Rupaliparda.com
প্ৰেমত থাকে জানো বয়সৰ অংক! উপভোগ কৰক চুটি ছবি "তুমি মোৰ"- 1

প্ৰেমত থাকে জানো বয়সৰ অংক! উপভোগ কৰক চুটি ছবি “তুমি মোৰ”-

ভালপোৱা অথবা ভাললগা বোৰৰ সৈতে যুক্তি/অযুক্তিকৰ কথাবোৰ আমি খাপ খুৱাবলৈ বেয়া পাওঁ। নহয়নে? এই ভাললগাবোৰৰ সৈতে আনকি আমি প্ৰাপ্তি/ অপ্ৰাপ্তিকো আমি সাঙুৰিবলৈ বেয়া পাওঁ। ভালপোৱা জনৰ সৈতেই আমি ব্যস্ত হ’ব বিচাৰো; প্ৰতিটো সময়ত। প্ৰেম, ভালপোৱা, আৱেগ, মৰম, স্নেহ! আৰু ক’ত যে কি?”প্ৰেম” ত কোনো নিৰ্দ্দিষ্ট এক বয়স নাথাকে; উচ্চ-নীচ ভাৱ অথবা প্ৰেমাস্পদক ভালপোৱাৰ কোনো নিৰ্দ্দিষ্ট সময়ো নাথাকে। নক’লেও নাইবা সুন্দৰকৈ বুজাই নিদিলেও ইজনৰ আনজনৰ প্ৰতি থকা আন্তৰিকতাবোৰ সদায়েই ৰৈ যায়। নিজৰ সক্ষমতাৰ বাহিৰলৈ গৈ কিবা এটা প্ৰদান কৰাৰ অপাৰ ইচ্ছাই “প্ৰেম” ক আৰু গভীৰ কৰি তোলাত সহায় কৰে। আচলতে, ভালপোৱা তথা প্ৰেম আদি বিষয়বোৰৰ কথাসমূহ যিমানেই দীঘলীয়া; সিমানেই সুন্দৰ আৰু গ্ৰহণযোগ্য। পূৰ্বতেও উল্লেখ কৰিছো যে সংজ্ঞাহীন “প্ৰেম” ৰ জন্মৰ নিৰ্দ্দিষ্টতা নাথাকে। মোটা পকেটৰ অংক লৈ ডাঙৰ অট্টালিকাত থকা মানসিকতাৰে প্ৰেমত বিলীন নহয় ব্যক্তিবিশেষ। ফুটপাথতো এনে সপোন উৰি ফুৰে; অৱশ্যে, সম্পৰ্কবোৰৰ মাজত যেতিয়া সুঁতিটো মজবুত হৈ থাকে তেতিয়া পৰিস্থিতিয়ে নিজেই হাৰ মানিবলগীয়া হয়। কিছুমান প্ৰেম অব্যক্ত; ভালপোৱাজনক বুজাব নোৱাৰিলেও তেওঁক লৈ থকা হেঁপাহবোৰ নিজৰ মাজতেই সামৰি আগবাঢ়ি যাবলগীয়া হয়। এনে লাগে যেন, নিজৰ প্ৰেম প্ৰেম লগা অনুভূতিটোত নিজৰেই অধিকাৰ আছে। আচলতে, এই আটাইবোৰ অনুভূতিয়ে ভাললগা।


শেহতীয়াকৈ, এনে প্ৰেম-প্ৰেম লগা অনুভূতিৰে মুক্তি লাভ কৰিছে এখন চুটি ছবি “তুমি মোৰ”। সমাজখনক আওঁকাণ কৰি যদি কেতিয়াবা আগবাঢ়িবলগীয়া হয় অথবা কোনো সিদ্ধান্ত ল’বলগীয়া হয় তেতিয়া অৱশ্যে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় যদিও নিজৰ সুখ সন্নিৱিষ্ট হোৱা ব্যক্তিগৰাকীক কোনো প্ৰত্যাহ্বানৰ বশৰ্ৱতী হৈও এৰিব পৰা নাযায়। তেনেই এটা কাহিনীক উপস্থাপন কৰা হৈছে উক্ত চুটি ছবিখনত। “তুমি মোৰ” ৰ পৰিচালনা তথা চিত্ৰনাট্য কিশোৰ বৰুৱাৰ আৰু কাহিনীভাগ থমাছ ৰাজখোৱাৰ লগতে পিংকল প্ৰত্যুষৰ। ইয়াত অভিনয়ো কৰিছে ক্ৰমে পিংকল আৰু মধুস্মিতা বৰাই; এগৰাকী সংগীতশিল্পী হোৱাৰ সমান্তৰালকৈ চুটি ছবিখনত পিংকলৰ অভিনয়ো আচলতে লেখত ল’বলগীয়া। আনহাতে, চুটি ছবিখনত দৃশ্যগ্ৰহণ আৰু ৰং বাদুৰ্য্য সেনাপতিৰ। ৰূপসজ্জা প্ৰিয়াশ্ৰীৰ লগতে পূজা ঢেকীয়ালৰ। ভইচ অভাৰ দিছে জনপ্ৰিয় আৰ.জে প্ৰণামিকা ভূঞা অৰ্থাৎ আৰ.জে পাহীয়ে। আলহী অভিনেতা সমৰ বৰুৱা। সমান্তৰালকৈ, চুটি ছবিখনত সংযোজিত গীতটিত কথা সমৰ ৰয়ৰ আৰু কণ্ঠদান কৰাৰ লগতে সুৰ দিছে মিজ্জু মিৰ্জানুৰে। আৱহ সংগীত পিংকলৰ। মুক্তিৰ পিছতেই বহুলভাৱে সমাদৃত চুটি ছবিৰ মাজৰ এখন হৈ পৰিছে “তুমি মোৰ”। বহু দৰ্শকে নিজ বাস্তৱ জীৱনৰ কাহিনীভাগৰ সৈতে চুটি ছবিখনক সংযোগ কৰিব পৰা বুলিও ইতিমধ্যে কমেণ্ট কৰিছে একাংশ।

প্ৰেমত থাকে জানো বয়সৰ অংক! উপভোগ কৰক চুটি ছবি "তুমি মোৰ"- 2


চুটি ছবিখন আৰু জনপ্ৰিয়তাক চুমুক দিয়াৰ কামনা কৰাৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform