Rupaliparda.com
জোনবাইৰ দেশত ঘৰ সাঁজিবলৈ গুচি গ'ল ভিতালী দাসঃ কেওঁদিশে শোকৰ চাঁ- 1

জোনবাইৰ দেশত ঘৰ সাঁজিবলৈ গুচি গ’ল ভিতালী দাসঃ কেওঁদিশে শোকৰ চাঁ-

বিহুৰ বতৰতেই আমি হেৰুৱালো এগৰাকী সুললিত কন্ঠৰ সম্ৰাজ্ঞী তথা বিহুৰাণী খ্যাত অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসক। মহামাৰী ক’ৰোণাৰ সমুখত হাৰ মানিলে কন্ঠশিল্পী গৰাকীয়ে; কালি সন্ধিয়া প্ৰায় ৭.০৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে কন্ঠশিল্পী গৰাকীয়ে। বিগত ১৪ এপ্ৰিলৰ নিশা লতাশিল বিহু সন্মিলনত অনুষ্ঠিত বিহু অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে কণ্ঠশিল্পীগৰাকী অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে আৰু তাৰ পিছতেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালিব লগীয়া এই কন্ঠশিল্পী গৰাকী মধুমেহ ৰোগতো ভূক্তভোগী হৈ আছিল। ক’ভিড পজিটিভ বুলি চিনাক্তকৰণৰ পিছত ভিতালী দাসক ১৬ এপ্ৰিল তাৰিখে কালাপাহাৰস্থিত ক’ভিড হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল আৰু কালি দুপৰীয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভেন্টিলেচনত ৰখা হৈছিল। উল্লেখ্য যে, ১০ ম শ্ৰেণীত অধ্যয়নৰত কন্যাৰ লগতে স্বামীক ভিতালী দাসে এৰি থৈ যায়। আনহাতে, ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাস ব্ৰেইন ষ্ট্ৰোক হৈ চিকিৎসাধীন হৈ আছে। জানমণি, অঞ্জনা, জোনবাই, ৰাংঢালি, মৰমজান আদি বিহুগীতৰ কেছেটত কণ্ঠদান কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। জুবিন গাৰ্গৰ সৈতে প্ৰায় ৩০০০ টা গীতত একেলগে কন্ঠদান কৰা ভিতালী দাসৰ মৃত্যুত মৰ্মাহত হৈ হাৰ্টথ্ৰৱ গৰাকীও শোকস্তব্ধ হৈ পৰিছে।

জোনবাইৰ দেশত ঘৰ সাঁজিবলৈ গুচি গ'ল ভিতালী দাসঃ কেওঁদিশে শোকৰ চাঁ- 2
জোনবাইৰ দেশত ঘৰ সাঁজিবলৈ গুচি গ'ল ভিতালী দাসঃ কেওঁদিশে শোকৰ চাঁ- 3
জোনবাইৰ দেশত ঘৰ সাঁজিবলৈ গুচি গ'ল ভিতালী দাসঃ কেওঁদিশে শোকৰ চাঁ- 4
https://www.instagram.com/p/CN8DHkQn_Wy/?utm_source=ig_web_copy_link


জুবিন দাস সহিতে চচিয়েল মিডিয়াত অসমীয়া সংগীত ক্ষেত্ৰখনৰ প্ৰতিজন কণ্ঠশিল্পীয়ে ভিতালী দাসলৈ যাঁচিছে শুভকামনা। শোকৰ বন্যা নামিছে সংগীত ক্ষেত্ৰখনত। এইখিনিতে, ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনপ্ৰিয় কন্ঠশিল্পীলৈ যাঁচিছো একাঁজলি শ্ৰদ্ধাঞ্জলি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.