Rupaliparda.com
16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ "ব্ৰীজ" লৈঃ 1

16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ “ব্ৰীজ” লৈঃ

দেশত চলি থকা বেয়া খবৰবোৰৰ মাজতেই অহা এটা ভাল খবৰে প্ৰতিজন দৰ্শককে উৎসাহিত কৰিছে। “বেয়া” বোৰে যিমানেই আগ্ৰাসনত নলওঁক কিয়! আন্ধাৰ ভেদি প্ৰতিদিনেই পোহৰ ওলাই অহাটো স্বাভাৱিক। এই ভাল খবৰটো হৈছে মনোৰঞ্জন ক্ষেত্ৰখনৰ; ইখনৰ পিছত সিখনকৈ ছবি সমাৰোহত মনোনয়ন লাভ কৰিব সক্ষম হোৱা “ব্ৰীজ” ছবিখনলৈ আন এক সন্মান। কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে 16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। পুৰষ্কাৰটো শেহতীয়াকৈ পৰিচালকগৰাকীৰ হাতত পৰাৰ পিছতেই চচিয়েল মিডিয়াত এটা পোষ্টযোগে তেওঁ জনসাধাৰণক জনাবলৈ সক্ষম হয়। বৰ্তমানলৈ এই ছবিখনে মুঠ ২০ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” তi উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।

16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ "ব্ৰীজ" লৈঃ 2
16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ "ব্ৰীজ" লৈঃ 3


চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ পৰিচালক গৰাকীৰ নিজৰ। “কৃষ্টিপথাৰ” ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে । অভিনয় কৰিছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা,গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা,প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদিয়ে।উল্লেখ্য যে, দুই-এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ বাহিৰে ছবিখনৰ প্ৰায় আধা সংখ্যাক শিল্পীয়ে নৱাগত। সহঃ কাৰী পৰিচালক প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। ঢকুৱাখানাৰ সোণাৰী চাপৰি গুৱাহাটী আৰু জোনাইৰ বিভিন্ন লোকেশ্বনত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা।সংগীত কৃপাল কলিতাৰ I সম্পাদনা কিশোৰ ডেকা। ,চিংক চাউণ্ড মাধব দাস আৰু গুণজিৎ শৰ্মা, শব্দ সম্পাদনা বিজয় নাথ I “ব্ৰীজ”চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে ৰ মুম্বাইত অমৃত প্ৰীতমে I ডি.আই ৰাজেশ য়াদৱ(মুম্বাই)।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া, সাজসজ্জা সবিতা দেৱী, এনিমেশ্বন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ চাবটাইটেল- শ্ৰুতি ভট্টাচাৰ্য্য,আৰু প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিণী কুমাৰ ডেকা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform