Rupaliparda.com
অভিনেত্ৰী শিল্পা ছেট্টীৰ পজিটিভ বাৰ্তাঃ 1

অভিনেত্ৰী শিল্পা ছেট্টীৰ পজিটিভ বাৰ্তাঃ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী প্ৰায়ে নিজৰ ফিটনেছ আৰু সৌন্দৰ্য্যৰ বাবে চচিয়েল মিডিয়াত খলকনি তুলি ৰাখে। তেওঁৰ ফটো অথবা ভিডিঅ’ সমূহ ভাইৰেল হোৱাটো তেনেই যেন সহজ কথা; শেহতীয়াকৈ চচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে অনুপ্ৰেৰণা দিছে নিজ অনুৰাগীক। কেনেদৰে নিজৰ দেহ-মনক সূস্থ কৰি ৰাখিব পৰা যায় তাৰ এক সুন্দৰ বাখ্যা দাঙি ধৰিছে শিল্পা ছেট্টীয়ে। পোষ্টটোক শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখে যে, “ইজনে আনজনক সহায় কৰাৰ পূৰ্বে আমি নিজৰ বাবে ঠিক হ’ব লাগে। অইন প্ৰত্যেকটো বস্তুৰ পূৰ্বে প্ৰাথমিক ৰূপে চাব লাগে নিজেই নিজক; আপুনি নিজে কি বিচাৰে তাৰ বিচাৰ কৰাত লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। কৃপা কৰি, নিজৰ খোৱা-বোৱাৰ লগত কোনোধৰণৰ হেমাহি নকৰিব।” আগলৈ তেওঁ কয় যে, “যেতিয়া লাগিব যে আপোনাৰ আশে-পাশে থকা কোনো বস্তু ঠিক হৈ থকা নাই তেতিয়া আপুনি নিজৰ পিঠিখন চিধাকৈ ৰাখি জিভাখন মুখৰ ভিতৰলৈ নি তালু অংশত চুই আকৌ তললৈ পেলাই দিয়ক। কান্ধ দুটাক ঢিলাকৈ এৰি চকু মুদি দীঘলকৈ এবাৰ উশাহ লওঁক। দেখিব যে আপুনি আশে-পাশে থকা প্ৰতিটো বস্তু ধনাত্মক ৰূপে দেখিবলৈ পাব।”

অভিনেত্ৰী শিল্পা ছেট্টীৰ পজিটিভ বাৰ্তাঃ 2


আহিবলগীয়া সময়ত অভিনেত্ৰী শিল্পা ছেট্টীক দেখিবলৈ পোৱা যাব “হাংগামা ২” ত। বিগত বহু দিনৰ পৰা ডাঙৰ পৰ্দাৰ পৰা আঁতৰি আছিল অভিনেত্ৰী গৰাকী কিন্তু নৃত্যৰ ৰিয়েলিটী শ্ব’ ত তেওঁক এগৰাকী প্ৰশিক্ষক ৰূপে পাইছিল জনসাধাৰণে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform