Rupaliparda.com
নীৰৱতাত প্ৰশান্তি আৰু এটা গীত; ভাৰ্গৱ ওজাপালি-কৰণ দাসৰ "অজানা পক্ষী"- 1

নীৰৱতাত প্ৰশান্তি আৰু এটা গীত; ভাৰ্গৱ ওজাপালি-কৰণ দাসৰ “অজানা পক্ষী”-

এটি গীতৰ জৰিয়তে আমি কি বিচাৰো অথবা এটা সংগীতে আমাক কি দিয়ে! নীৰৱতাৰ মাজতো আমি কেতিয়াবা এটা সংগীতৰ সংগ বিচাৰো। নহয়নে? তেনে এটা গীতৰ মুক্তিৰ পিছতেই আমি প্ৰতিগৰাকী সংগীতপ্ৰেমী শ্ৰোতাই উৎসাহিত হৈ ৰওঁ। শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে।


কিছুদিন পূৰ্বে ভাৰ্গৱ ওজাপালি আৰু কৰণ দাসৰ যুঁটীয়া প্ৰচেষ্টাৰে মুক্তিপ্ৰাপ্ত এটি গীত হৈছে “অজানা পক্ষী”। “Sound of Assam” ৰ বেনাৰত নিৰ্মিত এই গীতটিয়ে আকৰ্ষণ কৰিছে সকলোকে। আনহাতে, আপোনালোকক জনাবলৈ পাই সুখী যে; “Sound of Assam” হৈছে এনে এক প্ৰযোজনা গোষ্ঠী; যিয়ে উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন কন্ঠশিল্পী তথা সংগীতশিল্পী সমূহক নিজ সৃষ্টি সমূহ প্ৰচাৰৰ বাবে বিনামূলীয়া সুবিধা প্ৰদান কৰে। সদ্যমুক্তিপ্ৰাপ্ত “অজানা পখী” ৰ কথা আৱেগ আৰু মাধুৰ্য্য দত্তৰ। কন্ঠদান কৰিছে কৰণ দাস আৰু সংগীত ভাৰ্গৱ ওজাপালিৰ। বৰ্তমানলৈ ভাৰতবৰ্ষৰ এহেজাৰটা বেণ্ডত নিজ কৰ্ম সম্পাদনা কৰা ভাৰ্গৱ ওজাপালি ২০১৩ চনৰ পৰা পেছাগত ভাৱে এই ক্ষেত্ৰখনৰ সৈতে জড়িত। একোজন দক্ষ ব্যক্তিয়ে যেতিয়া আগন্তুক কালছোৱাত অসমীয়া সংগীত ক্ষেত্ৰখন প্ৰতিভাসম্পন্ন একোজন নৱপ্ৰজন্মৰ হাতত থকা বুলি যেতিয়া মন্তব্য কৰে তেতিয়াই আচলতে সম্প্ৰতি সময়ৰ গীত সমূহৰ এক পৰ্যালোচনা কৰিব পৰা যায়। সহায়ৰ হাত আগবঢ়োৱাৰ সমান্তৰালকৈ ইজনে আনজনক জনসাধাৰণৰ মাজলৈ লৈ অনাৰ বাবে যি চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে সেয়া সঁচা আদৰণীয় তথা লেখত ল’বলগীয়া বিধৰ।

নীৰৱতাত প্ৰশান্তি আৰু এটা গীত; ভাৰ্গৱ ওজাপালি-কৰণ দাসৰ "অজানা পক্ষী"- 2


“অজানা পক্ষী” ৰ সফলতা লগতে “Sound of Assam” ৰ আহিবলগীয়া সময়ৰ প্ৰতিটো গীতৰ বাবে বৰ্তমান অপেক্ষাৰত শ্ৰোতা। ৰূপালীপৰ্দাই এওঁলোকক জনাইছে অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform