Rupaliparda.com
"সাৱৰিয়া" ৰ পূৰ্বে ৰণৱীৰ কাপুৰে অভিনয় কৰিছিল চুটি ছবিতঃ 1

“সাৱৰিয়া” ৰ পূৰ্বে ৰণৱীৰ কাপুৰে অভিনয় কৰিছিল চুটি ছবিতঃ

বলীউড ছবি “সাৱৰিয়া” ৰে নিজ কেৰিয়াৰৰ আৰম্ভণি কৰা ৰণৱীৰ কাপুৰৰ প্ৰথমখন ছবিয়ে যদিও দৰ্শকৰ বহুল সঁহাৰি লাভ কৰা নাছিল তথাপিও তেওঁৰ অভিনয়ে আপ্লুত কৰিবলৈ সক্ষম হৈছিল জনসাধাৰণক। “সাৱৰিয়া” ছবিখনৰ পিছত তেওঁ অভিনয় কৰিবলৈ সুবিধা পাইছিল সঞ্জু, ৰকষ্টাৰৰ লগতে য়ে জাৱানী হে দিৱানী আদি কেইবাখনো বহুলভাৱে প্ৰশংসিত ছবিত। কিন্তু আপোনালোকে জানেনে? ৰণৱীৰ কাপুৰে “সাৱৰিয়া” ৰ পূৰ্বে অভিনয় কৰিছিল এখন চুটি ছবিত। পিংকভিলাৰ এক ৰিপোৰ্টনুসৰি, এই অভিনেতা গৰাকীয়ে উক্ত বলীউড ছবিখনৰ পূৰ্বে এখন চুটি ছবি “কৰ্মা” ত অভিনয় কৰিছিল; কিন্তু ছবিখন কোনো কাৰণবশতঃ মুক্তি লাভ কৰিব পৰা নাছিল। কিন্তু, চুটি ছবিখন বান্দ্ৰা ছবি সমাৰোহৰ ইউটিউব চেনেলত শেহতীয়াকৈ মুকলি কৰি দিয়া হৈছে; ইয়াত ৰণৱীৰ কাপুৰৰ সৈতে অভিনয় কৰিছে ক্ৰমে শৰৎ সক্সেনা, মিলিন্দ যোশী আৰু সুশোবন বেনাৰ্জী। অভয় চোপ্ৰাৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনত পিতা-পুত্ৰ সম্পৰ্কৰ বিষয়ে উপস্থাপন কৰা হৈছিল। যেতিয়া একমাত্ৰ পুত্ৰক মৃত্যুদণ্ড দিয়া হয় তেতিয়া পিতৃৰ মানসিক অৱস্থা কেনে হ’ব পাৰে তাক উপস্থাপনৰ চেষ্টা কৰা হৈছে এই চুটি ছবিখনত। ২০০৪ চনত শ্বুটিং হোৱা এই চুটি ছবিখনৰ দৈৰ্ঘ্য ২৬ মিনিটৰ। সাংঘাতিক দমদাৰ চৰিত্ৰত ৰণৱীৰ কাপুৰক ইয়াত দেখিবলৈ পোৱা গৈছিল।

"সাৱৰিয়া" ৰ পূৰ্বে ৰণৱীৰ কাপুৰে অভিনয় কৰিছিল চুটি ছবিতঃ 2


চলিত বৰ্ষৰ ৯ মাৰ্চ তাৰিখে ৰণৱীৰ কাপুৰৰ মাতৃ নিতু কাপুৰে এক পোষ্ট যোগে জনাইছিল যে নিজ পুত্ৰ ৰণৱীৰ কাপুৰৰ ক’ভিড ৰিজাল্ট পজিটিভ আহিছিল আৰু তেওঁ বাসগৃহত কোৱাৰেন্টাইন হৈ আছে। আলিয়া ভাট আৰু ৰণৱীৰ কাপুৰ ব্যস্ত হৈ আছিল তেওঁলোকৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ ডাবিঙত; কিন্তু, যিহেতু অভিনেতা ৰণৱীৰ কাপুৰ ক’ৰোণা পজিটিভ হ’ল ফলত এই আটাইবোৰ স্তব্ধ হৈ পৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.