Rupaliparda.com
ক'ৰোণা নিগেটিভ বিকি কৌশল আৰু কেটৰিণা কাইফ! কিন্তু ইমান সামঞ্জস্য? 1

ক’ৰোণা নিগেটিভ বিকি কৌশল আৰু কেটৰিণা কাইফ! কিন্তু ইমান সামঞ্জস্য?

ক’ৰোণাই বলীউড ক্ষেত্ৰখনৰ প্ৰায় অধিকাংশ তাৰকাকেই নিজ আগ্ৰাসনত লোৱা দেখিবলৈ পোৱা গৈছিল। অভিনেতা-অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি নিৰ্মাতা-নিৰ্দেশকলৈ প্ৰত্যেকেই হৈ পৰিছিল ক’ৰোণা পজিটিভ। অৱশ্যে, শেহতীয়াকৈ প্ৰায় সকল তাৰকা ক’ৰোণাক হৰুৱাই সূস্থ হৈ পৰিছে আৰু ইয়াৰ ভিতৰত নাম ল’ব পৰা যায় বিকি কৌশল আৰু কেটৰিণা কাইফৰ। কিন্তু এই সামান্য কথাটোকেই লৈ এতিয়া তাৰকাদ্বয়ৰ অনুৰাগীয়ে সাংঘাটিককৈ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছে। কিছুদিন পূৰ্বে বিকি কৌশলে চচিয়েল মিডিয়াযোগে তেওঁ ক’ৰোাণা পজিটিভ হোৱা বুলি সকলোকে জানিবলৈ দিছিল আৰু কিছু সময় পিছতেই কেটৰিণা কাইফেও নিজ পজিটিভ হোৱা বাতৰি জানিবলৈ দিছিল। আনহাতে, আকৌ এবাৰ বিকি কৌশল নিগেটিভ হোৱা কিছু মূহুুৰ্ত পিছত অভিনেত্ৰী গৰাকীয়েও ক’ৰোণাৰ আগ্ৰাসনৰ পৰা ওলাই অহা বুলি জানিবলৈ দিয়ে। এই কথাটোকেই লৈ এতিয়া আচৰিত হৈ একাংশ অনুৰাগীয়ে চচিয়েল মিডিয়াত প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে কেটৰিণা কাইফ আৰু বিকি কৌশলৰ ফেন ক্লাৱে ধাৰণা কৰিছিল যে তাৰকাদ্বয়ে একেলগে নতুন বছৰ উদযাপন কৰিছে। দুয়োয়ে একেলগে কোনো ফটো আপলোড কৰা নাছিল যদিও একেধৰণৰ ঠাইৰ পৰা ফটো আপলোড কৰাৰ বাবেই ফেন ক্লাৱে এনে ধাৰণা কৰিছিল। কিন্তু পিছলৈ, এই সম্পূৰ্ণ কথাক সত্য প্ৰমাণিত কৰি কেটৰিণাই এখন ফটো আপলোড কৰে য’ত ভুলক্ৰমে আহি যায় বিকি কৌশল; অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা কিছু মূহুৰ্ত পিছতেই ফটোখন ডিলিট কৰি দিয়ে যদিও সেই সময়লৈ তেওঁৰ ফটো খন ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। কেটৰিণা কাইফ আৰু বিকি কৌশলৰ সম্পৰ্কৰ চৰ্চা বিগত ২ টা বছৰৰ পৰা অবিৰত ভাৱে চলি আহিছে।

ক'ৰোণা নিগেটিভ বিকি কৌশল আৰু কেটৰিণা কাইফ! কিন্তু ইমান সামঞ্জস্য? 2
SOURCE: GOOGLE


এই সম্পৰ্কত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কোনো ধৰণৰ মোহৰ লগোৱা নাই যদিও তেওঁলোকৰ সম্পৰ্কক লৈ উৎসাহী অনুৰাগী। শেহতীয়াকৈ দুয়োগৰাকী চিলেব্ৰেটীয়ে নতুন বছৰক আদৰিবলৈ কৰা পোষ্টত সামঞ্জস্য বিচাৰি উলিয়ালে তেওঁলোকৰ ফেন ক্লাৱে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.