Rupaliparda.com

জয়া আখতাৰৰ বাসগৃহত চিলেব্ৰেটীৰ সোঁতঃ

ক’ৰোণা মহামাৰীৰ বাবে মহাৰাষ্ট্ৰত বিগত দিনত “লক-ডাউন” ৰ দৰে সংক্ৰমণ ৰোধৰ বাবে কিছু উপায় গ্ৰহণ কৰা হৈছিল। কিয়নো ক’ৰোণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে মুম্বাইস্থিত অধিকাংশ চিলেব্ৰেটীক নিজ আগ্ৰাসনত লোৱা খবৰ আমি পাইছিলো।তেওঁলোকে নিজেই চচিয়েল মিডিয়া যোগে সেই খবৰ আমাক জনাইছিল। কিন্তু, দীৰ্ঘদিনীয়া “লক-ডাউন” ৰ পিছত বৰ্তমান পৰ্যায়ক্ৰমে “আনলক” প্ৰক্ৰিয়াৰ আৰম্ভণি হৈছে। এই আনললৰ সৈতেই চিলেব্ৰেটী সকলেও শ্বুটিং সমূহ আৰম্ভণিৰ বাবে ব্যস্ত হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিততে, কেটৰিণা কাইফৰ লগতে ৰণৱীৰ সিং, পৰিচালক ৰীমা কাগতি তথা অভিষেক বচ্চনৰ জীয়ৰী স্বেতা বচ্চন নন্দাক ছবি নিৰ্দেশক জয়া আখতাৰৰ ঘৰৰ বাহিৰত দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতেই চৰ্চাৰ বিষয় হৈছে যে তেওঁলোকে কোনো ছবিৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইয়াৰ লগতে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কোৱা অনুসৰি ৰণৱীৰ সিঙৰ লগতে ৰীমা কাগতি আৰু শ্বেতা বচ্চন নন্দাই প্ৰথমৰ পৰাই জয়া আখতাৰৰ বাসগৃহত আছিল। তাৰ পিছতহে, কেটৰিণা কাইফ আহি তেওঁলোকক লগ দিয়ে। সকলোৰে সৈতে এই মিটিঙখন প্ৰায় ডেৰ ঘণ্টা পৰ্যন্ত চলিছে। এই মিটিঙখনৰ পিছতেই কোৱা হৈছে যে তেওঁলোক আটাইয়ে কোনো ছবিৰ পৰিকল্পনাৰ সৈতে ব্যস্ত হৈছে চাগে।


কেটৰিণা কাইফক আহিবলগীয়া সময়ত বহু প্ৰত্যাশিত কেইবাখনো ছবিৰ সৈতে তেওঁক দেখিবলৈ পোৱা যাব। আনহাতে, ৰণৱীৰ সিঙকো ছবি “৮৩” তথা “চাৰ্কাছ” ত দেখিবলৈ পোৱা যাব। আনহাতে, ৰণৱীৰ সিঙক কৰণ জহৰৰ ছবি “তখ্ত”দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform