঁ ভিডিঅ’টোৰ আপলোড কৰি কৈছিল যে, “এদিন এই খালী থকা ঠাইখিনি মোৰ হ’ব?” ইৰফান খানৰ দেহাৱসানৰ পিছত তেওঁৰ পুত্ৰ বাবিল খানৰ চৰ্চা শুনিবলৈ পোৱা গৈছিল কেওঁদিশে। তেওঁৰ ইনষ্টাগ্ৰাম ফল’ৱাৰচৰ সংখ্যাও পিতৃৰ দেহাৱসনাৰ পিছত সাংঘাতিককৈ বাঢ়ি থকা দেখিবলৈ পোৱা গৈছিল। আচলতে, ইয়াৰ অইন এটা কাৰণ হৈছে যে বাবিল খানে প্ৰায়ে নিজ পিতৃ সম্বন্ধিত পোষ্ট সমূহ কৰি আছিল। বলীউডৰ ছবিক লৈ আকৰ্ষিত বাবিলে লণ্ডনত ছবি নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰ উপৰিও বাবিলে পিতৃ ইৰফান খানৰ ছবি “কৰীব কৰীব চিংগল” ত কেমেৰা টীমৰ সৈতেও জড়িত আছিল।

ইৰফান খানৰ ফটো,ভিডিঅ' কিয় শ্বেয়াৰ কৰা নাই বাবিল খানে? 2
ইৰফান খানৰ ফটো,ভিডিঅ' কিয় শ্বেয়াৰ কৰা নাই বাবিল খানে? 3


বাবিলৰ বাহিৰেও আমিৰ খানৰ জীয়ৰী ইৰাও অভিনয়ক এৰি ছবি এখন পৰিচালনা কৰাতহে বেছি আকৰ্ষিত। উল্লেখ্য যে, দৰ্শক সকলে বৰ্তমান ইৰফান খানৰ পুত্ৰক লৈ এক আশা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বাবিলো অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে এতিয়া একাংশই; যাতে ইয়াৰ দ্বাৰা পিতৃৰ খালী ঠাইবোৰ পূৰ কৰিব পৰা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.