Rupaliparda.com
"গীত সমূহত নতুন শব্দৰ সংযোজন কৰি নতুন সোঁৱাদ দিবলৈ অবিৰত চেষ্টা কৰিব লাগে"- দেৱব্ৰত গগৈ 1

“গীত সমূহত নতুন শব্দৰ সংযোজন কৰি নতুন সোঁৱাদ দিবলৈ অবিৰত চেষ্টা কৰিব লাগে”- দেৱব্ৰত গগৈ

“ষোল্ল চন”, “মাজ নিশা”, “তমসা” কে আৰম্ভ কৰি আন কেইবাটাও গীতেৰে জনসাধাৰণৰ মাজত চিনাকী হৈ উঠা নামটো হৈছে দেৱব্ৰত গগৈ। গীত কেইটিৰ মুকলিৰ কিছু মূহুূৰ্ত পিছতেই লাভ কৰা সমাদৰে নৱপ্ৰজন্মৰ এইগৰাকী প্ৰতিভাৰ আহিবলগীয়া বিভিন্নটা প্ৰকল্পক লৈ উৎসাহী সংগীত প্ৰেমী শ্ৰোতা; নৱপ্ৰজন্মৰ মাজৰে এগৰাকী হৈ উলিয়াই অহা দেৱব্ৰত গগৈৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি পাতিছিলো কিছু কথা। শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে। সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত হোৱা উক্ত নৱপ্ৰজন্মৰ প্ৰতিভা দেৱব্ৰত গগৈক সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে সোধাত তেওঁ কয় যে, “সৰুৰে পৰা মোক ৱেষ্টাৰ্ণ পপ মিউজিকে খুবেই আকৰ্ষণ কৰিছিল। দেউতাৰ ফোনত Akon ৰ “Freedom” নামে এলবামটোৰ লগতে Justin Bieber ৰ জনপ্ৰিয় এলবাম “My World” ৰ গানবোৰ অনবৰতে শুনি থাকিছিলো।”

"গীত সমূহত নতুন শব্দৰ সংযোজন কৰি নতুন সোঁৱাদ দিবলৈ অবিৰত চেষ্টা কৰিব লাগে"- দেৱব্ৰত গগৈ 2
"গীত সমূহত নতুন শব্দৰ সংযোজন কৰি নতুন সোঁৱাদ দিবলৈ অবিৰত চেষ্টা কৰিব লাগে"- দেৱব্ৰত গগৈ 3


আগলৈ তেওঁ কয় যে, “পৰৱৰ্তী সময়ত মাহঁতে যেতিয়া জানিবলৈ পাৰিছিলে যে মোৰ সংগীতক লৈ আকৰ্ষণ বাঢ়িছে অথবা মোৰ এই ক্ষেত্ৰখনত কিবা এটা কৰাৰ ইচ্ছা তেতিয়াই আচলতে মাই মোক এখন সংগীতৰ স্কুলত নামভৰ্তি কৰোৱাই দিছিল। কিন্তু, বিশেষ কাৰণবশতঃ মই স্কুলৰ শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিলো যদিও সংগীতৰ প্ৰতি মোৰ আকৰ্ষণ কমি যোৱা নাছিল, চেষ্টা অব্যাহত ৰাখিছিলো এইক্ষেত্ৰখনত আৰু এনেকৈয়ে আৰম্ভ হৈছিল মোৰ সংগীতৰ যাত্ৰাটো।” নৱপ্ৰজন্মৰ অৰ্থাৎ তেওঁলোকৰ প্ৰায় প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁলোকৰ শ্ৰোতাৰ বাবে থকা দায়বদ্ধতা কেনেধৰণৰ বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “গীত প্ৰথমে যেতিয়া কৰিছিলো তেতিয়া অৱশ্যে কেতিয়াও ভবা নাছিলো যে ইমান কম সময়ত অধিক সংখ্যাত জনসাধাৰণ ওলাই আহি আমাক সঁহাৰি জনাব; যিহেটো আমি কোনোজনে বহুলভাৱে সমাদৃত হোৱাৰ কথা ভবা নাছিলো গতিকে প্ৰায় সময়ত ভয় খাওঁ। আনহাতে যদি দায়বদ্ধতাৰ মাজলৈ আহো তেতিয়াহ’লে মই ভাবো যে, আমি একোগৰাকী নৱপ্ৰজন্মৰ আৰ্টিষ্ট ৰূপে যিমান পাৰো নিজৰ প্ৰকল্প সমূহেৰে এটা ধনাত্মক বাৰ্তা প্ৰদানৰ চেষ্টা কৰিব লাগে; গীত সমূহত নতুন শব্দৰ সংযোজন কৰি নতুন সোঁৱাদ দিবলৈ অবিৰত চেষ্টা কৰিব লাগে। ইয়াৰ লগতে, আমাৰ গীত সমূহে যদিহে কোনো এজন ব্যক্তিক অনুপ্ৰেৰিত কৰে তেতিয়াহ’লে মই সফল হ’ম আৰু এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰূপে ইয়াতকৈ অধিক আৰু হয়টো মোক একো নালাগে।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত দেৱব্ৰত গগৈয়ে কয় যে, “প্ৰহেলিকা” বুলি এটা নতুন প্ৰকল্পৰ কথা বহু দিনৰ পৰাই ভাবি আছিলো; ইতিমধ্যে প্ৰকল্পটোৰ বহুখিনি কাম সম্পূৰ্ণ হ’ল আৰু বহুখিনি হ’বলৈ বাকী আছে। এলবামটোৰ কেইটামান গীত হয়টো এইটো মাহতেই মুকলি কৰি দিয়াৰ কথা ভাবিছো।”

"গীত সমূহত নতুন শব্দৰ সংযোজন কৰি নতুন সোঁৱাদ দিবলৈ অবিৰত চেষ্টা কৰিব লাগে"- দেৱব্ৰত গগৈ 4


আগলৈ তেওঁ কয় যে, “শীৰ্ষ গীত “প্ৰহেলিকা” ৰ লগতে আৰু এটা গীত “সঁজা” ক মু্ক্তি দিয়াৰ কথা ভাবিছো। আকৌ পিছলৈ সান্নিধ্য ভূঞা, বেদব্ৰত গগৈৰ লগতে হিমাংশু বুঢ়াগোঁহাই আৰু আন কেইবাগৰাকীৰো সৈতে যুঁটীয়া প্ৰচেষ্টাৰে গীতসমূহক মুকলি কৰাৰ কথা চিন্তা কৰিছো। ৰাইজে যাতে এই কামসমূহ আঁকোৱালি লয় তাকেই আশা কৰিছো; চাওঁচোন আগলৈ কি হয়!” ৰূপালীপৰ্দাৰ তৰফৰ পৰা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাক জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform