“MX Player” ত মুক্তি লাভ কৰা “আশ্ৰম” শীৰ্ষক ৱেব চিৰিজ খনৰ জনপ্ৰিয়তা প্ৰত্যেকজনৰ মুখে মুখে। ইতিমধ্যে চিৰিজখনৰ দুটাকৈ সংস্কৰণে আকৰ্ষণ কৰিছে দৰ্শকবৃন্দক। প্ৰকাশ ঝাৰ দ্বাৰা পৰিচালিত এই ৱেব চিৰিজখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেতা ববী দেউলে। এই ৱেব চিৰিজখনত মায়ানগৰীৰ কেইবাটাও জনপ্ৰিয় নাম জড়িত হোৱাৰ সমান্তৰালকৈ সাঙুৰ খাই আছে অসম সন্তান হৰ্জিৎ দিয়াজৰ নাম। এগৰাকী সংগীত পৰিচালক ৰূপে এই ৱেব চিৰিজখনৰ সৈতে জড়িত হৈ আছে এই অসম সন্তান গৰাকী। তেওঁৰ জনপ্ৰিয় হোৱা কেইবাটাও প্ৰকল্পৰ লগতে “আশ্ৰম” ৰো তেওঁৰ দ্বাৰা পৰিচালিত পূৰ্বৰ গীত দুটিৱেও লাভ কৰিছে সমাদৰ। আকৌ এবাৰ এই ৱেব চিৰিজ খনৰ তৃতীয়টো সংস্কৰণৰ প্ৰস্তুতকৰণৰ দিশে আগবাঢ়িছে নিৰ্মাতা গোষ্ঠী আৰু সংগীত শিতানত দেখিবলৈ পোৱা যাব পুনৰ এবাৰ হৰ্জিৎ দিয়াজক। এইবাৰৰ সংস্কৰণটোত কি নতুন আছে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “চিজন ১-২ টোত মই দুটা গান কৰিছিলো ক্ৰমে “বাবা গৰীৱো ৱালে” আৰু “তুঝমে সমায়ে চাৰি দুনিয়া”। নতুনত্ব কি বুলি ক’লে আগৰ বাৰ মুম্বাইত থাকি কৰিছিলো কিন্তু এইবাৰ অসমত থাকি গীত দুটা কৰিলো; পূৰ্বৰ গান কেইটা পুৰুষৰ কন্ঠত আছিল যদিও এইবাৰ নাৰীৰ কন্ঠত গীত শুনিবলৈ পাব দৰ্শকে। আপোনালোকে যদি ৱেব চিৰিজ খন উপভোগ কৰিছে তেতিয়াহ’লে তাত থকা মূখ্য নাৰী চৰিত্ৰটোক লৈ হয়টো অৱগত; তেওঁৰ জীৱনৰ প্ৰতিটো অমূল্য বস্তুক বাবাই কাঢ়ি লোৱাৰ পিছত ৱেব চিৰিজখনত তাই প্ৰতিশোধ লোৱাৰ মানসেৰে আগবাঢ়ে। তাৰে মাজৰে এটা গীত আছে যিটোৱে তাইৰ মানসিক খেলি-মেলিক প্ৰতিফলিত কৰিছে “ৱক্ট কা ৰংগ’ লগতে যিটো সময়ত প্ৰতিশোধৰ বাবে চৰিত্ৰটোৱে নিজক প্ৰস্তুত কৰিব তেতিয়া দৰ্শকে শুনিবলৈ পাব “তুঝসে মে জিত যাউংগী”। দুয়োটা গীত বৰ্তমানলৈ মই কৰিলো; ইয়াত সুৰ কৰিছে চনী বওঁৰা আৰু ইন্দৰ বওঁৰাই। আনহাতে, ইয়াত কথা কুমাৰ পাজ্জিৰ।”


ক’ৰোণা ভাইৰাছ আৰু হৰ্জিৎ দিয়াজৰ মানসিক স্থিতিৰ বিষয়ে প্ৰশ্ন কৰাত হৰ্জিৎ দিয়াজে কয় যে, “বিগত বৰ্ষত মাৰ্চৰ ২৩ তাৰিখে যেতিয়া প্ৰথমটো লক-ডাউনৰ ঘোষণা কৰা হৈছিল তেতিয়াই মই শেষৰ ফ্লাইটটো ধৰি অসম আহি গৈছিলো। তাৰ পিছতেই আহি গম পাইছিলো যে অহা ২১ দিনলৈ সমগ্ৰ দেশত “লক-ডাউন”; সেয়া মোৰ আচলতে সোভাগ্য আছিল কিয়নো মোৰ পিছত ৰৈ যোৱা সকল বহুমাহ মুম্বাইতেই ৰৈ যাবলগীয়া হৈছিল লগতে একাংশই বাছ-গাড়ী লৈও আহি ওলাইছিল। প্ৰথমৱস্থাত মোৰ সমগ্ৰ “চেট-আপ” মুম্বাইতেই ৰৈ গৈছিল গতিকে ঘৰতে এটা কম্পিউটাৰৰ জৰিয়তেই কিছুমান কাম কৰি গৈছিলো। পৰৱৰ্তী সময়ত, চেপ্তেম্বৰ মাহলৈ যেতিয়া পৰিস্থিতিটোৰ কিছু সাম কাটে তেতিয়া মই মুম্বাইলৈ গৈ তাত তিনিদিন মানৰ কোৱাৰেন্টাইনত থাকি বস্তু-বাহানিবোৰ কিছু বিক্ৰী কৰি ব্যক্তিগত কম্পিউটাৰটো লৈয়ে আকৌ উভতি আহি অসমতেই নিজ ঘৰত কোৱাৰেন্টাইনত আছিলো। পিছলৈ গুৱাহাটীত এটা ৰূমৰ ব্যৱস্থা কৰি নিজৰ পেছাভিত্তিক কাম-কাজ বোৰ আৰম্ভ কৰিলো। তাৰ মাজতেই যেতিয়া শ্ৰদ্ধাৰ দিগন্ত ভাৰতী ছাৰৰ ক’ৰোণা হৈছিল তেতিয়া জুবিন দাই আমাক সকলোকে টেষ্ট কৰোৱাইছিল কিয়নো আমি তেওঁৰ লগতেই আছিলো। মই এতিয়াকৈ ৫-৬ বাৰ ক’ৰোণা টেষ্ট কৰিলো, প্ৰত্যেকবাৰেই মই নিগেটিভ হৈছিলো। গতিকে, এইবাৰ লক-ডাউন হ’লেও একেই হ’ব; কিন্তু পূৰ্বৰ লক-ডাউনৰ তুলনাত এইবাৰ সম্ভাৱনা আৰম্ভ হ’লেও কিছু কাম চলি আছে। যেনে ধৰক টেলেগু ইণ্ড্ৰাষ্ট্ৰীৰ এখন টেলেগু ছবিৰ কাম মই কৰিলো, দুখন বলীউড ছবিৰ কাম কৰিলো। কিছু সৰু-সুৰা কাম এতিয়াও ৰৈ যোৱা নাই, হৈ আছে। আনহাতে কাৰ্টুন নেটৱৰ্কৰো আন এটা প্ৰকল্প “আকাংশ” ৰ লগত জড়িত হৈ আছো।”

আগলৈ তেওঁ কয় যে, “মই ধনাত্মক ফালৰ পৰা যদি কওঁ তেতিয়াহ’লে মই ক’ম যে ক’ৰোণাই এটা বস্তু ভাল কৰিলে যে এতিয়া ব্যক্তিবিশেষে নিজৰ ঘৰৰ পৰাই ভালেখিনি কাম সম্পাদন কৰা আমি দেখিছো। ইন্টাৰনেটৰ সহায়ত কামবোৰ সহজ হৈছে। মই বৰ্তমান অসমৰ পৰাই প্ৰায়খিনি কাম কৰি আছো। মোৰ লগৰ বহুখিনি বন্ধুয়ে নিজৰ নিজৰ ঘৰৰ পৰাই তেওঁলোকৰ ভাগৰ কাম সমূহ কৰি গৈ আছে।”
Add comment