Rupaliparda.com
পংকজ গগৈৰ পৰিচালনাৰে নতুন ধাৰাবাহিক "নেদেখা ফাগুন"- 1

পংকজ গগৈৰ পৰিচালনাৰে নতুন ধাৰাবাহিক “নেদেখা ফাগুন”-

ৰেঙনী চেনেল যোগে সম্প্ৰচাৰ লাভ কৰিছে আন এখন নতুন ধাৰাবাহিক “নেদেখা ফাগুন”।কেইখনমান চিনাকী মুখৰ সৈতে শেহতীয়াকৈ ধাৰাবাহিকখনে ৰাইজৰ কাষ চাপি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত আৰু ১১.৩০ বজাত সম্প্ৰচাৰ লাভ কৰিব এই ধাৰাবাহিকখনে। আপোনালোকৰ “নূপুৰ” ধাৰাবাহিকখনৰ কথা নিশ্চয় মনত আছে? উক্ত ধাৰাবাহিকখনৰেই পৰিচালনাৰ সৈতে জড়িত পৰিচালক পংকজ গগৈয়ে শেহতীয়াকৈ পৰিচালনা কৰিছে এই ধাৰাবাহিকখনো। “নূপুৰ” ধাৰাবাহিকখনৰেই দুই মূখ্য চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা-অভিনেত্ৰী ক্ৰমে সুব্ৰত কাকতি আৰু জুনু নাথক দেখিবলৈ পোৱা গৈছে ধাৰাবাহিক “নেদেখা ফাগুন” ত। আনহাতে, এই ধাৰাবাহিক খনত মূখ্য চৰিত্ৰত আছে অভিনেতা কিশোৰ দাসো। ভৰত কলিতাৰ দ্বাৰা প্ৰযোজিত এই ধাৰাবাহিকখনৰ সহঃ পৰিচালনাৰ দায়িত্বত আছে অজন্তা বসুমতাৰী আৰু পৱিত্ৰ খাউণ্ড; দৃশ্যগ্ৰহণ কৰিছে বিশ্বজিৎ চাংমাইয়ে লগতে ইয়াত ধাৰাবাহিক খনৰ কাহিনী লিখিছে প্ৰণৱ বৰুৱাই। সম্পাদনা দীপজ্যোতি দাসৰ আৰু প্ৰডাকচন মেনেজাৰ ৰূপে আছে উৎপল কলিতা।

পংকজ গগৈৰ পৰিচালনাৰে নতুন ধাৰাবাহিক "নেদেখা ফাগুন"- 2


ধাৰাবাহিকখনৰ শীৰ্ষ গীতত কন্ঠদান কৰিছে নীল আকাশে। গীতটিত কথা আৰু সুৰ গীতাৰ্থ গিৰিনৰ লগতে সংগীত পলাশ গগৈৰ। ৰূপসজ্জা হীৰক আৰু বাবলুৰ। ডাবিং কৰিছে প্ৰাঞ্জলে; ধাৰাবাহিকখনক লৈ প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰেই অনুৰাগী উৎসাহিত হৈছে। সম্পৰ্ক সমূহক কেন্দ্ৰ কৰি নিৰ্মিত ধাৰাবাহিকখনে সহজে দৰ্শকক আকৰ্ষণ কৰিব পাৰিব বুলিও নিশ্চিত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.