কথাতে কয়, এগৰাকী শিল্পীয়ে হেনো নিঁয়ৰতো সপোন ৰচে। ডাৱৰৰ সৈতেও খেলা কৰিব পাৰে; আচলতে, এই কথাবোৰ কল্পনা ৰাজ্যতে আমি সীমাবদ্ধ হৈ থকা বুলি ভাবিছিলো। কিন্তু, শেহতীয়াকৈ এগৰাকী চিত্ৰশিল্পীয়ে তেওঁৰ কল্পনাৰ পৃথিৱীত খন ৰূপায়িত কৰিলে বাস্তৱত। যোৰহাটৰ এগৰাকী যুৱকে মকৰা জালতেই অংকন কৰিলে কেইবাখনো হৃদয়স্পৰ্শী চিত্ৰ; তেওঁৰ এই প্ৰতিভাই চচিয়েল মিডিয়াৰ লগতে সংবাদ ক্ষেত্ৰখনতো খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ব্যৱহাৰিক সামগ্ৰী বোৰৰ উৰ্দ্ধত গৈও যে এগৰাকী চিত্ৰশিল্পীয়ে মকৰা জাল পৰ্যন্ততো নিজ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে; সেয়াই আচৰিত। অভিনেতা-অভিনেত্ৰী তথা একোগৰাকী গায়ক-গায়িকাই যেনেদৰে দৰ্শক তথা শ্ৰোতাক আমোদ প্ৰদানৰ ক্ষমতা ৰাখে ঠিক তেনেদৰে একোগৰাকী চিত্ৰকাৰেও একোখন চিত্ৰ অংকনেৰে প্ৰশান্তি যুগুতাই দৰ্শকৰ মনত। সেইবাবেই আমি একোখন ছবি অথবা এটা গীত উপভোগ কৰাৰ সমান্তৰালকৈ এখন চিত্ৰৰ উপভোগ কৰিও আমোদ লাভ কৰো। অসম তথা একোগৰাকী অসমীয়া প্ৰতিটো দিশতেই আগৰণুৱা; সেয়া মনোৰঞ্জনেই হওঁক অথবা অইন কোনো দিশতেই হওঁক। আজিৰ দেওবৰীয়া সাক্ষাৎকাৰত আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এইগৰাকী চিত্ৰশিল্পী হিমাংকু দাসক; জানিবলৈ বিচাৰিছিলো কিছু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ শেহতীয়াকৈ লাভ কৰা জনপ্ৰিয়তা আৰু ৰাইজৰ আপোনাক দিয়া সমাদৰ; আপুনি কি ক’ব?
হিমাংকু দাসঃ যদিও কেতিয়াও জনপ্ৰিয়তাৰ আশাত ৰং-তুলিকা হাতত তুলি লোৱা নাছিলোঁ তথাপিও সমৰ্থকৰ সমাদৰে স্বাভাৱিকতেই আনন্দিত কৰি তুলিছে। ৰাইজৰ শুভকামনা সদায়েই মোৰ বাবে সাহস হৈ ৰ’ব; ৰাইজেই ভাঙে আৰু ৰাইজেই পাতে বুলি যিহেতু এষাৰ কথা আছে তাৰ প্ৰতি সদায়েই সচেতন হ’ম আৰু নতুন নতুন কাম কৰাৰ বাবে যত্নকৰ হ’ম।
প্ৰশ্নঃ এগৰাকী “চিত্ৰশিল্পী” ৰূপে আপোনাৰ আৰম্ভণিৰ বিষয়ে জানিব বিচাৰিম।


হিমাংকু দাসঃ আৰম্ভণিতে বুলি ক’বলৈ গ’লে বিদ্যালয়ত আখৰ চিনি পোৱাৰে পৰা ৰং ভাল পাইছিলোঁ যদিও আনুষ্ঠানিকভাৱে চতূৰ্থ শ্ৰেণীৰ পৰা চিত্ৰকলাৰ শিক্ষা লাভ কৰিছিলোঁ আৰু সোভাগ্যক্ৰমে সেইখন বিদ্যালয়তে চিত্ৰকলাৰ শিক্ষক হিচাপে প্ৰথম যোগদান কৰিবলৈ সুবিধা পাইছিলোঁ। পৰৱৰ্তী সময়ছোৱাত, নিজাববীয়াকৈ চিত্ৰকলা বিদ্যালয় খুলি তাত নিজাকৈ সদায় শিকিয়েই গৈছিলো। নতুন নতুন তথা বিভিন্ন বস্তুৰ ওপৰত কেনেদৰে চিত্ৰ অংকণ কৰিব পাৰি তাৰ প্ৰতি কিন্তু সৰুৰে পৰা নিজ চেষ্টা অব্যাহত ৰাখিছিলো; লগা হ’লে সেয়া কেনভাছেই হওঁক অথবা টেবলেট নাইবা ডলাই হওঁক। চৰাইৰ পাখি অথবা শেহতীয়াকৈ যি মকৰাজালত অংকনৰ প্ৰয়াস কৰিলোঁ, সেয়াই হওঁক।
প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।
হিমাংকু দাসঃ পৰিকল্পনাৰ আউটিত বহুদিনৰে পৰা এটা সপোন কঢ়িয়াই ফুৰিছো; এটা আৰ্ট গেলাৰীৰ প্ৰতিষ্ঠা কৰাৰ ইচ্ছা আছে য’ত প্ৰকৃতাৰ্থত চিত্ৰৰ অথবা কলাৰ সাধনা হ’ব। কোনো ধৰণৰ বয়সৰ নিৰ্দ্ধাৰিত সীমা নথকাকৈ সকলোৱে আহি নিজকে ৰঙৰ মাজত ডুবাই ৰাখক।

প্ৰশ্নঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?
হিমাংকু দাসঃ “শিল্পী” হৈছে এক সৃষ্টিৰ সত্ত্বা। মই ভাবো, যিয়ে শিল্প বা কলাক অনন্য আৰু নব্য যাত্ৰা প্ৰদান কৰি দাঙি ধৰে তেৱেই “শিল্পী”; এক কথাত ক’বলৈ গ’লে, শিল্পৰ সৃষ্টিকৰ্তাই শিল্পী, ই লাগিলে সংগীত, নাটক, চিত্ৰকলা যিয়েই নহওঁক। আনহাতে, আমিটো জানোৱেই নতুনৰ আৰাধনাই “শিল্প”।

Add comment