Rupaliparda.com
Niri9 য়ে দিছে সুবিধা নৱপ্ৰজন্মক; আহি আছে ইয়াত বিনীত ঝাৰ "ছবি"- 1

Niri9 য়ে দিছে সুবিধা নৱপ্ৰজন্মক; আহি আছে ইয়াত বিনীত ঝাৰ “ছবি”-

ডিজিটেল প্লেটফৰ্ম Niri9 য়ে শেহতীয়াকৈ প্ৰায়সংখ্যক নৱপ্ৰজন্মৰ পৰিচালকক দৰ্শক সমাজৰ সমুখলৈ অহাৰ সুবিধা প্ৰদান কৰিছে। জোনমণি দেৱী খাউণ্ডৰ তত্ত্বাৱধানত মুকলি হোৱা এই এপটোত বৰ্তমানলৈ আমি কেইবাখনো নৱপ্ৰজন্মৰ প্ৰতিভাৰ প্ৰকল্প উপভোগ কৰিছো যিসমূহে দৰ্শক সমাজক আমোদ দিয়াৰ লগতে নৱপ্ৰজন্মৰ এই পৰিচালক সমূহৰ প্ৰতিভাৰ এক সুন্দৰ নিদৰ্শনো দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি বৰ্তমানলৈ Niri9 ত মুক্তিপাবলগীয়া প্ৰায়সংখ্যক প্ৰকল্পৰ বিষয়ে আপোনালোকৰ সমুখলৈ লৈ আনিছো; আহিবলগীয়া প্ৰকল্প সমূহৰ ভিতৰত কিছুদিন পূৰ্বে নিজৰ শ্বুটিং চিড্যুল সম্পূৰ্ণ কৰি উক্ত ডিজিটেল প্লেটফৰ্মত আহিবলৈ সাজু হৈছে এখন চুটি ছবি “ছবি”; এই চুটি ছবিখনৰ নামটোৱে আচলতে জনসাধাৰণক উৎসাহিত তথা আচম্বিত কৰাত সক্ষম হৈছে। নতুন বিষয়বস্তুৰে আহিবলৈ সাজু হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব কিয়নো ইয়াৰ নামটোতেই আছে কিছুমান ব্যতিক্ৰমৰ প্ৰভাৱ। “Miss Match” নামে এখন চুটি ছবিৰ জৰিয়তে দৰ্শকৰ মাজত এগৰাকী পৰিচালক ৰূপে চিনাকী লাভ কৰা বিনীত ঝাৰ এই চুটি ছবিখনে স্তব্ধতাৰ মাজতো আনিছে যেন আশাৰ বতৰা; মনোৰঞ্জন ক্ষেত্ৰখনে কেতিয়াও স্তব্ধতা নাসানে; গতিকে ইয়াত এনে নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তিয়ে উৎসাহিত কৰি ৰখাত সক্ষম হয় সকলোকে।

Niri9 য়ে দিছে সুবিধা নৱপ্ৰজন্মক; আহি আছে ইয়াত বিনীত ঝাৰ "ছবি"- 2
Niri9 য়ে দিছে সুবিধা নৱপ্ৰজন্মক; আহি আছে ইয়াত বিনীত ঝাৰ "ছবি"- 3


আপোনালোকে বাৰু কেতিয়াবা এনে ব্যক্তিক লগ পাইছেনে যিগৰাকীয়ে নিজৰ সপোনটোক লৈ ইমানেই অধিক দৃঢ় যে তেওঁলোকে নিজৰ সপোনটোক পৰিপূৰ্ণ কৰাৰ স্বাৰ্থত কোনোধৰণৰ ভাল-বেয়াৰ চিন্তা নকৰি যিকোনো কামেই কৰি পেলাবলৈ সক্ষম হয়। কেৱল মাত্ৰ, তেওঁলোকৰ সমুখত বৰ্তি থাকে তেওঁলোকৰ জীৱনৰ লক্ষ্য তথা মূখ্য গন্তব্যস্থানটো।বিনীত ঝাৰ পৰিচালনাৰে ইয়াত কাহিনী লিখিছে অচিন্ত কাশ্যপে; আনহাতে চুটি ছবিখনত অভিনয়ো কৰিছে অচিন্ত কাশ্যপে নিজেই। চন্দ্ৰ কুমাৰ দাসৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সংগীত কৰিছে মনদ্বীপ তাৰোয়ে; লগতে চাউণ্ড ডিজাইন আৰু শব্দ সংমিশ্ৰণ কৰিছে হিৰু পৱনে। অংগনা প্ৰীতিৰ সাজসজ্জাৰে ছবিখনৰ সহঃ পৰিচালনাৰ দায়িত্বত আছে ডৰিনা ভূঞা। সম্পাদনা অভিজিৎ ৰয়ৰ। “গানে গানে” শীৰ্ষক গীতটিত কৰা অভিনয়ৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা নৱপ্ৰজন্মৰ অচিন্ত ৰাজ কাশ্যপৰ মনোৰঞ্জন ক্ষেত্ৰখনত আন এক প্ৰতিভাৰো নিদৰ্শন পোৱা যাব।

Niri9 য়ে দিছে সুবিধা নৱপ্ৰজন্মক; আহি আছে ইয়াত বিনীত ঝাৰ "ছবি"- 4

“ছবি” ৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও ইয়াক লৈ অপেক্ষাৰত দৰ্শক সমাজ। প্ৰত্যেকেই এই দিনকেইটাত কিবা এটা নতুন উপভোগৰ মানসিকতাৰে থাকে; গতিকে এনেক্ষেত্ৰত বিনীত ঝাৰ “ছবি” য়ে দৰ্শকক পূৰ্বতকৈ নতুন সোঁৱাদ যোগান ধৰিব পাৰিব বুলি আমি নিশ্চিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform