Rupaliparda.com
মাৰাত্মাক ক'ৰোণাঃ ক'ৰোণাই কাঢ়িলে সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ক- 1

মাৰাত্মাক ক’ৰোণাঃ ক’ৰোণাই কাঢ়িলে সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ক-

দেশত সক্ৰিয় আৰু মাৰাত্মক ৰূপ ধাৰণ কৰা ক’ৰোণা ভাইৰাছে বৰ্তমান প্ৰত্যেকৰে মনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইজনৰ পিছত সিজনকৈ লোক ভাইৰাছবিধৰ আগ্ৰাসনলৈ আহি মৃত্যুক আঁকোৱালিবলগীয়া হৈছে। কেইবাটাও দু-সংবাদে আহি আমাক থকা-সৰকা কৰি থৈছে গৈছেহি। শেহতীয়াকৈ বলীউড ক্ষেত্ৰখনৰ পৰা আহিছে এটি বেয়া খবৰ; জনপ্ৰিয় সংগীত পৰিচালকৰ যুঁটি নদীম-শ্ৰৱণৰ মাজৰ পৰা পৰিচালক শ্ৰৱণ ৰাথোড়ে ক’ৰোণা ভাইৰাছৰ আগত হাৰ মানে আৰু তেওঁৰ দেহাৱসান ঘটে। বিগত ২ দিন পূৰ্বে শ্ৰৱণ ৰাথোড়ক অসূস্থ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল; ইয়াৰ লগতে উল্লেখ্য যে, শ্ৰৱণ ৰাথোড়ৰ সৈতে তেওঁৰ পত্নী আৰু পুত্ৰও ক’ৰোণা পজিটিভ হোৱা বৰ্তমানেও চিকিৎসাধীন। যাৰ ফলত তেওঁলোকে সংগীত পৰিচালক গৰাকীৰ অন্তিম সৎকাৰতো উপস্থিত থাকিব নোৱাৰিব। শ্ৰৱণ ৰাথোড়ে ২২ এপ্ৰিল তাৰিখে নিশা ৯.৩০ বজাত ইহলীলা সম্বৰণ কৰে। নদীম-শ্ৰৱণৰ সাংগীতিক যুঁটিটো সৃষ্টি হৈছিল তেওঁলোকৰ ১৮- ১৯ বৰ্ষতেই। বলীউডত ৮০ দশকত বহুল জনপ্ৰিয়তা লাভ কৰা এই যুঁটিটোৰ এগৰাকীক হেৰুৱাই এতিয়া বলীউড ক্ষেত্ৰখনৰ তাৰকা সকলো শোকস্তব্ধ হৈ পৰিছে। অক্ষয় কুমাৰৰ পৰা আৰম্ভ কৰি অজয় দেৱগণ, শ্ৰেয়া ঘোষালে চচিয়েল মিডিয়া যোগে দিছে শ্ৰদ্ধাঞ্জলি। চাওঁচোন আহকঃ

https://twitter.com/akshaykumar/status/1385402228018532353?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1385402228018532353%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fnavbharattimes.indiatimes.com%2Fmovie-masti%2Fnews-from-bollywood%2Frip-shravan-rathod-ajay-devgn-to-akshay-kumar-bollywood-celebs-mourn-the-demise-of-legendary-composer%2Farticleshow%2F82209038.cms
https://twitter.com/ashokepandit/status/1385287007321083905?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1385287007321083905%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fnavbharattimes.indiatimes.com%2Fmovie-masti%2Fnews-from-bollywood%2Frip-shravan-rathod-ajay-devgn-to-akshay-kumar-bollywood-celebs-mourn-the-demise-of-legendary-composer%2Farticleshow%2F82209038.cms
https://twitter.com/ipritamofficial/status/1385287464596561920?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1385287464596561920%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fnavbharattimes.indiatimes.com%2Fmovie-masti%2Fnews-from-bollywood%2Frip-shravan-rathod-ajay-devgn-to-akshay-kumar-bollywood-celebs-mourn-the-demise-of-legendary-composer%2Farticleshow%2F82209038.cms
মাৰাত্মাক ক'ৰোণাঃ ক'ৰোণাই কাঢ়িলে সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ক- 2
SOURCE: GOOGLE

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.