“শিল্পী”; এই শব্দটোৱে এটা বহুল পৰিসৰৰ অৰ্থ সামৰি ৰাখে। আমি তৎক্ষণাত মনোৰঞ্জন ক্ষেত্ৰখনত জড়িত প্ৰতিজন কলা-কুশলীৰ নামৰ সৈতে এই “শিল্পী” শব্দটো প্ৰয়োগ কৰিব কৰি নিদিওঁ। কেৱল মনোৰঞ্জন ক্ষেত্ৰ বুলিয়েই নহয়; “শিল্প” ৰ সৈতে নিৰৱিচ্চিন্ন ভাৱে জড়িত আৰু “শিল্প” ক সাধানা কৰা ব্যক্তিয়েই হৈছে শিল্পী। যাৰ কৰ্মৰাজি শিল্পৰ পৰ্যায়লৈ উন্নিত হৈ পৰে, সকলোৰে দৃষ্টিত তেওঁয়েই শিল্পী। এগৰাকী শিল্পী হৈছে এনে এজন ব্যক্তি যিয়ে বিনা স্বাৰ্থত নিজ প্ৰতিভাক ৰাইজৰ ওচৰত প্ৰদৰ্শন কৰাৰ ক্ষমতা ৰাখে। যিজন ব্যক্তিয়ে নিজ কলা বা প্ৰতিভাক ভাল পাই নিজ কৰ্ম অব্যাহত ৰাখিছে তেওঁয়ে এগৰাকী প্ৰকৃত শিল্পী; যিয়ে কেতিয়াও নিজৰ “নাম” হোৱাটো নিবিচাৰে আৰু নিৰৱিচ্চিন্ন নিজ ক্ৰিয়া সম্পাদন কৰি যায়। এয়া আছিল এগৰাকী “শিল্পী” ৰ এক থুলমুল বাখ্যা; কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি যদি প্ৰশ্ন কৰো তেতিয়াহ’লে সেই প্ৰশ্নটো হ’ব এগৰাকী “শিল্পী” ৰ ভৱিষ্যত ক’ত! বিগত বৰ্ষৰ স্তব্ধতা আৰু চলিত বৰ্ষতো ক’ৰোণা মহামাৰীয়ে গা কৰি উঠাৰ ফলত হোৱা পৰিস্থিতিয়ে ইতিমধ্যে বহু শিল্পীক মানসিক ভাৱে ভাঙি পেলাইছে। কিছু নকৰিবলগীয়া কামো তেওঁলোকে কৰি পেলোৱা আমি বিগত বৰ্ষৰ পৰা সংবাদ মাধ্যম যোগে দেখিছো অথবা সংবাদ পত্ৰ যোগে পঢ়িবলৈ পাইছো। বৰ্তমানেও “লক-ডাউন” হ’ব বোলা এক সুক্ষ্ম আভাষে মনোৰঞ্জন ক্ষেত্ৰখনলৈ বিভীষিকা নমাই আনিছে; শ্বুটিং তথা আগবাঢ়িবলগীয়া কাম সমূহ জনসাধাৰণ সন্ত্ৰাসগ্ৰস্ত হৈ পৰাৰ ফলতেই ৰৈ গৈছে। গতিকে, এনেক্ষেত্ৰত এগৰাকী “শিল্পী” ৰ ভৱিষ্যতনো কোন দিশত; এই প্ৰশ্নটোৱে অৱশ্যে চিন্তাৰ খোৰাক হৈ প্ৰত্যেকৰে মানসিক স্থিতি খেলি-মেলি কৰি তুলিছে।

শেহতীয়াকৈ এনে ধৰণৰ এক বিষয়বস্তুকে লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এখন চুটি ছবি “শিল পি”। এগৰাকী “শিল্পী” ৰ মনস্তাত্বিক খেলি-মেলিকে আৰম্ভ কৰি বৰ্তমান পৰিপ্ৰেক্ষিতৰ এখন বাস্তৱ ছবিক চুটি ছবিখনৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ উলিয়াই অনাৰ চেষ্টা কৰা হৈছে। অংশুমান শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য অম্লানদ্বীপ শইকীয়াৰ লগতে সংলাপৰ দায়িত্বতো আছে উক্ত দুয়োগৰাকী নৱপ্ৰজন্ম। দৃশ্যগ্ৰহণ ৰঞ্জন নাথৰ। ইয়াত এজন শিল্পীৰ স্তব্ধতাৰ ফলত হোৱা আৰ্থিক অনাটন আৰু শিল্পী অথবা শিল্পহীন সমাজ পিছলৈ কেনে হয় পৰিব, তেনে কিছুমান কথাৰ আলোচনাৰে এই চুটি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে। ছবিখনৰ বিষয়বস্তু যদিও জনসাধাৰণৰ বাবে আকৰ্ষণীয় আছিল তথাপিও চুটি ছবিখনৰ আৰম্ভণিতে কাৰিকৰী দিশটো আৰু কিছু পৰিমাণে উন্নত কৰিব পৰা গ’লহেঁতেন যেন অনুভৱ হয়। ইয়াত অভিনয় কৰিছে ক্ৰমে অন্তৰীপ বৰা, অংশুমান শইকীয়া, হীৰামণি বৰা আৰু অালক শইকীয়া।

চুটি ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক সময়ত এই নৱপ্ৰজন্মৰ দলটোৰ পৰা আন কিছু প্ৰকল্প লাভ কৰাৰ আশাৰে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।
Add comment