Rupaliparda.com
ফাতিমা সানা শেইখ, অমিত সাধে লৈছে চচিয়েল মিডিয়াৰ পৰা অব্যাহতিঃ 1

ফাতিমা সানা শেইখ, অমিত সাধে লৈছে চচিয়েল মিডিয়াৰ পৰা অব্যাহতিঃ

বলীউড তাৰকাৰ মাজৰ ইজন পিছত সিজনে শেহতীয়াকৈ চচিয়েল মিডিয়াৰ লৈছে অব্যাহতি। ডবংগ ছবিৰ অভিনেত্ৰী ফাতিমা সানা শেইখে চচিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কথা ব্যক্ত কৰে। ইয়াৰ পূৰ্বেও ৱৰীনা হুচেইন আৰু অমিত সাধেও চচিয়েল মিডিয়া এৰাৰ এক আনুষ্ঠানিক ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল। দেশৰ এনে অৱস্থাৰ বাবেই সকলোৰে সূস্থতাৰ প্ৰাৰ্থনা কৰি ফাতিমা সানা শেইখে কয় যে, “আপোনালোক সকলোৰে সমাদৰ মোৰ বাবে শক্তি হৈ থিয় দিছে। এয়া মোৰ শেষৰটো চচিয়েল মিডিয়া পোষ্ট যদিও মোৰ এই একাউন্টটো মোৰ টীমে চোৱা-চিতা কৰিব আৰু আপোনালোকে মই কৰা কামসমূহৰ খতিয়ান পাই গৈ থাকিব। আপোনালোক সকলো সুৰক্ষিত থাকক।” ফাতিমাৰ ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা ২.৫ মিলিয়ন গৰাকী। সমান্তৰালকৈ, চচিয়েল মিডিয়াৰ পৰা অব্যাহতি লোৱা সময়ছোৱাত অমিত সাধেও জনায় যে, “দেশত হোৱা এনে পৰিস্থিতিয়ে মোক ভাবিবলৈ বাধ্য কৰোৱাইছে যে চচিয়েল মিডিয়াত মই কেনেধৰণৰ ফটো পোষ্ট কৰিম। সম্পূৰ্ণ মহাৰাষ্ট্ৰক য’ত ক’ভিডে থকা-সৰকা কৰিছে। সমগ্ৰ দেশত বৰ্তমান বিভীষিকাই দেখা দিছে; মোৰ ভাব হয় এতিয়া মই কোনো জিমত গৈ ৰিল ভিডিঅ’ শ্বেয়াৰ কৰি অথবা এখন মোৰ ভাল ফটো শ্বেয়াৰ কৰি মোৰ এনে নালাগে যে মই কাৰোবাক মনোৰঞ্জন কৰি আছো।”

ফাতিমা সানা শেইখ, অমিত সাধে লৈছে চচিয়েল মিডিয়াৰ পৰা অব্যাহতিঃ 2
ফাতিমা সানা শেইখ, অমিত সাধে লৈছে চচিয়েল মিডিয়াৰ পৰা অব্যাহতিঃ 3


আগলৈ তেওঁ কয় যে, “মই কাৰো আলোচনা কৰা নাই। মোৰ মাত্ৰ ভাৱ হৈছে যে এনে সংবেদনশীল সময়ত সকলোতকৈ শ্ৰেষ্ঠ হ’ব প্ৰাৰ্থনা কৰাটো আৰু আগতকৈ সকলো ঠিক হোৱাৰ বাবে অপেক্ষা কৰাটো। মই চচিয়েল মিডিয়াত একো শ্বেয়াৰ নকৰো যদিও অনুৰাগী সকলৰ সৈতে মই সদায় আছো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.