এগৰাকী অভিনেতা হোৱাৰ মানসিকতাৰে সৰুৰ পৰা ডাঙৰ হোৱা বিশ্বজিৎ বৰাৰ বিষয়ে আপোনালোকে বাৰু কিমান জানে? তেওঁৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবিকেইখনে জনসাধাৰণক উৎসাহিত কৰাৰ সমান্তৰালকৈ তেওঁৰ পূৰ্বে মুক্তি প্ৰাপ্ত ছবি সমূহো বাণিজ্যিক ভাৱে সফল হোৱাৰ লগতে ই আছিল সমালোচকৰ পৰাও প্ৰশংসিত। তেওঁৰ ছবিসমূহৰ বিষয়ে কথা পাতি থকা সময়তে তেওঁৰ এখন ছবিক দৰ্শক অপেক্ষাৰত হৈ আছে; ছবিখনৰ নাম “বেলকনিত ভগৱান” অৰ্থাৎ (গ’ড অন দা বেলকনি)। ছবিখনৰ বাবে পৰিচালক গৰাকীয়ে ইতিমধ্যে ২৬ তম কলকাতা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ “গ’ল্ডেন ৰ’য়েল বেংগল টাইগাৰ”, ইটালীৰ ভেচোভিউছ আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত শ্ৰেষ্ঠ পৰিচালকৰ তথা সপ্তম ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত এই ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু চলিত বৰ্ষৰে ২৯ মে’ ৰ পৰা ৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া Ferrara Film Festival, 2021 তো ছবিখনে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী অভিনেতা ৰূপে নিজক চিনাকী কৰোৱাৰ স্বাৰ্থত বিশ্বজিৎ বৰাই অভিনয়ৰ কৰ্মশালা সমূহত অংশগ্ৰহণ কৰিছিল যদিও পিছলৈ অভিনয়ত নিজৰ ভৱিষ্যৎ নেদেখি পৰিচালক গৰাকীয়ে মুম্বাইলৈ গৈ সম্পাদনা অৰ্থাৎ ইডিটিঙৰ শিক্ষা গ্ৰহণ কৰি এটা ষ্টুডিঅ’ত সহঃ সম্পাদক ৰূপে কৰ্ম সম্পাদন কৰিছিল। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত পৰিচালক গৰাকীয়ে নিজেও কয় যে তেওঁ তেতিয়ালৈ কোনো ধৰণৰ জীৱনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা নাছিল। কিন্তু, তেওঁৰ জীৱন সলনি কৰা মূল্য ব্যক্তি আছিল অসমৰ এগৰাকী সুপ্ৰতিষ্ঠিত তথা জনপ্ৰিয় পৰিচালক জাহ্নু বৰুৱা।

জাহ্নু বৰুৱাই ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত “তৰা” ছবিখন সম্পাদনাৰ বাবে যেতিয়া বিশ্বজিৎ বৰাৰ কাষ চাপিছিল তেতিয়াই জাহ্নু বৰুৱাই বিশ্বজিৎ বৰাক তেওঁৰ সৈতে সহঃ পৰিচালক ৰূপে জড়িত হোৱাৰ কথা প্ৰকাশ কৰিছিল আৰু তেতিয়াৰ পৰাই বিশ্বজিৎ বৰা স্থিৰ হৈছিল নিজৰ সপোনক লৈ। আহিবলগীয়া সময়ত “বেলকনিত ভগৱান” ত বিশ্বজিৎ বৰাই তেওঁৰ জন্মভূমি অসমখনৰ একাংশ ঠাইত দেখিবলৈ পোৱা এখন বাস্তৱ ছবিকেই প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে। ৪ বছৰ আগতেই এই ছবিখনৰ পৰিকল্পনা কৰিছিল পৰিচালক গৰাকীয়ে আৰু ইয়াত মূখ্য চৰিত্ৰ ৰূপে তেওঁ ল’বলৈ বিচাৰিছিল অভিনেতা সুনীল ছেট্টীক কিন্তু পিছলৈ পৰিচালক গৰাকীৰ মন-মগজুত থকা কাহিনীভাগৰ সৈতে সুনীল ছেট্টী খাপ নোখোৱাত তেওঁ হৰিশ খান্নাৰ কাষ চাপিছিল; যিয়ে এক কথাত ক’বলৈ গ’লে “justify” কৰিছে উক্ত চৰিত্ৰটোক। দেৰগাওঁৰ বিভিন্ন ঠাইত ছবিখনৰ শ্বুটিং সম্পন্ন কৰিছে পৰিচালক গৰাকীয়ে। ছবিখনৰ প্ৰযোজনাৰ দায়িত্বতো আছে অসমীয়া ছবি ক্ষেত্ৰত এগৰাকী সফল প্ৰযোজক নুৰুল চুলতান। প্ৰযোজক গৰাকীও এই ছবিখনক লৈ আশাবাদী।

আগন্তুক সময়ত বিশ্বজিৎ বৰাৰ আন এখন ছবিয়েও টোকৰ মাৰিব চিত্ৰগৃহসমূহত। “লখিমী” ছবিখন অহা ১১ জুনত মুকলি কৰি দিয়া কথা ভবা হৈছে যদিও এতিয়া এয়া নিৰ্ভৰ কৰিব পৰিস্থিতিৰ ওপৰতহে। তৎস্বত্বেও, উক্ত দুয়োখন ছবিৰ বাবেই অপেক্ষাৰত পৰিচালক গৰাকী লগতে তেওঁৰ অনুৰাগীবৃন্দ।
Add comment