Rupaliparda.com
BSF জোৱানৰ সৈতে অক্ষয় কুমাৰৰ হাঁহি-ধেমালিঃ 1

BSF জোৱানৰ সৈতে অক্ষয় কুমাৰৰ হাঁহি-ধেমালিঃ

অক্ষয় কুমাৰৰ প্ৰত্যেকখন ছবিত তেওঁ সেনা জোৱান সকলৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান আমি দেখি আহিছো। আনকি, অভিনেতা গৰাকীৰ ব্যক্তিগত জীৱনটো এই জোৱান সকলৰ এজন সক্ৰিয় প্ৰশংসক। শেহতীয়াকৈ, অভিনেতা অক্ষয় কুমাৰে লগ পাবলৈ গৈছিল বৰ্ডাৰ স্থিত সৈনিক সকলক আৰু তাতেই তেওঁলোকে কৰা মনোৰঞ্জনৰ কিছু কিছু ফটো ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। জম্মু কাশ্মীৰৰ বান্দীপোৰা জিলাৰ সীমাৰ সমীপৱৰ্তী তেলেলু গাঁৱত স্থিত এখন স্কুলৰ বাবে অভিনেতা গৰাকীয়ে ১ লাখ টকাৰ অনুদান আগবঢ়ায়। এই স্কুল খনৰ নাম তেওঁৰ পিতৃ হৰি ঔঁম ৰ নামেৰে ৰখা হ’ব। বিগত বৃহস্পতিবাৰৰ দিনটোত সীমালৈ গৈ অক্ষয় কুমাৰে BSF জোৱানসকলৰ সৈতে হাঁহি-ধেমালি কৰাৰ উপৰিও এনেধৰণৰ এক সুন্দৰ কামৰ বাবে অনুদান আগবঢ়ায়।কোনো কোনো জোৱানৰ সৈতে তেওঁ পাঞ্জা অথবা ভলীবল খেলা; আনহাতে আন একাংশৰ সৈতে নৃত্য কৰা কিছু ফটোৱে বৰ্তমান খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াত। অভিনেতা অক্ষয় কুমাৰ এনে এগৰাকী অভিনেতা যিয়ে প্ৰতিটো সময়ত সামাজিক অথবা প্ৰাকৃতিক ব্যাধিৰ ফলত হোৱাত ক্ষতিক লৈ নিজ অনুদান আগবঢ়াই আহিছে। অক্ষয় কুমাৰৰ অনুৰাগী সকল এই কথাটোৰ বিষয়ে খুব ভালকৈ অৱগত যে অক্ষয় কুমাৰে ইখনৰ পিছত সিখন ছবিৰ সৈতে কোনো ধৰণৰ আহৰি নোলোৱাকৈয়ে জড়িত হৈ থাকে। তেওঁ ইখন ছবিৰ শ্বুটিং সমাপ্ত কৰিয়েই ঢাপলি মেলে সিখন ছবিৰ শ্বুটিং চিড্যুললৈ।


এইখিনিতে, আপোনালোকক জনাই থওঁ যে; অহা ২০২২ মুক্তি পাবলগীয়া প্ৰতিখন ছবিৰ বাবে অক্ষয় কুমাৰে নিজৰ ফিজৰ মানদণ্ড বঢ়াই দিছে। তেওঁৰ আহিবলগীয়া প্ৰতিখন ছবিৰ বাবদ বৰ্তমান মাননী ল’ব ১৩৫ কোটি টকালৈ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.