বিগত দুই-তিনিটা বৰ্ষৰ পৰা অসমীয়া সংগীত ক্ষেত্ৰখনত কেইটামান এনে গীতৰ সৃষ্টি হৈছে যিকেইটাই শেহতীয়াকৈ দৰ্শক-শ্ৰোতাৰ বহুল হাৰত ধ্যান আকৰ্ষণত সক্ষম হৈছে। “অলকানন্দা”, “নক্ষত্ৰ” ৰ পৰা আৰম্ভ কৰি “জীপাল ২.০” অথবা “তুমি সুবাস”,” মৌন আকাশ”, “ভালপাব খোজো আকৌ এবাৰ” ইত্যাদি বিভিন্নটা গীত মুক্তিৰ ইমান দিন পিছতো গীতকেইটিয়ে শ্ৰোতা-দৰ্শকৰ প্লে-লিষ্টত ঘূৰিবলৈ সক্ষম হৈছে। মুঠতে, শেহতীয়াকৈ মুক্তি লাভ কৰা একোটা গীত ইমান গভীৰ যে ই শ্ৰোতাৰ হৃদয়ৰ অন্তৰ্নিহিত ভাৱানুভূতিক তৎক্ষণাত আকৃষ্ট কৰি তুলিব পাৰে। সদ্যমুক্তিপ্ৰাপ্ত উশাহক কেন্দ্ৰ কৰি মুক্তি লাভ কৰিছিল এটি সুন্দৰ গীত “জীৱনৰ উশাহ”। গীতটিত হাজাৰ হাজাৰ শ্ৰোতাই আহি ভিৰ কৰা নাই যদিও গীতটিৰ কমেন্ট বক্সত থকা কমেন্ট সমূহৰ পৰাই জানিব পৰা যায় যে গীতটিয়ে কিমান সুন্দৰকৈ প্ৰতিজন শ্ৰোতাক সংযোগ কৰিব পাৰিছে। আমি প্ৰায়ে সংগীতশিল্পী সমূহক কৰা প্ৰশ্নটো আছিল এনেধৰণৰ যে তেওঁলোকক সংগীতৰ কোনটো উপাদানে অধিক আকৰ্ষণ কৰে? ইয়াৰ উত্তৰত প্ৰায় প্ৰত্যেকেই দিয়া উত্তৰটোত আছিল “সংগীতৰ কথা”। অৱশ্যে, সংগীতৰ কথাত যেতিয়া গুৰুত্বপূৰ্ণ বাখ্যা সোমাই থাকে তেতিয়াই আচলতে একোটা গীতে আকৰ্ষণ কৰে শ্ৰোতাক।
শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি প্ৰত্যেকজন শ্ৰোতাক এনে এটা গীতৰ খুবেই প্ৰয়োজন হয়। “জীৱনৰ উশাহ” শীৰ্ষক এই গীতটিত কথা দিগন্ত ৰৌমূৰীয়াৰ; ইয়াত কন্ঠদান কৰিছে ময়ূৰপংখী চেতিয়াই লগতে গীতটিত সুৰ কৰিছে নৱপ্ৰজন্মৰ জনপ্ৰিয় প্ৰতিভা সান্নিধ্য ভূঞাই। সংগীত প্ৰযোজনা আৰু গীতাৰ বজাইছে ঋতুৰাজ গগৈয়ে আৰু এডিশ্বনেল সংগীত প্ৰযোজনা ঋষিৰাজ গগৈৰ; বাঁহী বজাইছে লক্ষীনন্দন লাহনে লগতে শব্দ-সংমিশ্ৰণ কৰিছে প্ৰণয় দত্তই। নৱপ্ৰজন্মৰ সৃষ্টি সমূহক লৈ বৰ্তমান সাধাৰণজনৰ সমান্তৰালকৈ একোগৰাকী প্ৰতিষ্ঠিত সংগীতশিল্পীও অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা হাতত লৈছে। এতিয়া এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ দায়বদ্ধতা হৈছে যে তেওঁলোক আঁসোৱাহবোৰ আঙুলিয়াই তেওঁলোকৰ সুন্দৰ সৃষ্টিসমূহ আঁকোৱালি লোৱাটো।
উক্ত গীতটিৰ সৈতে জড়িত প্ৰতিজন নৱপ্ৰজন্মৰ প্ৰতিভাক আগুৱাই যোৱাৰ কামনা কৰিছো। লগতে, ৰূপালীপৰ্দাৰ তৰফৰ পৰা এওঁলোকলৈ যাঁচিছো অশেষ শুভকামনা।
Add comment