কেওঁদিশ কেৱল মাত্ৰ ঋণাত্মক খবৰেই গ্ৰাস কৰিছে; ক’ৰবাত যদি আপোনজনৰ মৃত্যুৰ খবৰ আকৌ আনহাতে কোনোজন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ। মহামাৰীৰ খবৰে প্ৰত্যেককে সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে; কিন্তু তাৰ মাজতে এগৰাকী অসম সন্তানে আনিছে এটা আনন্দৰ বাতৰি। এই খবৰে উৎসাহিত কৰিছে সমগ্ৰ অসমবাসীক; এই খবৰ তথা দৰ্শকৰ বাবে গৌৰৱ কঢ়িয়াইছে মঙলদৈ নিবাসী অভিনেতা দ্বীপজ্যোতি কলিতাই। অহা ৪ তাৰিখৰ পৰা ১৩ জুনলৈ নিউয়ৰ্কত হ’বলগীয়া নিউয়ৰ্ক-ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপত মনোনয়ন লাভ কৰাত সক্ষম হৈছে এইগৰাকী অভিনেতাই; “বৰষুণ- চংছ ফ’ৰ ৰেইন” নামে ছবিখনত কৰা অভিনয়ৰ বাবে মঙলদৈৰ সন্তান দীপজ্যোতি কলিতাই লাভ কৰিছে এই মনোনয়ন। আনহাতে উল্লেখ্য যে, উক্ত ছবিখনৰ পৰিচালক কৃষ্ণকান্ত বৰাইও এই ছবি সমাৰোহ খনত শ্ৰেষ্ঠ পৰিচালকৰ শিতানত মনোনয়ন লাভ কৰিছে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক আচলতে আমি এনেই শ্ৰেষ্ঠ অথবা অইনতকৈ সুকীয়া বুলি কয় নেপেলাওঁ; ইয়াৰ আঁৰত আছে যথেষ্ট এনেধৰণৰ কাৰণ। অভিনয় দিশটোতেই যদি আমি নিৰ্দ্দিষ্টকৈ চকু ফুৰাও তেতিয়াহ’লে দেখিবলৈ পোৱা যাব যে ইয়াত অন্তৰ্ভূক্ত অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয়ক লৈ দৃঢ়তা, সমৰ্পন, নিষ্ঠা আদি। শেহতীয়াকৈ দীপজ্যোতি কলিতাৰ বাবে অহা এনে সু-খবৰে সমগ্ৰ অসমবাসীৰ মাজত আশাৰ ৰেঙণিৰ সৃষ্টি কৰিছে; চচিয়েল মিডিয়াতো তেওঁক লৈ গৌৰৱ অনুভৱ কৰা বুলি একাংশই পোষ্ট শ্বেয়াৰ কৰিছে। আচলতে, এয়াই ভাল লগা কিয়নো আমি আগতেও কৈছো যে সাম্প্ৰতিক পৰিস্থিতিত অকণমান হাঁহিবলৈ অৱকাশ পোৱা মানেই হৈছে সকলোৰে বাবে এক প্ৰশান্তি। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি শেহতীয়াকৈ এইগৰাকী অভিনেতা দীপজ্যোতি কলিতাৰ সৈতে এক্সক্লুচিভলি পাতিছিলো কিছু কথা বতৰা।


অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই সৰুৰে পৰাই অভিনয়ৰ প্ৰতি আগ্ৰহী; স্কুলীয়া জীৱনৰ পৰাই মঞ্চৰ লগত জড়িত হৈছিলোঁ। পৰৱৰ্তী সময়ত, মঙ্গলদৈ নাট্য সমাজৰ লগত নাট্য চৰ্চাত মনোনিৱেশ কৰিছিলোঁ; ২০১৫ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিক্কিমৰ পৰা নাট্য শিল্পত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি অবিৰত ভাবে নাট্য চৰ্চা কৰি আছো। সমান্তৰালকৈ, এখন নাট্য বিদ্যালয় আৰু এটি জাগ্ৰত ৰংগশালা নামেৰে “thetre space” বনাই শিশুসকলৰ বাবে নাট্যপৰিবেশ গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছোঁ।” এইখিনিতে, আপোনালোকক জনাই থওঁ যে, মঙলদৈত গঠন হোৱা উক্ত জাগ্ৰত সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা দীপজ্যোতি কলিতাই বহু নতুন প্ৰজন্মৰ প্ৰতিভাক উদ্ভাসিত কৰিবলৈ নিৰৱিচ্চিন্ন প্ৰচেষ্টা হাতত লৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপত মনোনয়ন লাভ কৰাক লৈ তেওঁৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, ” খবৰটো শুনি খুবেই সুখী হ’লো; প্ৰথমেই অনুভৱ হৈছিল পৰিচালক কৃষ্ণকান্ত বৰাই বিচৰামতে চাগে মই চৰিত্ৰটো কিছু দূৰ ৰূপায়ন কৰিবলৈ সক্ষম হোৱা যেন লাগিছিল; আচলতে, আমাৰ শিল্পী সকলৰ মানসিক শান্তি তেতিয়াই হয় যেতিয়া আমি কৰা কামটোক দৰ্শক ৰাইজে আদৰি লয় আৰু মৰম দিয়ে; নিজতকৈ বেছি সুখী হৈছিলোঁ যেতিয়া গম পালোঁ আমাৰ ছবি ‘বৰষুণ – SONGS FOR RAIN” য়ে মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ আমাৰ পৰিচালকে ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ শিতানত মনোনয়ন পাবলৈ সক্ষম হৈছে। ছবিখনৰ পৰা মই বহুত শিকিলোঁ আৰু গোটেই টীমটো ইমান ধুনীয়াকৈ সহযোগিতাৰে কাম কৰিছিল যে সেয়া এক সুকীয়া অনুভৱ; ছবিখনৰ ক্ষেত্ৰত সঁচাকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল প্ৰযোজক জেমিনী ফুকন ইংতি, সঞ্জীৱ ইংতি আৰু অনুজ শংকৰ বৰুৱা ডাঙৰীয়াই।”

আগলৈ তেওঁ কয় যে, “এই ছবিখনত আমি ৫-৬ গৰাকীয়েহে প্ৰফেচনেল অভিনেতা অথবা অভিনেত্ৰী আছিলো; বাকী ছবিখনত থকা প্ৰায় সংখ্যক অভিনেতা-অভিনেত্ৰীয়ে আছিল গাঁৱৰ স্থানীয় নিবাসী সকল।” দীপজ্যোতি কলিতাক ছবিখনৰ সফলতা তথা তেওঁৰ আহিবলগীয়া প্ৰতিটো প্ৰকল্পৰ বাবে তেওঁলৈ জনাইছো অশেষ শুভকামনা।
Add comment