Rupaliparda.com
IMDB ৰেটিঙত ছলমান খানৰ ছবিৰ মুখ থেকেচনিঃ 1

IMDB ৰেটিঙত ছলমান খানৰ ছবিৰ মুখ থেকেচনিঃ

ইন্টাৰনেট মু্ভি ডাটাবেচ অৰ্থাৎ IMDB ৰেটিঙত ছলমান খানৰ বহু প্ৰত্যাশিত ছবি “ৰাধে” ক ফ্লপ ঘোষণা কৰা হ’ল। ২.০ পইণ্ট ছবিখনক দিয়াৰ উপৰিও “ৰাধে” ক লৈ চচিয়েল মিডিয়াত ভাইৰেল হৈছে মিমৰো। দৰ্শকে ছলমান খানক চচিয়েল মিডিয়াত বহুল হাৰত সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে; মুঠতে “ৰাধে” ক লৈ উৎসাহিত জনসাধাৰণ বৰ্তমান “ৰাধে” ক এতিয়া বহুল হাৰত কৰিছে সমালোচনা। আনহাতে, এই ছবিখনক ডিজিটেল প্লেটফৰ্ম ZEE5 টো মুকলি কৰি দিয়া হৈছিল; য’ত ছবিখনে প্ৰথমটো দিনতেই লাভ কৰিছে ৪২ লাভ ভিউৱাৰচ। সমান্তৰালকৈ, ডুবাই আৰু আৰৱত ছবিখন মুক্তি লাভ কৰিছিল আৰু তাত ছবিখনে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ইপিনে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীয়ে টুইটাৰত আৰম্ভ কৰিছে আন এক ট্ৰেণ্ড; “#BoycottRadhe” টুইটেৰে তেওঁলোকে ছবিখনক পৰিত্যাগ কৰাৰ কথা ব্যক্ত কৰিছে। বিগত বৰ্ষত হোৱা সুশান্তৰ মৃত্যুৰ পিছত এনে একাংশ আছে যিয়ে বৰ্তমানেও কিছু সংখ্যক বলীউড চিলেব্ৰেটীৰ ওপৰত নিজ ক্ষোভ উজাৰি আছে; আৰু তাৰ মাজত এজন হৈছে ছলমান খানো। গতিকে, যেতিয়া ছলমান খানৰ ছবিয়ে মুক্তি লাভ কৰিলে তেতিয়াই এই ট্ৰেণ্ডৰ আৰম্ভণি হ’ল। আনহাতে, ছবিখনৰ তিনিটা সপ্তাহ পূৰ্বে যেতিয়া ট্ৰেইলাৰ মুকলি কৰা হৈছিল তেতিয়াও অৱশ্যে দৰ্শকৰ এনে বহিষ্কাৰৰ ডিমাণ্ড পৰিলক্ষিত হৈছিল।

IMDB ৰেটিঙত ছলমান খানৰ ছবিৰ মুখ থেকেচনিঃ 2
IMDB ৰেটিঙত ছলমান খানৰ ছবিৰ মুখ থেকেচনিঃ 3


সুশান্তৰ মৃত্যুৰ পিছত বলীউডত যি খেলি-মেলিৰ সৃষ্টি হৈছিল সেয়া অৱশ্যে বৰ্তমানেও অব্যাহত আছে। তেওঁৰ মৃত্যুৰ তদন্ত অব্যাহত থকা উপৰিও নতুন নতুন মূৰ এই ঘটনাত প্ৰায়ে দেখিবলৈ পোৱা গৈছে। সুশান্তৰ ছবিসমূহক লৈয়ে যেন অনুৰাগী সুখী; তেওঁৰ অনুৰাগী সমূহক প্ৰায় চচিয়েল মিডিয়াত তেওঁক লৈ ভিন্ন ধৰণৰ আপডেট দিয়া দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.